কলিকতা | |
---|---|
মহানগৰ | |
উপনাম: চিটি অৱ জয় | |
দেশ | ভাৰত |
ৰাজ্য | পশ্চিমবংগ |
চৰকাৰ | |
• ধৰণ | পৌৰ নিগম |
• মেয়ৰ | সোভন চেতাৰ্জী[1] |
• চেৰিফ | ইন্দ্ৰজিত ৰায়[2] |
• Police commissioner | Ranjit Kumar Pachnanda[3] |
জনসংখ্যা (2011) | |
• মহানগৰ | 44,86,679 |
• স্থান | ৭ |
• মেট্ৰ’ | 1,41,12,536 |
• Metro rank | ৩ |
কলিকতা বা কলকাতা (ইংৰাজী: Kolkata; বা Calcutta, বঙালী: কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা" বুলি কোৱা হৈছিল। ই ভাৰতৰ মহানগৰসমূহৰ ভিতৰত অন্যতম। হুগলীৰ পূব দিশত অৱস্থিত[4] এই নগৰৰ পৌৰ এলেকাৰ জনসংখ্যা ৫০ লাখৰো অধিক। কলিকতা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহৰ অংশবিশেষক লৈ গঠিত বৃহত্তৰ কলিকতাৰ জনসংখ্যা ১ কোটি ৪০ লাখৰ ওচৰা-ওচৰি। জনসংখ্যাৰ দৃষ্টিকোণৰ পৰা কলিকতা ভাৰতৰ তৃতীয় বৃহত্তম চহৰ আৰু দ্বিতীয় বৃহত্তম মেট্ৰোপলিটান বা মহানগৰীয় অঞ্চল আৰু বিশ্বৰ অষ্টম বৃহত্তম মহানগৰ অঞ্চল।[5] কলিকতা পৌৰ এলেকাৰ উত্তৰে উত্তৰ ছব্বিশ পৰগণা; পূবে উত্তৰ আৰু দক্ষিণ ছব্বিশ পৰগণা; দক্ষিণে দক্ষিণ ছব্বিশ পৰগণা জিলা অৱস্থিত আৰু পশ্চিমে হুগলি নদী। হুগলী নদীয়ে মহানগৰখনক হাওৰা জিলাৰ পৰা পৃথক কৰিছে।
১৯৭২ চনত মুৰ্চিদাবাদ নগৰৰ পৰা বঙ্গৰ ৰাজধানী কলিকতালৈ স্থানান্তৰ কৰে। ১৯১১ চনলৈ কলিকতা কেৱল বঙ্গৰে নহয়, সমগ্ৰ ব্ৰিটিছ ভাৰতৰে ৰাজধানী আছিল। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত ই পশ্চিমবংগৰ ৰাজধানী হয়। সেই সময়ত ই আধুনিক ভাৰতৰ শিক্ষা, বিজ্ঞান, শিল্প, সংস্কৃতি আৰু ৰাজনীতিৰ পীঠস্থান। ১৯৫৪ চনৰ পিছত ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিক অৱক্ষয়ৰ ফলত সেই গৌৰৱ বহু পৰিমাণে ম্লান হয়। পিছে ২০০০ চনৰ পাছৰ পৰা এই নগৰ পুনৰায় অৰ্থনৈতিক আৰু বাণিজ্যিক সমৃদ্ধিৰ পথত অগ্ৰসৰ হয়।
