কলমকাৰী (ইংৰাজী: Kalamkari) হ'ল হাতেৰে অঁকা বা ব্লক-প্ৰিণ্টেড কটন টেক্সটাইল, যি ইচফাহান আৰু ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু তেলঙ্গানাত উৎপাদিত হয়। কেৱল প্ৰাকৃতিক ভাবে উৎপাদিত ৰং আৰু ৰঞ্জকহে কলমকাৰীত প্ৰয়োগ হয়। এইবোৰ তেইশটা প্ৰক্ৰিয়াৰ মাজেৰে তৈয়াৰ হয়।
ভাৰতত কলমকাৰী চিত্ৰশিল্পৰ দুটা শৈলী আছে- শ্ৰীকলাহস্তী শৈলী আৰু মচলিপট্টম শৈলী। শ্ৰীকলাহস্তী শৈলীত বিষয়বস্তুৰ মুক্তহস্ত চিত্ৰণ আৰু ৰঙেৰে ভৰাবলৈ কলম বা পেন ব্যৱহাৰ কৰা হয়। ইয়াত গোটেই কামখিনি হাতেৰে কৰা হয়। এই কলা-কৌশল ঘাইকৈ মন্দিৰসমূহ আৰু ইয়াৰ সংৰক্ষণৰ চাৰিওদিশে বিয়পি থকাৰ বাবে ইয়াৰ এক ধৰ্মীয় পৰিচিতি আছে। সাঁচিপতীয়া ধৰ্ম-পুথি, মন্দিৰৰ ধ্বজা, ৰথৰ বেনাৰ আৰু মহাভাৰত, ৰামায়ণ, পুৰাণ আদিৰ দৰে হিন্দু মহাকাব্যৰপৰা লোৱা দেৱ-দেৱী আৰু অন্যান্য চিত্ৰত ইয়াৰ নিদৰ্শন পোৱা যায়। কমলা দেৱী চট্টোপাধ্যায়ৰ বাবে এই শিল্পকলাই আজিৰ পৰিচিতি লাভ কৰে, যি সৰ্ব ভাৰতীয় হস্তকলা বৰ্ডৰ অধ্যক্ষৰূপে প্ৰথমে এই শিল্পক জনপ্ৰিয় কৰে।
আদিতে কলমকাৰীক পট্টচিত্ৰ বুলি জনা গৈছিল। উৰিষ্যা আৰু ভাৰতৰ অন্যান্য ঠাইৰ লগতে নেপালত এই শৈলীৰ অনুশীলন কৰা হৈছিল।[1] 'পট্টচিত্ৰ' (সংস্কৃত:पट्टचित्र) নামটোত পট্ট মানে হৈছে কাপোৰ আৰু চিত্ৰ মানে ছবি।[2] অৰ্থাৎ কাপোৰত অংকিত ছবি। মধ্যকালীন ইছলামিক শাসনকালত, কলমকাৰী শব্দটো পাৰ্ছিয়ান শব্দ قلمکار পৰা উদ্ভৱ হৈছে বুলি কোৱা হৈছে- য'ত কলম মানে পেন আৰু কাৰী মানে ক্ৰাফ্টমেনশ্বিপ অৰ্থাৎ হস্তকলা। গোলকুণ্ডা চুলটানিৰ পৃষ্ঠপোষকতাত এই হস্তকলা জনপ্ৰিয় হৈছিল।[3]
