ষ্টুৱাৰ্ট ৰ'বছন আৰু উইলিয়াম এইচ. ক্ৰেন অভিনীত ১৮৭৯ চনৰ ব্ৰডৱেৰ প্ৰযোজনাৰ এখন পোষ্টাৰ
দ্য কমেডী অৱ এৰ’ৰচ্ (ইংৰাজী: The Comedy of Errors) উইলিয়াম শ্বেইকছপীয়েৰ প্ৰাৰম্ভিক নাটসমূহৰ ভিতৰত অন্যতম। এইখন তেওঁৰ আটাইতকৈ চুটি আৰু অন্যতম হাস্যমধুৰ কমেডী, য’ত হাস্যৰসৰ এটা ডাঙৰ অংশ ভ্ৰম আৰু ভুল পৰিচয়ৰ পৰা উদ্ভূত। তাৰোপৰি নাটকখনত দেখা যায় বাক্য আৰু শব্দৰ অপূৰ্ব খেল। ইয়াক বিশ্বজুৰি বহুবাৰ অপেৰা, মঞ্চ, পৰ্দা আৰু সংগীত নাট্যৰ বাবে অভিযোজিত কৰা হৈছে। প্ৰথম মঞ্চস্থ হোৱাৰ পৰৱৰ্তী শতিকাবোৰত নাটকখনৰ শিৰোনামে জনপ্ৰিয় ইংৰাজী শব্দাৱলীত "এটা ঘটনা বা ঘটনাৰ শৃংখলাত হোৱা ভুলৰ সংখ্যাই হাস্যস্পদ কৰি তোলা" বুজাবলৈ এটা জনপ্ৰিয় প্ৰবচন হিচাপে অন্তৰ্ভূক্ত হৈছে।[1]
গ্ৰীচৰ ইফিচাচ চহৰত পটভূমিত ৰচিত নাটকখনত জন্মৰ সময়ত ভুলবশতঃ পৃথক হোৱা একে চেহেৰাৰ দুইহাল যমজ সন্তানৰ কাহিনী বৰ্ণনা কৰা হৈছে। চাইৰাকিউজৰ এন্টিফ'লাছ আৰু তেওঁৰ দাস চাইৰাকিউজৰ ড্ৰ'মিঅ' ইফিচাচত উপস্থিত হয়। এই চহৰতে বাস কৰে তেওঁলোকৰ যমজ ভাতৃ ইফিচাচৰ এন্টিফ'লাছ আৰু তেওঁৰ দাস ইফিচাচৰ ড্ৰ'মিঅ'। চাইৰাকিউজবাসী সেই দুই যমজ ভাতৃৰ মুখামুখী হোৱাত পৰিচয় বিভ্ৰান্তিৰ কাৰণে এটাৰ পিছত এটা অঘটন ঘটিবলৈ ধৰে।
২০১৭ চনত কমেডী অৱ এৰ’ৰচৰ আধাৰত অসমীয়া ভাষাত লোকেল কুং ফু ২ নামৰ এখন সমৰ কলা বিষয়ক ছবি এখন নিৰ্মাণ কৰা হয়। ছবিখনৰ পৰিচালক কেনি দেউৰী বসুমতাৰী। এই ছবিখনত তেওঁ মুখ্য চৰিত্ৰতো অভিনয় কৰিছিল।[2][3]
↑Bloom, Harold (2010). Marson, Janyce. ed. The Comedy of Errors. Bloom's Literary Criticism. প্ৰকাশক New York: Infobase. পৃষ্ঠা. 57. ISBN978-1-60413-720-0. "It is noteworthy that The Comedy of Errors and Shakespeare's last play, The Tempest, are the only two plays that strictly adhere to the classical unities."
↑Eric Heinze, "'Were it not against our laws': Oppression and Resistance in Shakespeare's Comedy of Errors", 29 Legal Studies (2009), pp. 230–263
Foakes, R.A. (ed.) The Comedy of Errors (The Arden Shakespeare, 2nd Series; London: Arden, 1962)
Greenblatt, Stephen; Cohen, Walter; Howard, Jean E., and Maus, Katharine Eisaman (eds.) The Norton Shakespeare: Based on the Oxford Shakespeare (London: Norton, 1997)
Jorgensen, Paul A. (ed.) The Comedy of Errors (The Pelican Shakespeare; London, Penguin, 1969; revised edition 1972)
Levin, Harry (ed.) The Comedy of Errors (Signet Classic Shakespeare; New York: Signet, 1965; revised edition, 1989; 2nd revised edition 2002)
Martin, Randall (ed.) The Comedy of Errors (The New Penguin Shakespeare, 2nd edition; London: Penguin, 2005)
Wells, Stanley (ed.) The Comedy of Errors (The New Penguin Shakespeare; London: Penguin, 1972)
SwipeSpeare The Comedy of Errors (Golgotha Press, Inc., 2011)
Wells, Stanley; Taylor, Gary; Jowett, John and Montgomery, William (eds.) The Oxford Shakespeare: The Complete Works (Oxford: Oxford University Press, 1986; 2nd edn., 2005)
Werstine, Paul and Mowat, Barbara A. (eds.) The Comedy of Errors (Folger Shakespeare Library; Washington: Simon & Schuster, 1996)
Whitworth, Charles (ed.) The Comedy of Errors (The Oxford Shakespeare: Oxford: Oxford University Press, 2002)