কলিকতা মহানগৰৰ প্ৰসিদ্ধি বৈপ্লৱিক আন্দোলন আৰু সুদীৰ্ঘ সাংস্কৃতিক ঐতিহ্যৰ বাবে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত আৰু ইয়াৰ পৰৱৰ্তী কালত গা কৰি উঠা বামপন্থী আন্দোলনৰ ক্ষেত্ৰত এই মহানগৰখনে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আনফালে ভাৰতৰ প্ৰধান প্ৰধান সাংস্কৃতিক আন্দোলনবোৰৰো প্ৰাণকেন্দ্ৰ আছিল এই মহানগৰ। যাৰবাবে ইয়াক 'ভাৰতৰ সাংস্কৃতিক ৰাজধানী' বুলি অভিহিত কৰা হয়।[6] কলিকতাত বিভিন্ন ভাষা-ভাষী, জাতি, ধৰ্মৰ লোকে শান্তিপূৰ্ণ আৰু সৌহাৰ্দ্যময় সহাৱস্থানৰ বাবে ইয়াৰ 'আনন্দ নগৰী' বা 'চিটি অৱ জয়' নামেৰেও আখ্যা দিয়া হয়। ৰাজা ৰামমোহন ৰায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, স্বামী বিবেকানন্দ, ৰোনাল্ড ৰছ, সুভাষ চন্দ্ৰ বসু, মাদাৰ টেৰেছা, সত্যজিৎ ৰায়, সত্যেন্দ্ৰনাথ বসু, চি ভি ৰমন, অমৰ্ত্য সেন আদি বিশ্ববৰেণ্য ব্যক্তিত্বৰ কৰ্মভূমি এই কলিকতা মহানগৰ।
ব্ৰিটিছসকল অহাৰ পূৰ্বে বৰ্তমান কলকাতা অঞ্চলত সূতানুটি, গোবিন্দপুৰ আৰু কলিকাতা নামৰ তিনিখন গাঁও আছিল। বঙালীৰ "কলকাতা" আৰু ইংৰাজীৰ "কেলকাটা" নামৰ উৎস এই "কলিকাতা" শব্দটো।[7] "কলিকাতা" নামটোৰ ব্যুৎপত্তিৰ প্ৰসঙ্গত গৱেষকসকলৰ মাজত মতবিৰোধ আছে। এটা মত অনুসৰি, "কলিকাতা" শব্দটোৰ উৎপত্তি "কালীক্ষেত্ৰ" শব্দৰ পৰা; যাৰ অৰ্থ "দেৱী কালীৰ ৰাজ্য ", মতান্তৰত এই শব্দটোৰ উৎস বঙালী "কিলকিলা" শব্দটো ; যাৰ অৰ্থ "চেপেটা অঞ্চল "।[8] আন এটা মত অনুসৰি খাল (নলা) শব্দটোৰ সৈতে কাট্টা (খনন কৰা) শব্দ যোগ হৈ এই শব্দটো সৃষ্টি কৰিছে।[9] আকৌ অন্য এটা মত অনুসৰি এই অঞ্চলত উন্নত মানৰ 'পোৰা চূণ' (কলি) আৰু 'নাৰিকলৰ ৰচী' (কাতা) উৎপাদন হোৱা বাবেই এই অঞ্চলৰ নাম হয় কলিকাতা।[10] ভাষাতাত্ত্বিক সুকুমাৰ সেনে অৱশ্যে কলিকাতা নামটোৰ এটা সম্পূৰ্ণ ভিন্নতৰ ব্যুৎপত্তি ব্যাখ্যা কৰিছে। তেখেতৰ মতে :[11]
'কলিকাতা' – শব্দটো আহিছে পাৰ্চী ভাষাত গৃহীত দুটি আৰবী মূলৰ শব্দৰ সংযোগত- 'কলি' (qali) মানে "অস্থিৰ; নিৰ্বোধ ", আৰু 'কাতা' (qatta) মানে "বদমাচৰ দল; হত্যাকাৰী "। নামটো যথেষ্ট যুক্তিপূৰ্ণ; কিয়নো গঙ্গাৰ পূব পাৰৰ জলাশয় আৰু জঙ্গলে আৱৰা অঞ্চলটো জলদস্যু, স্থলদস্যু আৰু বিভিন্ন দেশী-বিদেশী বদমাচৰ লুকোৱাৰ ঠাই আছিল।
