কমলা কৌল নেহৰু | |
---|---|
![]() | |
জন্ম | কমলা কৌল ১ আগষ্ট ১৮৯৯ দিল্লী, ভাৰত |
মৃত্যু | ২৮ ফেব্ৰুৱাৰী, ১৯৩৬ (৩৬ বছৰ) Lausanne, ছুইজাৰলেণ্ড |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | জৱাহৰলাল নেহৰু (১৯১৬-১৯৩৬) |
পিতৃ-মাতৃ | ব্ৰজকিশোৰ প্ৰসাদ ফুল দেৱী প্ৰসাদ |
সন্তান | ইন্দিৰা নেহৰু |
কমলা কৌল নেহৰু (ইংৰাজী: Kamala Kaul Nehru; ⓘ; ১ আগষ্ট ১৮৯৯-২৮ ফেব্ৰুৱাৰী ১৯৩৬) এগৰাকী স্বাধীনতা যুঁজাৰু আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা জৱাহৰলাল নেহৰুৰ পত্নী আছিল। তেওঁলোকৰ জীয়াৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।
কমলা নেহৰুৱে ১৮৯৯ চনৰ ১ আগষ্টত পুৰণি দিল্লীৰ এটা কাশ্মিৰী পৰিয়ালত জন্ম হৈছিল। ৰাজপতি আৰু জৱাহৰমল অতল কৌল তেওঁৰ মাক-দেউতাক আছিল।[1] তেওঁ ঘৰখনৰ চাৰি সন্তানৰ জ্যেষ্ঠ্ সন্তান আছিল। তেওঁৰ দুজন ভায়েক- চান্দবাহাদুৰ কৌল, যিজন উদ্ভিদবিদ আছিল। আনজন কৈলাশ নাথ কৌল। ভনীয়েকৰ নাম আছিল স্বৰূপ কাটজু। তেওঁ ঘৰতে এজন পণ্ডিত আৰু এজন মৌলৱীৰ তত্ত্বাৱধানত পঢ়া-শুনা কৰিছিল।
কমলাই ১৬ বছৰ বয়সত জৱাহৰলাল নেহৰুক বিয়া কৰায়।[1] বিয়াৰ কেইদিনমান পিছতে তেওঁৰ স্বামীয়ে হিমালয় যাত্ৰাত গৈছিল।[2] নেহৰুৰ আত্মজীৱনীত পত্নীৰ বিষয়ে লিখিছে যে, “মই প্ৰায়ে তেওঁক অৱজ্ঞা কৰি চলিছিলো।”[2] ১৯১৭ চনত কমলাই এটা ছোৱালী সন্তান ইন্দিৰা প্ৰিয়দৰ্শিনীক জন্ম দিয়ে, যি পিছলৈ গৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰমুখ হয়। কমলাই ১৯২৪ চনত এটা ল’ৰা সন্তানৰো জন্ম দিছিল। কিন্তু সি মাত্ৰ এসপ্তাহহে জীয়াই আছিল।[2]
কমলাই তেওঁৰ স্বামীৰ সৈতে ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত হৈ পৰিছিল। ১৯২১ চনৰ অসহযোগ আন্দোলনত তেওঁ এলাহাবাদত বিদেশী বস্ত্ৰ আৰু সুৰাৰ বিপনীত পিকেটিং কৰিবলৈ এটা মহিলাৰ দলক সংঘবদ্ধ কৰিছিল। যেতিয়া তেওঁৰ স্বামীক ব্ৰিটিছৰ বিৰুদ্ধে দিয়া এটা ৰাজহুৱা বক্তৃতা বন্ধ কৰিবলৈ গ্ৰেপ্তাৰ কৰিছিল, তেতিয়া কমলা নেহৰুৱে তেওঁৰ স্বামীৰ স্থানলৈ গৈ বক্তৃতাটো পঢ়ি দিছিল। ব্ৰিটিছে কম সময়ৰ ভিতৰতে কমলা নেহৰুৰ পৰা কেনে ধৰণৰ ভাবুকি আহিছে আৰু দিনে দিনে দেশজুৰি মহিলাসকলৰ মাজত যে তেওঁৰ জনপ্ৰিয়তা বাঢ়ি আহিছে, সেয়া বুজি পালে। স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ অপৰাধত তেওঁক সৰোজিনী নাইডু, জৱাহৰলালৰ মাক আৰু অন্যান্য মহিলাসকলৰ সৈতে পুলিচে গ্ৰেপ্তাৰ কৰিলে।[3][4] সেই সময়চোৱাৰ ভিতৰতে স্বাধীনতা আন্দোলনৰ আহত কৰ্মীসকল, তেওঁলোকৰ পৰিয়াল তথা এলাহাবাদৰ অন্যান্য বাসিন্দাসকলৰ চিকিৎসাৰ বাবে তেওঁ নিজা বাসভৱন স্বৰাজ ভৱনত এখন ঔষধালয় খুলিলে। তেওঁৰ মৃত্যুৰ পিছত এই ঔষধালয়খন এখন পূৰ্ণাঙ্গ হাস্পাতালৰ ৰূপ দিয়া হয়। কমলা নেহৰুৰ স্মৃতিত ইয়াৰ নাম ‘কমলা নেহৰু মেমোৰিয়েল হাস্পাতাল’ ৰখা হয়, যাৰ আধাৰশিলা মহাত্মা গান্ধীয়ে স্থাপন কৰিছিল। [5]
কমলা নেহৰুৰ যক্ষ্মা ৰোগত ১৯৩৬ চনৰ ২৮ ফেব্ৰুৱাৰীত ছুইজাৰলেণ্ডৰ Lausanne-ত মৃত্যু হয়। তেতিয়া তেওঁৰ ওচৰত আছিল জীয়েক ইন্দিৰা আৰু শাহুৱেক। জীৱনৰ শেষ বছৰ কেইটাত তেওঁ প্ৰায়ে অসুস্থ হৈ থাকিছিল আৰু চিকিৎসাৰ বাবে ছুইজাৰলেণ্ডৰ এটা চেনেটৰীয়ামত (sanatorium) ৰখা হৈছিল। গা অলপ ভাল পোৱাত তেওঁ ভাৰতলৈ উভতিছিল। ১৯৩৫ চনত তেওঁ স্বাস্থ্য পুনৰ বেয়া হৈছিল আৰু সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা পুনৰ দক্ষিণ জাৰ্মানীৰ Badenweiler-ৰ এটা চেনেটৰীয়ামত ভৰ্তি কৰা হৈছিল। তেওঁৰ স্বামী সেই সময়ত কাৰাগাৰত বন্দী। কমলা শৰীৰ অতিপাত বেয়া হোৱাত নেহৰুক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে আৰু ১৯৩৫ৰ অক্টোবৰত তেওঁ জাৰ্মানীত উপস্থিত হয়। নেহৰুৰ আত্মজীৱনীৰ কমলাৰ মৃত্যুৰ পিছত যোগ কৰা এটা অধ্যায়ত তেওঁ ৰোমন্থন কৰিছে যে পত্নীৰ মৃত্যুত তেওঁ ভাঙি পৰিছিল আৰু কেইমাহমানলৈ শোকাতুৰ হৈ আছিল।[6]