এই কলা অংকনৰ পাছত এষ্ট্ৰিনজেণ্ট আৰু ম'হৰ গাখীৰত ডুবাই ৰাখি ৰ'দত শুকুৱা হয়।[4] পিছত অংকনৰ ৰঙা, ক'লা, মটীয়া আৰু বেঙুণীয়া অংশক এক মোৰ্ডেণ্টেৰে ৰেখাংকন কৰা হয় আৰু এলিজৰিনেৰে কাপোৰখন ধোৱা হয়।[4] ইয়াৰ পিছৰ স্তৰটি হ'ল ম'মেৰে নীলা ডাই কৰা অংশৰ বাহিৰে বাকী কাপোৰখন ঢাকি ৰাখি ইণ্ডিগ' ডাইত ইয়াক ডুবাই দিয়া। ম'মখিনি তেতিয়া আঁতৰাই বাকী অংশ ইণ্ডোনেছিয়ান বাতিক পেইণ্টৰ দৰে হাতেৰে ৰং বোলোৱা হয়।[4]
ডিজাইনসমূহ অংকন কৰিবলৈ শিল্পীসকলে বাঁহৰ নহ'লে খেজুৰৰ এডাল শলা ব্যৱহাৰ কৰে, ইয়াৰ এটা মূৰ জোঙা কৰি মিহি চুলিৰে সেই অংশ ব্ৰাছৰ দৰে বনোৱা হয়।[5] এই ব্ৰাছ বা কলমটো গোৰাই থোৱা গুড় আৰু পানীৰ মিশ্ৰণত তিয়াই এটাৰ পিছত আনটো ব্যৱহাৰ কৰা হয়। পিছত ইয়াত শাক-পাচলিৰে তৈয়াৰী ডাই ব্যৱহৃত হয়। ইৰাণত, কাঠৰ ষ্টাম্পত কটা ডিজাইন ব্যৱহাৰ কৰি ৰং বোলোৱা হয়।[6]
বিভিন্ন গছৰ শিপা, পাত আৰু খনিজ লৱণ যেনে আইৰণ, টিন, ক'পাৰ আৰু ফিটকিৰিৰপৰা কাপোৰত দিয়া ৰং সমূহ সংশ্লেষণ কৰা হয়।[5] প্ৰাকৃতিক ৰং পাবৰ বাবে গৰুৰ গোৱৰ, বিভিন্ন ধৰণৰ বীজ, গছ আৰু মোহাৰি লোৱা ফুলৰ পাপৰি ব্যৱহাৰ কৰা হয়; এইবোৰে ৰঙত বিভিন্ন প্ৰভাৱ পেলায়। কলমকাৰীত ম'হৰ গাখীৰৰ লগতে গাখীৰৰপৰা ওলোৱা গোন্ধ নাশৰ বাবে আমলখিৰ ৰস ব্যৱহৃত হয়। আমলখিত থকা ফিক্সিং এজেণ্টে কাপোৰত সহজতে ৰং বহাত সহায় কৰে। এই শৈলীত ফিটকিৰিৰ ব্যৱহাৰে কাপোৰত ব্যৱহৃত ৰঙক স্থায়িত্ব প্ৰদান কৰে।
কলমকাৰীত বিশেষকৈ ৰামায়ণ আৰু মহাভাৰতৰ চিত্ৰসমূহ অংকিত হয়। অৱশ্যে আজিকালি বুদ্ধ আৰু বৌদ্ধ ধৰ্মীয় কলাৰ ৰূপ সমূহো কলমকাৰীত চিত্ৰিত কৰা হয়।[7]
আজিকালি এই কাম ডিজিটেল পদ্ধতিত কৰা হয়। নতুন যুগত নতুন প্ৰকাৰ আৰু নতুন পদ্ধতিৰে ভাৰত আৰু ইৰাণত কলমকাৰী আৰ্ট বহুলভাৱে ডিজিটেল মাধ্যমত কৰা হয়। ভাৰতত ডিজিটেল প্ৰিণ্টৰ চিল্ক, মলমল, কপাহী আৰু চিন্থেটিক শাৰী বিক্ৰী কৰা হয়। প্ৰকৃত কলমকাৰী আৰ্টতকৈ এই পদ্ধতি সহজ। কলমকাৰী প্ৰিণ্টৰ দুপাট্টা আৰু ব্লাউজ ভাৰতীয় মহিলা সকলৰ মাজত জনপ্ৰিয়।