कामाटीपूरा
কমাঠীপুৰা লাল বাজাৰ | |
---|---|
নিষিদ্ধ এলেকা | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
মেট্ৰ | মুম্বাই |
প্ৰতিষ্ঠা | ১৭৯৫ |
উচ্চতা | ৪ মিটাৰ (১৩ ফুট) |
কমাঠীপুৰা বা কমাঠীপুৰম(ইংৰাজী: Kamathipura)[1] হৈছে ভাৰতৰ মুম্বাইৰ এটা চুবুৰীয়া অঞ্চল, যি পতিতাবৃত্তিৰ বাবে বিখ্যাত। ১৭৯৫ চনৰ পিছত মুম্বাইৰ পূৰ্বৰ সাতটা দ্বীপক সংযোগ কৰা কজৱে (causeways) নিৰ্মাণৰ সৈতে প্ৰথমে এই অঞ্চল প্ৰতিষ্ঠিত কৰা হৈছিল৷[2] মূলতঃ লাল বজাৰ নামেৰে জনাজাত, এই নামৰ উৎপত্তি নিৰ্মাণ ক্ষেত্ৰত কাম কৰা শ্ৰমিক ʼকমাঠীʼ শব্দৰ পৰা। আৰক্ষীৰ কঠোৰ অভিযানৰ ফলত, ১৯৯০-ৰ দশকৰ শেষৰ ফালে এইডছৰ উত্থান আৰু চৰকাৰৰ পুনৰ্বিকাশ নীতিয়ে যৌন কৰ্মীসকলক এই বৃত্তিৰ পৰা আঁতৰি যোৱাত সহায় কৰিছিল আৰু পৰৱৰ্তী সময়ত কমাঠীপুৰাৰ পৰা বাহিৰ লৈ যোৱাত সহায় কৰিছিল । অঞ্চলটোত যৌন কৰ্মীৰ সংখ্যা এতিয়া হ্ৰাস পাইছে।
ভাৰতৰ সৰ্ববৃহৎ পতিতালয়-আধাৰিত যৌন উদ্যোগ মুম্বাইত অৱস্থিত।ইয়াত ৫,000ৰো অধিক পুৰুষ, মহিলা আৰু ট্ৰেন্সজেণ্ডাৰড যৌন কৰ্মী আছে। এই যৌন কৰ্মীসকল মুখ্যতঃ অৱস্থিত এছিয়াৰ সৰ্ববৃহৎ পতিতা ব্যৱসায় এলেকা, কমাঠীপুৰাত। ইয়াৰে বহুতো মহিলা নিম্ন আয়ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা। তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে প্ৰায়ে তেওঁলোকক নাবালক হিচাপে অচিনাকি লোকক পইচাৰ বিনিময়ত বিক্ৰী কৰে।[3]
১৯৯২ চনত, বৃহন্মুম্বাই পৌৰ নিগমে (বিএমচি) নথিভুক্ত কৰিছিল যে ইয়াত ৪৫,০০০ যৌন কৰ্মী আছিল যি ২০০৯ চনত ১৬০০ লৈ হ্ৰাস পাইছিল[4] আৰু ২০১৮ চনত ৫০০ লৈ পাইছিল।[5] বহুতো যৌন কৰ্মীয়ে মহাৰাষ্ট্ৰৰ আন এলেকালৈ প্ৰব্ৰজন কৰে আৰু ৰিয়েল এষ্টেট বিকাশকাৰীসকলে উচ্চ মূল্যৰে এই অঞ্চল কৰে। ২০১৮ চনত মহাৰাষ্ট্ৰ চৰকাৰে অঞ্চলটো ধ্বংস আৰু পুনৰ বিকাশৰ বাবে নিবিদা বিচাৰিছিল।[6]
The ground floors open directly onto the road like native shops. In their lower and upper rooms, native women call to male passers-by.