২০০১ চনত কলকাতাৰ চৰকাৰী ইংৰাজী নাম কেলকাতা ( "Calcutta ") পৰিবৰ্তন কৰি কলকাতা ( "Kolkata ") কৰা হয়। কোনো কোনোৱে এই নাম পৰিবৰ্তনক মহানগৰখনৰ পৰা ব্ৰিটিছ উত্তৰাধিকাৰ মচি পেলোৱাৰ প্ৰচেষ্টা বুলি অভিহীত কৰিছে।[12] সকলো বিদেশী গণ-মাধ্যমে এই নাম পৰিবৰ্তনক গ্ৰহণ কৰা নাই। তথাপি বিবিচিয়ে 'বোম্বে'ৰ পৰিবৰ্তে 'মুম্বাই'[13] আৰু 'কেলকাতা'ৰ পৰিবৰ্তে 'কলকাতা' নাম দুটা গ্ৰহণ কৰিছে।[14]
কলকাতাৰ ওচৰৰ চন্দ্ৰকেতুগড়ত[15] পুৰাতাত্বিক খননকাৰ্য চলাই প্ৰমাণ পোৱা গৈছে যে এই অঞ্চলত দুই শতাব্দীৰো আগৰপৰা ইয়াত জনবসতি আছে।[16] মধ্যযুগীয় বঙালী সাহিত্যৰ একাধিক গ্ৰন্থত হুগলি নদীৰ পাৰত অৱস্থিত কলিকাতা গাঁৱৰ উল্লেখ পোৱা যায়। ইয়াৰ মাত উল্লেখযোগ্য হ'ল বিপ্ৰদাস বিপলাইৰ মনসামঙ্গল কাব্য (১৮৯৫ খৃঃ), মুকুন্দৰাম চক্ৰৱৰ্তীৰ চণ্ডীমঙ্গল (১৫৯৪-১৫০৬), চৈয়দ আলাওলৰ পদ্মাৱতী (১৬৪৫-৫২ খৃঃ) কৃষ্ণৰাম দাসৰ কালিকামঙ্গল (১৬৭৬-৭৭), সনাতন ঘোষালৰ ভাষা ভগৱত (১৬৭৯-৮০) আৰু কৃষ্ণদালৰ নাৰদপুৰাণ (১৬৯২)।[17][18] ১৫৮২ চনত ৰাজা টোডৰমলৰ নিৰ্দেশত সমগ্ৰ বঙ্গ প্ৰদেশ জৰীপ কৰি 'ৱালিচ-ই-জমা-তুমাৰ নামে' এখন তালিকা প্ৰস্তুত কৰে। আবুল ফজলৰ আইন-ই-আকবৰী )১৫৯০ খৃঃ) গ্ৰন্থত উদ্ধৃত এই তালিকাখনত 'কলিকাতা' গাঁৱৰ উল্লেখ কৰা হৈছে।[17][18] ইয়াৰ বাদেও গোলাম হোচেন চেলিম ৰচিত পাৰ্চী গ্ৰন্থ 'ৰিয়াজ-উস-চালাতিন'তো (১৭৮৬) 'কলিকাতা' গাঁৱৰ উল্লেখ আছে।[17] ১৬৯০ চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বঙ্গদেশত বাণিজ্য বিস্তাৰৰ বাবে এই অঞ্চলত পদাৰ্পন কৰে। সেই সময়ৰ পৰাই কলিকাতাৰ লিখিত ইতিহাসৰ সূচনা হয়। সামাজ্যবাদী ইতিহাসবিদসকলে জব চাৰ্নক নামৰ এজন কোম্পানীৰ প্ৰশাসকক কলিকাতাৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰিছিল[8] যদিও আধুনিক গবেষকসকলে এই মত খণ্ডন কৰিছে। ২০০৩ চনত এটা জনস্বাৰ্থ জড়িত গোচৰ এটাৰ প্ৰসঙ্গত কলকাতা উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে কোনো নিৰ্দিষ্ট ব্যক্তিক কলকাতাৰ প্ৰতিষ্ঠাপক আখ্যা দিব পৰা নাযায়।[19]
