কবিতা সিং | |
---|---|
চিত্ৰ:Kavita Singh MP.jpg | |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ২৩ মে ২০১৯- ৪ জুন ২০২৪ | |
পূৰ্বসূৰী | ওম প্ৰকাশ যাদৱ |
সমষ্টি | সিৱান লোক সভা সমষ্টি |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ মাৰ্চ, ১৯৮৬ (৩৮ বছৰ) সিৱান, বিহাৰ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | জনতা দল ইউনাইটেড |
দাম্পত্যসঙ্গী | অজয় কুমাৰ সিং |
পেচা | ৰাজনীতিক |
কবিতা সিং (ইংৰাজী: Kavita Singh) জনতা দল (ইউনাইটেড)ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।[1][2] ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ছিৱান লোকসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।[3] ২০১১ চনৰ উপ-নিৰ্বাচন আৰু ২০১৫ চনৰ নিৰ্বাচনত দাৰাউণ্ডা আসনৰ পৰা বিধানসভাৰ সদস্য হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল, যিখন আসনত পূৰ্বে তেওঁৰ শাহুৱেক জগমাতা দেৱীয়ে জয়ী হৈছিল।[4][5]কবিতা সিং জে পি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰী৷ তেওঁ বিয়াৰ পিছতেই কইনাৰ সাজ-পোছাক পিন্ধি মনোনয়ন দাখিল কৰিছিল। ২৬ বছৰ বয়সত তেওঁ বিধায়িকা হৈছিল।[6][7] তেওঁৰ বিবাহ গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা অজয় কুমাৰ সিঙৰ সৈতে সম্পন্ন হৈছিল।[8][9]