কন্জাংটিভাইটিছ | |
---|---|
অন্য নাম | পিংক আই |
![]() | |
ভাইৰেল কন্জাংটিভাইটিছ হোৱা এটা চকু | |
বিভাগ | Ophthalmology, optometry |
লক্ষণ | চকু ৰঙাপৰা, স্ক্ৰেচিনেছ[1] |
স্থায়িত্ব | দুসপ্তাহ পৰ্যন্ত[2] |
কাৰণ | ভাইৰাছৰ সংক্ৰমণ, বেক্টেৰিয়াৰ সংক্ৰমণ, এলাৰ্জি[3] |
ৰোগ নিৰূপণ | ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি, মাইক্ৰ’বায়’লজিকেল কালচাৰ[1] |
প্ৰতিৰোধ | হাত ধোৱা[1] |
চিকিৎসা | অন্তৰ্নিহিত কাৰণৰ ওপৰত ভিত্তি কৰি[3] |
পুনৰাবৃত্তি | প্ৰতিবছৰে ৩–৬ মিলিয়ন (US)[1][3] |
কন্জাংটিভাইটিছ বা পিংক আই [4] হৈছে চকুৰ বগা অংশৰ বাহিৰৰ স্তৰ আৰু চকুৰ পতাৰ ভিতৰ পৃষ্ঠত হোৱা প্ৰদাহ।[5] ইয়াৰ ফলত চকুটো গোলাপী বা ৰঙা ৰঙৰ দেখা যায়।[1] ইয়াৰ ফলত বিষ, জ্বলা-পোৰা, আঁচোৰ বা খজুৱতি হ'ব পাৰে।[1] আক্ৰান্ত চকুৰ পৰা চকুৰপানী ওলাই থকাৰ লগতে ৰাতিপুৱা চকুটো "বন্ধ হৈ আবদ্ধ হৈ" থাকিব পাৰে।[1] চকুৰ বগা অংশটোও ফুলিব পাৰে।[1] এলাৰ্জীৰ বাবে খজুৱতি বেছি হয়।[6] কন্জাংটিভাইটিছ এটা বা দুয়োটা চকুতে আক্ৰান্ত হ'ব পাৰে।[1]
সাধাৰণ সংক্ৰামক কাৰণসমূহ ভাইৰাছজনিত আৰু বেক্টেৰিয়াজনিত।[6] সাধাৰণ জ্বৰ-চৰ্দিৰ অন্যান্য লক্ষণৰ সৈতে ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে। ভাইৰাছ আৰু বেক্টেৰিয়া দুয়োটা ৰোগ মানুহৰ মাজত সহজেই বিয়পি পৰে। পৰাগ বা প্ৰাণীৰ চুলি/নোমৰ প্ৰতি এলাৰ্জীও আন এটা সাধাৰণ কাৰণ।
আংশিক প্ৰতিৰোধ হাতদুখন চাবোন আৰু ছেনিটাইজাৰেৰে সঘনাই পৰিষ্কাৰ কৰা, চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ গ্ৰহণ কৰা, চকুমুনি হাতেৰে মোহাৰি থকা বা স্পৰ্শ কৰাৰ পৰা বিৰত থকা, পৰিষ্কাৰ পানী বা আই বাইপেৰে চকুজুৰি পৰিষ্কাৰ কৰা, সুৰক্ষামূলক তথা ডাঠ লেন্সযুক্ত চছমা পৰিধান কৰা, আক্ৰান্ত ব্যক্তিগৰাকীয়ে ব্যৱহাৰ কৰা ৰুমাল, গামোছা, বেডশ্বীট আদি ব্যৱহাৰ নকৰা, নিজাববীয়াকৈ ঔষধ বা ঘৰুৱা চিকিৎসা পদ্ধতি অবলম্বনৰ পৰা বিৰত থকা, আৰোগ্য নোহোৱা পৰ্যন্ত জনসমাগম পৰিহাৰ কৰাৰ ওপৰত নিৰ্ভৰ কৰে। ভাইৰাছৰ বেছিভাগ ক্ষেত্ৰতে কোনো নিৰ্দিষ্ট চিকিৎসা নাথাকে। বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে হোৱা বেছিভাগ ক্ষেত্ৰতো চিকিৎসা অবিহনে ভাল হয়; কিন্তু এণ্টিবায়টিক ঔষধে ৰোগৰ সময় সীমিত কৰিব পাৰে। যিসকল লোকে কনটেক্ট লেন্স পিন্ধে আৰু যিসকলৰ সংক্ৰমণ গনোৰিয়া বা ক্ল'মাইডিয়াৰ ফলত হয় তেওঁলোকৰ ক্ষেত্ৰত উন্নত চিকিৎসাৰ প্ৰয়োজন হয়। এলাৰ্জিৰ ক্ষেত্ৰত এণ্টিহিষ্টামিন বা মাষ্ট চেল ইনহিবিটাৰ ড্ৰপৰ দ্বাৰা চিকিৎসা কৰিব পাৰি।[1]
আমেৰিকাত প্ৰতি বছৰে প্ৰায় ৩ৰ পৰা ৬০ লাখ লোকে তীব্ৰ কন্জাংটিভাইটিছত আক্ৰান্ত হয়।[1][6] প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ভাইৰাছৰ কাৰণ বেছি, আনহাতে শিশুৰ ক্ষেত্ৰত বেক্টেৰিয়াৰ কাৰণ বেছি।[6] সাধাৰণতে মানুহ এসপ্তাহ বা দুসপ্তাহৰ ভিতৰতে ভাল হয়।[1][6] যদি দৃষ্টিশক্তি হেৰুৱা, যথেষ্ট বিষ, পোহৰৰ প্ৰতি সংবেদনশীলতা বা হাৰপিছৰ লক্ষণ দেখা দিয়ে বা যদি এসপ্তাহৰ পিছত লক্ষণসমূহৰ উন্নতি নহয়, তেন্তে অধিক নিদান আৰু চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে।[6] নৱজাতকৰ কন্জাংটিভাইটিছৰ বাবেও নিৰ্দিষ্ট চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে।[1]