১৭৮৪ চনত হৰ্ণবি ভেলাৰ্ড প্ৰকল্প সম্পূৰ্ণ হৈছিল। এই প্ৰকল্পত বোম্বাইৰ গভৰ্ণৰ উইলিয়াম হৰ্ণবিৰ (১৭৭১-১৭৮৪)অধীনত মুম্বাইৰ সাতটা দ্বীপক একত্ৰিত কৰি এটা সংযোগপথ নিৰ্মাণ কৰা হৈছিল।ইয়াৰ ফলত মুম্বাই কেইবাটাও নিম্ন-জলাভূমি এলেকা যেনে বাইকুল্লা, টাৰ্দেও, মহালক্ষ্মী আৰু কমাঠীপুৰা বাসস্থানৰ বাবে মুকলি কৰা হৈছিল। তাৰ পিছত ১৭৯৫ চনৰ পৰা, দেশৰ অন্যান্য অঞ্চলৰ কমাঠীসকল (শ্ৰমিক) আহি এই গৃহনিৰ্মাণ ক্ষেত্ৰত শ্ৰমিক হিচাপে বসতি স্থাপন কৰি কাম কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত অঞ্চলটোৰ বৰ্তমানৰ নাম কামথিপুৰা দিয়া হয়। এই অঞ্চলটোৰ উত্তৰে বেলাচিছ ৰোড, দক্ষিণে গাওদেৱী আৰু ফকলেণ্ড ৰোড আৰু তাৰ উত্তৰেদি গৈছে ঘাইপথ।[7][8] এই সময়ছোৱাত এটা সময়ত ইয়াত চীনা সম্প্ৰদায়ৰ মানুহৰ বসতি আছিল, যি ডকহেণ্ডহিচাপে কাম কৰিছিল আৰু ৰেষ্টুৰেণ্ট চলাইছিল। উনবিংশ শতিকাৰ শেষৰ ফালে এই সকলোবোৰ সলনি হৈ গৈছিল।[9]
উনবিংশ আৰু বিংশ শতিকাৰ আৰম্ভণিতে মহাদেশীয় ইউৰোপ আৰু জাপানৰ বহু সংখ্যক মহিলা আৰু ছোৱালীক কমাঠীপুৰালৈ সৰবৰাহ কৰা হৈছিল, য'ত তেওঁলোকে সৈনিক আৰু স্থানীয় লোকসকলক পতিতা হিচাপে সেৱা আগবঢ়াইছিল।[10][11]
লাহে লাহে সামাজিক স্তৰৰ গঠণ হৈছিল। ব্ৰিটিছ ৰাজৰ সময়ত ইয়াত থকা ইউৰোপীয় পতিতাসকলৰ বাবে কমাঠীপুৰাৰ এটা ব্যস্ত ৰাস্তাক ʼচফেদ গলিʼ (হোৱাইট লেন) বুলি জনা গৈছিল। গলিটোক এতিয়া কাৰ্সেটজি শুক্লাজী ষ্ট্ৰীট বুলিও জনা যায়। অঞ্চলটোৰ আটাইতকৈ পৰিচিত পতিতালয় ʼপিলা হাউচʼ হৈছে ইয়াৰ মূল শব্দ: প্লেহাউচৰ সংকৰকৰণ। বোম্বাইৰ প্ৰথম যৌন ৰোগ ক্লিনিক ১৯১৬ চনত খোলা হৈছিল, ১৯২৫ চনত বি এম চিয়ে ইয়াক অধিগ্ৰহণ কৰিছিল। ওচৰতে, ফৰাছ ৰোডৰ বাচ্চুছেথ কি ৱাদি ইয়াৰ কোথেৱালি বা তাৱাইফ আৰু মুজৰাৰ বাবে বিখ্যাত আছিল। [12]
যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, ভাৰতীয় যৌন কৰ্মীসকলক এই অঞ্চলটোলৈ স্থানান্তৰিত হৈছিল। শেহতীয়া দশকবোৰত, বৃহৎ সংখ্যক নেপালী মহিলা আৰু ছোৱালীকো জিলাখনলৈ সৰবৰাহ কৰা হৈছে।[13] ভাৰত চৰকাৰৰ নিয়ম অনুসৰি বছৰ বছৰ ধৰি কমাঠীপুৰাৰ যৌন উদ্যোগৰ বিকাশ অব্যাহত আছিল। অৰ্থনৈতিক পৰিস্থিতিয়েও দেশৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক তালৈ লৈ আহিছিল। অৱশেষত এই অঞ্চল এছিয়াৰ সৰ্ববৃহৎ যৌন ব্যৱসায়ৰ অঞ্চল হৈ পৰিছিল।
কমাঠীপুৰাক প্ৰায় ১৪টা পথত বিভক্ত কৰা হৈছিল। এই বিভক্তি শ্ৰমিকসকলৰ আঞ্চলিক পটভূমি অনুসৰি কৰা হৈছে। বেছিভাগ শ্ৰমিক আন ভাৰতীয় ৰাজ্যৰ পৰা আহিছিল।[14] অঞ্চলসমূহৰ মাজত সামান্য বাৰ্তালাপ হোৱাৰ ফলত মানুহখিনিক সামাজিকভাৱে সংগঠিত কৰা কঠিন হৈ পৰিছিল। লগতে, জনমত, ৰাজনৈতিক নেতৃত্ব বা সামাজিক সক্ৰিয়তাৰ অভাৱত এই অঞ্চলত ইউনিয়ন গঠন হোৱা নাছিল । [15] ২০০৭ চনত অঞ্চলটোত ৫৫,৯৩৬ জন ভোটাৰ আছিল, যাৰ ভিতৰত প্ৰায় ১৫,০০০ মুছলমান, ৬,৫০০ তেলেগু আৰু বাকীসকল মাৰাঠী আৰু উত্তৰ ভাৰতীয়। [16]