১৯৯১ চনৰ কলম্বিয়াৰ সংবিধানত প্ৰতিষ্ঠা কৰা অনুসৰি কলম্বিয়াৰ মহিলাসকলৰ শাৰীৰিক অখণ্ডতা আৰু স্বায়ত্তশাসনৰ অধিকাৰ আছে৷ তেওঁলোকৰ ভোট দিয়া; ৰাজহুৱা পদবীত অধিষ্ঠিত হোৱা; কামলৈ যোৱা; ন্যায্য মজুৰি বা সমান দৰমহা লাভ কৰা; সম্পত্তিৰ মালিক হোৱা; শিক্ষা লাভ কৰা; কিছুমান বিশেষ কৰ্তব্যত সামৰিক বাহিনীত সেৱা আগবঢ়োৱা অধিকাৰ আছে৷ কিন্তু tতেওঁলোকক যুদ্ধ অস্ত্ৰ ইউনিটৰ পৰা বাদ দিয়া হৈছে; আইনী চুক্তিত স্বাক্ষৰ কৰা; আৰু বৈবাহিক, পিতৃ-মাতৃ আৰু ধৰ্মীয় অধিকাৰৰ বঞ্চিত কৰা হৈছে। ২০ শতিকাৰ আৰম্ভণিৰ পৰাই কলম্বিয়াত নাৰীৰ অধিকাৰ ক্ৰমান্বয়ে বিকশিত হৈ আহিছে।[1]
কলম্বিয়াৰ মহিলাসকলে সামৰিক দিশত অতি গুৰুত্বপূৰ্ণ, মূলতঃ সমৰ্থক বা চোৰাংচোৱা হিচাপে কাম কৰি আহিছে৷ যেনে: স্পেনিছ সাম্ৰাজ্যৰ পৰা কলম্বিয়াক স্বাধীনতা লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পলিকাৰ্পা চালাভাৰিয়েটাৰ ক্ষেত্ৰত। ৱাইউৰ দৰে কিছুমান খিলঞ্জীয়া গোটে মাতৃতন্ত্ৰবাদী সমাজ এখন ধাৰণ কৰে য’ত এগৰাকী নাৰীৰ ভূমিকা কেন্দ্ৰীয় আৰু তেওঁলোকৰ সমাজৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। ঔপনিৱেশিক যুগত স্পেনিছ উপনিৱেশিকসকলে খিলঞ্জীয়া গোটৰ মহিলাসকলক অতিশয় লক্ষ্য কৰি লৈছিল। বহুতো খিলঞ্জীয়া মহিলা দাসত্ব, ধৰ্ষণ আৰু নিজৰ সাংস্কৃতিক পৰিচয় হেৰুৱাৰ বলি হৈছিল।[2] সমগ্ৰ ঔপনিৱেশিক যুগ, ১৯ শতিকা আৰু গণৰাজ্য যুগৰ প্ৰতিষ্ঠাৰ সময়ছোৱাত কলম্বিয়াৰ মহিলাসকলক পুৰুষ প্ৰধান সমাজত গৃহিণী হিচাপে অৱনমিত কৰা হৈছিল। মহিলাসকলৰ শিক্ষা ধনীসকলৰ মাজতে সীমাবদ্ধ আছিল আৰু তেওঁলোকক ৰোমান কেথলিক শিক্ষাৰ অধীনত মঠত মধ্যবিদ্যালয়লৈকেহে অধ্যয়ন কৰিবলৈ দিয়া হৈছিল। ১৯৩৪ চনৰ ১০ ডিচেম্বৰত কলম্বিয়াৰ কংগ্ৰেছে মহিলাসকলক অধ্যয়নৰ অধিকাৰ প্ৰদানৰ বাবে এখন আইন দাখিল কৰে। এই আইনখনে বিতৰ্কৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত মহিলাৰ অধিকাৰৰ সৈতে জড়িত যিকোনো বিষয়তো সংঘাতৰ সূচনা কৰিছিল।
এই দেশত সহবাস অতি সাধাৰণ৷ গৰিষ্ঠসংখ্যক সন্তান বিবাহ-বৰ্হিভূত সম্পৰ্কৰ ফলত জন্ম হয়। ২০০০ চনত ৫৫.৮% জন্ম সহবাস কৰা মাতৃৰ, ২২,৯% বিবাহিত মাতৃৰ আৰু ২১,৩% অকলশৰীয়া মাতৃৰ (সংগীৰ সৈতে বাস নকৰা)ৰ জন্ম হয়।[3] যোৱা দশকবোৰত পাৰিবাৰিক জীৱনৰ বহু পৰিৱৰ্তন হৈছে৷ ১৯৭০ চনত ৬৮.৮% জন্ম বিবাহ-বৰ্হিভূত আছিল;[4]আৰু কলম্বিয়াত ১৯৯১ চনতহে বিবাহ বিচ্ছেদ বৈধ কৰা হৈছিল।[5]
১৯৯০ চনত কলম্বিয়াই ঘৰুৱা হিংসাৰ বিৰুদ্ধে যুঁজিবলৈ লে ২৯৪ ডি ১৯৯৬ প্ৰণয়ন কৰে।[6] ২০০৮ চনত লে ১২৫৭ ডি ২০০৮ চনত মহিলাৰ বিৰুদ্ধে হিংসা-বিৰোধী এক বিস্তৃত আইন প্ৰণয়ন কৰা হয়।[7] ১৯৯৬ চনত বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা হয়।[8] কলম্বিয়াৰ সংবিধানৰ ৪২ নং অনুচ্ছেদত উল্লেখ আছে যে "পাৰিবাৰিক সম্পৰ্ক দম্পতীটোৰ অধিকাৰ আৰু কৰ্তব্যৰ সমতা আৰু ইয়াৰ সকলো সদস্যৰ পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। পৰিয়ালত যিকোনো ধৰণৰ হিংসাক ইয়াৰ সমন্বয় আৰু ঐক্যৰ প্ৰতি ধ্বংসাত্মক বুলি গণ্য কৰা হয়, আৰু আইন অনুসৰি সেয়া কাৰ্যকৰী হ'ব।"[9]