ককবৰক | |
---|---|
ত্ৰিপুৰী, তিপ্ৰা, তিপ্ৰাচা | |
ককবৰক | |
থলুৱা অঞ্চল | ভাৰত, বাংলাদেশ |
অঞ্চল | ত্ৰিপুৰা, অসম, মিজোৰাম, ম্যানমাৰ, চিটাগাং পাৰ্বত্য অঞ্চল, কুমিল্লা, চাঁদপুৰ, ছিলেট, ৰাজবাড়ী জিলা, ফেনী জিলা, নোৱাখালী জিলা |
জাতীয়তা | ত্ৰিপুৰী |
স্থানীয় ভাষিক |
e18 |
ভাষা পৰিয়াল |
চীন-তিব্বতীয়
|
পূৰ্বসূৰী |
Early Tipra
|
লিখন প্ৰণালী | কলমা (original) Bengali–Assamese script (official) Latin/Roman alphabet (official) |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ভাৰত |
ভাষা সংকেত | |
ISO 639-3 | Variously: trp – Kokborok ria – Riang tpe – Tripuri usi – Usui xtr – Early Tripuri |
ভাষাতাত্বিক |
xtr Early Tripuri |
গ্লোটোলগ | tipp1238 [2] |
regions where Tripuri is the language of the majority or plurality | |
Kokboro is classified as Vulnerable by the UNESCO Atlas of the World's Languages in Danger |
ককবৰক ভাষা ( তিপ্ৰকাক বা ত্ৰিপুৰী ভাষা বুলিও জনা যায়) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু চুবুৰীয়া বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী লোকসকলৰ মাতৃভাষা৷ ককবৰক শব্দটো দুটা অংশ লগ হৈ গঠিত। কক মানে "ভাষা" আৰু বৰকৰ অৰ্থ "মানুহ", বিশেষকৈ ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক শব্দৰ অৰ্থ ত্ৰিপুৰী মানুহৰ ভাষা। [3] [4]
ককবৰক ভাষা বিভিন্ন ৰূপত ১ম শতিকাৰ পৰাই এই অঞ্চলত প্ৰচলিত হৈ আহিছে ৷ সেই শতিকাতে প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাৰ ৰজাসকলৰ ইতিহাস লিখিত ৰূপত সংৰক্ষিত হ’বলৈ আৰম্ভ কৰে। ককবৰক ভাষা যি লিপিত লিখা হৈছিল সেই লিপিক কলোমা লিপি বুলি কোৱা হৈছিল ৷ ত্ৰিপুৰাৰ ৰজাসকলৰ কাহিনী ৰাজৰত্নকৰ নামৰ এখন গ্ৰন্থত লিপিবদ্ধ কৰা হৈছে ৷ প্ৰথমে কলমা লিপি ব্যৱহাৰ কৰি ককবৰক ভাষাত দুৰালবেন্দ্ৰ চোন্তাইয়ে গ্ৰন্থখন ৰচনা কৰিছিল।
পিছলৈ শুক্ৰেশ্বৰ আৰু বানেশ্বৰ নামৰ দুজন ব্ৰাহ্মণে চতুৰ্দশ শতিকাত প্ৰথমে সংস্কৃতলৈ আৰু তাৰ পিছত বাংলালৈ অনুবাদ কৰে ৷ ককবৰক ভাষাত লিখা মূল গ্ৰন্থখনৰ বৰ্তমান অস্তিত্ব নাই। চতুৰ্দশ শতিকাৰ পৰা বিংশ শতিকালৈ ককবৰক ভাষা স্থানীয় লোকৰ থলুৱা ভাষা হিচাপে গ্ৰহণ কৰা হয় আৰু বাংলা ভাষা ত্ৰিপুৰাৰ দৰবাৰী ভাষাত পৰিণত হয়।
১৯৭৯ চনত ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ চৰকাৰী ভাষা হিচাপে ককবৰক ভাষা স্বীকৃতি লাভ কৰে। সম্প্ৰতি ইয়াক ভাৰতৰ জাতীয় ভাষাৰ মৰ্যাদা দিয়া উচিত হয় নে নহয় সেই লৈ বিতৰ্ক চলি আছে।
বাংলাদেশত ২০২২ চনৰ ১৫ ছেপ্টেম্বৰত ত্ৰিপুৰা সম্প্ৰদায়ৰ মাতৃভাষা ককবৰক ভাষাৰ প্ৰথমখন গ্ৰন্থ বাংলা বৰ্ণমালাত কমিল্লাত প্ৰকাশ পায়। আগতে ইংৰাজী বৰ্ণমালাত ককবৰক ভাষাৰ কিতাপ আছিল। বাংলা বৰ্ণমালাত প্ৰকাশ পোৱা এইখনেই ককবৰক ভাষাৰ প্ৰথমখন গ্ৰন্থ।
ককবৰক ভাষাত গণনাক লেখমুং বোলে।
১ | চা |
২ | নি |
৩ | থাম |
৪ | ব্ৰই |
৫ | বা |
৬. | দ'ক |
৭ | চ্নি |
৮ | চাৰ |
৯ | চুকু |
১০ | চি |
২০ | নিচি |
১০০ | ৰা |
১০১ | ৰাচা |
১০০০ | চাই |
অসমীয়া | ককবৰক |
---|---|
নমস্কাৰ | খুলুমখা |
স্বাগতম | লামছগো |
ধন্যবাদ | হাম্বাই |
বহুত বহুত ধন্যবাদ | বেলাইখেনো হাম্বাই |
শুভ বিদায় | থাংখা |
শুভ ৰাতিপুৱা | ফুং কাহাম |
শুভ দুপৰীয়া | দিবোৰ কহাম |
শুভ সন্ধিয়া | সঞ্জা/ছাৰিক কহাম |
শুভ ৰাতি | হৰ কহাম |
আপোনাৰ কেনে? | নৗং বাহাই তং?/বাহাই তং? |
ধুনীয়া | কাহামনো |
মই ত্ৰিপুৰাক ভাল পাওঁ | আং ত্ৰিপুৰানো হামজাকগো |