কনফুচিয়াছ ধৰ্ম (সৰলীকৃত চীনা: 儒学) বা ৰুই ধৰ্ম হৈছে বিখ্যাত চীনা দাৰ্শনিক কনফুচিয়াছৰ শিক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্মিত চীনা নৈতিক আৰু দাৰ্শনিক বিশ্বাস ব্যৱস্থা।[1] ই প্ৰাচীন চীনত উৎপত্তি হোৱা চিন্তা আৰু আচৰণৰ এক ব্যৱস্থা। ইয়াক দৰ্শন, পৰম্পৰা, ধৰ্ম, মানৱতাবাদী আৰু যুক্তিবাদী ধৰ্ম, শাসন বা কেৱল জীৱন-ধাৰণৰ পদ্ধতি হিচাপে বিভিন্ন ধৰণে বৰ্ণনা কৰা হৈছে। এই দৰ্শন চীনা দাৰ্শনিক কনফুচিয়াছৰ (খ্ৰীষ্টপূৰ্ব ৫৫১ৰ পৰা ৪৭৯) শিক্ষাৰ পৰা উৎপত্তি হৈছিল।
কনফুচিয়াছে নিজকে ছিয়া বংশ (সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ২০৭০ৰ পৰা ১৬০০), চাং বংশ (সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১৬০০ৰ পৰা ১০৪৬) আৰু পশ্চিম ঝৌ বংশৰ (সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ১০৪৬ৰ পৰা ৭৭১) বুলি কয়।[2] কনফুচিয়াছক কিন বংশৰ সময়ত দমন কৰা হৈছিল যদিও ই চলি থাকে। চঙ বংশৰ (৯৬০ৰ পৰা ১২৯৭ খ্ৰীষ্টাব্দ) সময়ত আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত শিক্ষিত শ্ৰেণীৰ মূল দৰ্শন হিচাপে কনফুচিয়াছ ধৰ্মক গ্ৰহণ কৰা হৈছিল।
কনফুচিয়াছ ধৰ্মৰ মূলতে সমাজৰ মাজত ভদ্ৰ আচৰণ আৰু সু সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত নিৰ্মিত হয়।[3] কনফুচিয়াছ ধৰ্মৰ প্ৰতিষ্ঠাপক কনফুচিয়াছে শিকাইছিল যে সম্প্ৰীতি পৃথিৱীৰ মৌলিক দিশ হয় আৰু ঈশ্বৰ (টিয়ান)ক বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাতা সলনি, বিশ্বব্ৰহ্মাণ্ডৰ শাসক বুলি বিশ্বাস কৰিছিল যি বিশ্ব ব্ৰহ্মাণ্ডৰ শাসকীয় শৃংখলা আৰু নিয়মকৰ্তা বজাই ৰাখে।[3] তেওঁৰ শিক্ষা অনুসৰী সমাজ আৰু ব্যক্তিয়ে নিজক শান্ত কৰিবৰ বাবে দেউসকলক উপাসনা কৰা উচিত। তেওঁৰ মতে তিনিটা মৌলিক সম্পৰ্ক আৰু পাঁচটা গুণ নৈতিকতাৰ মূল ভেটি হয়। সেয়া হৈছে:- সম্পৰ্কসমুহ:
গুণসমূহ:
বৰ্তমানৰ চীনা সংস্কৃতিৰ মূল শিপা আছিল কনফুচিয়াছ ধৰ্মৰ নিয়ম আৰু শিক্ষা। কনফুচিয়াছে বিশ্বাস কৰিছিল যে সমাজৰ মূল একক হৈছে পৰিয়াল। সেয়ে তেওঁ পুতেকৰ দেউতাক পূৰ্বপুৰুষ তথা জ্যেষ্ঠ জনলৈ থকা সন্মানৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল যাক চীনা ভাষাত চিয়াও (孝) বুলি কোৱা হৈছিল।[5] চিয়াও (Filial Piety) থকা মানে এজন মানুহৰ পৰিয়ালৰ প্ৰতি থকা নিষ্ঠাকো বুজাই। এজন কৰ্তব্যশীল পুতেকে নিজৰ মাক দেউতাকৰ যত্ন লোৱা উচিত আৰু তেঁওলোকৰ ইচ্ছাবোৰ পূৰণ কৰা উচিত। কনফুচিয়াছধৰ্মী সকলে নিজৰ পূৰ্বপুৰুষসকলকৰ উপসনা কৰে। কনফুচিয়াছ ধৰ্মই জুন-জি বা "ভদ্ৰলোক" উপাধি লাভৰ বাবে চেষ্টা কৰে।[6] কনফুচিয়াছ প্ৰথাৰ জুনজিসকল নিষ্ঠাবান আৰু নম্ৰ হয়। তেওঁলোক সমাজৰ নেতা হিচাপে সামূহিক স্বাৰ্থত কাম কৰে, আৰু তাৎক্ষণিক লক্ষ্যৰ পৰিৱৰ্তে ক্ৰমান্বয় লক্ষ্যৰ দিশত কাম কৰে। কনফুচিয়াছধৰ্মত আই চিং পুথিৰ মঙল চোৱা নিয়ম পালন কৰে। আই চিং পুথি কনফুচিয়াছৰ পাঁচটা নিয়মৰ অন্তৰ্গত।