কন্নড় ভাষা

কন্নড়
ಕನ್ನಡ
থলুৱা অঞ্চল কৰ্ণাটক, ভাৰত
স্থানীয় ভাষিক
৫ কোটি
ভাষা পৰিয়াল
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
কৰ্ণাটক, ভাৰত
নিয়মাধীন হয়
কৰ্ণাটকৰ চৰকাৰ আৰু বিভিন্ন একাডেমি
ভাষা সংকেত
ISO 639-1 kn
ISO 639-2 kan
ISO 639-3 kan

কন্নড় (ইংৰাজী: Kannada, কন্নড়: ಕನ್ನಡ কন্নড) ভাৰতৰ ২২টা চৰকাৰী ভাষাৰ এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় চাৰে তিনি কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি ই অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। মাতৃভাষী আৰু দ্বিতীয় ভাষাভাষীৰ সংখ্যা মিলাই কন্নড়-ভাষীৰ সংখ্যা প্ৰায় ৫ কোটি।[1]

ভৌগোলিক বিতৰণ

[সম্পাদনা কৰক]

২০১১ চনৰ জনসংখ্যা গণনাৰ সময়ত ভাৰতত কন্নড় ভাষাৰ ৪৩.৭ নিযুত মাতৃভাষী বক্তা আছিল। ই কৰ্ণাটক ৰাজ্যৰ প্ৰধান ভাষা, য'ত প্ৰায় ৪.০৬ নিযুত লোকৰ মাতৃভাষা কন্নড়, অৰ্থাৎ ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ। কন্নড় ভাষা তামিলনাডু (১১.৪ লাখ), মহাৰাষ্ট্ৰ (৯.৯ লাখ), অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানা (৫.৩ লাখ), কেৰল (৭৮ হাজাৰ) আৰু গোৱাত (৬৭ হাজাৰ) পোৱা যায়।[2] কৰ্ণাটকত প্ৰায় ১.২৯ নিযুত লোকে কন্নড়ক দ্বিতীয় বা তৃতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।[3]

তামিলনাডুৰ ভাষাগত গোটসমূহৰ ভিতৰত কন্নড়ভাষীসকল তৃতীয় বৃহত্তম গোট। তেওঁলোকৰ জনসংখ্যা প্ৰায় ১২.৩ লাখ, যি তামিলনাডুৰ মুঠ জনসংখ্যাৰ প্ৰায় ২.২%।[4][5]

লাক্ষাদ্বীপত ব্যৱহৃত মালায়ালম ভাষাত বহু কন্নড় শব্দ থাকে।[6]

আমেৰিকাত, ২০০৬-২০০৮ সময়ছোৱাৰ ভিতৰত ৩৫,৯০০ কন্নড় ভাষী আছিল,[7] যিটো ২০১৫ চনৰ লোকপিয়লৰ সময়ত ৪৮,৬০০ লৈ বৃদ্ধি পাইছিল। কানাডাত ৩,৯৭০ (২০১৬), অষ্ট্ৰেলিয়াত ৯,৭০০ (২০১৬), ছিংগাপুৰত ২২,০০০ (২০১৮),[8] আৰু মালয়েছিয়াত ৫৯,০০০ (২০২১) কন্নড় ভাষী পোৱা গৈছে।[8][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন]

কন্নড় ভাষা মালায়ালম আৰু তামিলৰ দৰে এটা দক্ষিণ দ্ৰাবিড়ীয় ভাষা আৰু তামিল-কন্নড় ভাষাৰ অৱশিষ্ট, যাৰ পৰা ইয়াৰ ব্যাকৰণ আৰু মূল শব্দভঁৰালি উৎপত্তি হৈছে। ইয়াৰ ইতিহাস প্ৰধানকৈ তিনি ভাগত বিভক্ত: ৪৫০ খ্ৰীষ্টাব্দৰ পৰা ১২০০ খ্ৰীষ্টাব্দলৈ পুৰণি কন্নড় (হলেগন্নড়), ১২০০–১৭০০ সময়ছোৱাত মধ্য কন্নড় (নড়ুগন্নড়), আৰু ১৭০০ৰ পৰা এতিয়ালৈকে আধুনিক কন্নড় (হোচাগন্নড়)।[9][10]

কন্নড় ভাষাৰ ব্যাকৰণ, ধ্বনিবিজ্ঞান, শব্দভঁৰালি আৰু পদ গঠন আদিত সংস্কৃত আৰু প্ৰাকৃত ভাষাৰ গভীৰ প্ৰভাৱ আছে। সাহিত্যিক কন্নড় ব্যাকৰণত পাণিনীৰ ব্যাকৰণ, কাতন্ত্ৰ আৰু সকটায়ন নামৰ অপাণিনীয় সংস্কৃত ব্যাকৰণ আৰু প্ৰাকৃত ব্যাকৰণৰ প্ৰভাৱ প্ৰধানকৈ দেখা যায়।[11] প্ৰাচীন কালৰে পৰা কৰ্ণাটকত সাহিত্যিক প্ৰাকৃতৰ প্ৰচলন আছিল বুলি ধৰা হয়। প্ৰাকৃত ভাষা কোৱা লোকে কন্নড় ভাষাভাষীসকলৰ সৈতে সংস্পৰ্শত আহি ভাষাগত প্ৰভাৱ পেলাইছিল।[11][12][10]

পণ্ডিত ইৰাভথম মহাদেৱনৰ মতে, খ্ৰীষ্টপূৰ্ব ৩য় শতিকাৰ প্ৰাকৃত অভিলেখত কন্নড় মূলৰ বহু শব্দ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট যে, কন্নড় তেতিয়াই এটা সমৃদ্ধ মুখ্য ভাষা হিচাপে ব্যৱহৃত হৈছিল।[13][14][15]

কন্নড় সংখ্যা

[সম্পাদনা কৰক]
সংখ্যা নাম অসমীয়া
সূন্নে (ಸೊನ್ನೆ)
ওন্দু (ಒಂದು)
এৰিডু (ಎರಡು)
মূৰু (ಮೂರು)
নাল্কু (ನಾಲ್ಕು)
আইদু (ಐದು)
আৰু (ಆರು)
ইয়েএলু (ಏಳು)
এণ্টু (ಎಂಟು)
ওম্বাত্তু (ಒಂಬತ್ತು)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Kannada alphabet, pronunciation and language". omniglot.com. 2011. http://www.omniglot.com/writing/kannada.htm। আহৰণ কৰা হৈছে: 7 November 2011. 
  2. Office of the Registrar General & Census Commissioner, India. "C-16: Population by mother tongue, India – 2011". https://censusindia.gov.in/nada/index.php/catalog/10191। আহৰণ কৰা হৈছে: ১৬ নবেম্বৰ ২০২২. 
  3. "Indiaspeak: English is our 2nd language". The Times of India. ১৪ মাৰ্চ ২০১০. http://timesofindia.indiatimes.com/india/Indiaspeak-English-is-our-2nd-language/articleshow/5680962.cms. 
  4. Nagarajan, Rema (১৬ এপ্ৰিল ২০০৮). "Kannadigas TN's 3rd biggest group". The Times of India. http://timesofindia.indiatimes.com/city/bengaluru/Kannadigas-TNs-3rd-biggest-group/articleshow/2954903.cms. 
  5. Boland-Crewe, Tara; Lea, David (২০০৩). The Territories and States of India. Routledge. পৃষ্ঠা. 224–226. ISBN 9781135356255. https://books.google.com/books?id=M2uPAgAAQBAJ&q=Kannada&pg=PA84. 
  6. Palanithurai, Ganapathy (২০০২). Dynamics of New Panchayati Raj System in India: Select states. Concept Publishing Company. ISBN 9788180691294. https://books.google.com/books?id=zbKesmg97PAC&q=amindivi+kannada+island&pg=PA5. 
  7. "Table 1. Detailed Languages Spoken at Home". https://www.census.gov/hhes/socdemo/language/data/other/detailed-lang-tables.xls. 
  8. 8.0 8.1 সাঁচ:E25
  9. Steever 1998, পৃষ্ঠা. 129.
  10. 10.0 10.1 R. Narasimhacharya (1934). History of the Kannada Language (Readership Lectures). University of Mysore. পৃষ্ঠা. 1. ISBN 978-81-206-0559-6. https://archive.org/details/buddhadhammaorli0000nara/page/n10/mode/1up?q=+tamil. 
  11. 11.0 11.1 Mythic Society (Bangalore, India) (1985). The quarterly journal of the Mythic society (Bangalore)., Volume 76. Mythic Society (Bangalore, India). পৃষ্ঠা. Pages_197–210. 
  12. B. K. Khadabadi; Prākr̥ta Bhāratī Akādamī (1997). Studies in Jainology, Prakrit literature, and languages: a collection of select 51 papers Volume 116 of Prakrit Bharti pushpa. Prakrit Bharati Academy. পৃষ্ঠা. 444 pages. 
  13. "Classical Kannada, Antiquity of Kannada". Centre for classical Kannada. Central Institute for Indian Languages. Archived from the original on 2010-04-25. https://web.archive.org/web/20100425022336/http://www.classicalkannada.org/LanguageEng.html। আহৰণ কৰা হৈছে: ২৮ আগষ্ট ২০১১. 
  14. Iravatham Mahadevan (২০০৩). Early Tamil Epigraphy from the Earliest Times to the Sixth Century AD. Cre-A. ISBN 9780674012271. https://books.google.com/books?id=DZBkAAAAMAAJ। আহৰণ কৰা হৈছে: ১২ এপ্ৰিল ২০০৭. 
  15. K R, Subramanian (২০০২). Origin of Saivism and Its History in the Tamil Land. Asian Educational Services. পৃষ্ঠা. 11. ISBN 9788120601444. https://books.google.com/books?id=jHaVqNy-V6UC&pg=PA11.