সপ্তদশ শতাব্দীৰ শেষভাগত বৰ্তমান কলকাতা অঞ্চলটো 'সূতানুটি', 'গোবিন্দপুৰ' আৰু 'কলিকাতা' গাঁও নামে তিনিখন গাঁৱত বিভক্ত আছিল। গাঁও তিনিখন বঙ্গৰ নবাবৰ প্ৰত্যক্ষ শাসনাধীন আছিল। এই সময়ত ইংৰাজৰ প্ৰবল প্ৰতিদ্বন্দ্ব্বী 'ওলণ্ডাজ', 'পৰ্তুগীজ', 'ফৰাচী' আদি শক্তিক প্ৰতিহত কৰিবলৈ ইংৰাজ কৰ্তৃপক্ষই 'গোবিন্দপুৰ' গাঁৱত এটা দুৰ্গ নিৰ্মাণৰ পৰিকল্পনা কৰে। ১৭০২ চনত 'ফোৰ্ট উইলিয়াম দুৰ্গ' নিৰ্মাণ কাৰ্য সমাপ্ত হয়।[20] এই দুৰ্গটো একাধাৰে এটা সেনা নিবাস আৰু আঞ্চলিক সেনা কাৰ্যালয়। কলকাতাক 'প্ৰেচিডেঞ্চি চিটি' বুলি ঘোষণা কৰা হয় আৰু ইয়াত বেঙ্গল প্ৰেচেডেঞ্চিৰ সদৰ কাৰ্যালয় স্থাপন কৰা হয়।[21] এই সময়ত ফৰাচী বাহিনীৰ সৈতে কোম্পানীৰ সৰু-সুৰা সংঘৰ্ষ লাগি থাকে। ফৰাচীসকলক প্ৰতিহত কৰিবলৈ ১৭৫৬ চনত ফোৰ্ট উইলিয়াম দূৰ্গৰ সংস্কাৰ আৰম্ভ কৰে। বঙ্গৰ তদানিন্তন নবাব চিৰাজদ্দৌলাই এই সামৰিক আয়োজনৰ প্ৰতিবাদ জনালেও ইংৰাজ কৰ্তৃপক্ষই ইয়াত কাণ নিদিলে। ক্ষুব্ধ চিৰাজদ্দৌলাই কলকাতা আক্ৰমণ কৰি দূৰ্গ দখল কৰি ল'লে আৰু ইংৰাজসকলক তাৰপৰা খেদি পঠিয়ালে। ইয়াৰ পিছতে ইংৰাজসকলে কুখ্যাত অন্ধকূপ হত্যাৰ কাহিনী ৰটনা কৰে।[22] অৱশ্যে এক বছৰ পিছত ৰবাৰ্ট ক্লাইৱৰৰ নেতৃত্বত কোম্পানিৰ বাহিনীয়ে কলকাতা পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।[22] ১৭৭২ চনত কলকাতা ব্ৰিটিছ ভাৰতৰ ৰাজধানী ঘোষিত হয়। পৰৱৰ্তীকালত ১৮৬৪ চনৰ পৰা ভাৰতৰ গ্ৰীষ্মকালীন ৰাজধানী বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যৰ শৈলনগৰ ছিমলাত সাময়িকভাবে স্থানান্তৰিত কৰাৰ প্ৰস্তুতি আৰম্ভ হয়।[23] ঊনবিংশ শতাব্দীৰ প্ৰথম ভাগত কলকাতাৰ চৌপাশৰ জলাহভূমি পুতি পেলোৱা হয় আৰু হুগলি নদীৰ পাৰ অঞ্চলত চৰকাৰী কাৰ্যালয় আৰু বাসভৱন গঢ়ি তোলা হয়। গৱৰ্নৰ জেনেৰেল লৰ্ড ৱেলেচলিৰ (১৭৯৭- ১৮০৫) শাসন কালত কলকাতাৰ উল্লেখনীয় বৃদ্ধি ঘটিছিল। তেখেতৰ আমোলতে নগৰখনৰ অধিকাংশ চৰকাৰী ভৱনৰ নিৰ্মাণ-কাৰ্য আৰম্ভ হয়। এই ভৱনসমূহৰ বিশালতা[24] অষ্টাদশ আৰু ঊনবিংশ শতাব্দীত কলকাতা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কানি ব্যৱসায়ৰ অন্যতম কেন্দ্ৰ আছিল। স্থানীয়ভাবে উৎপাদিত কানি কলকাতাত নিলাম কৰি তাৰপৰা জাহাজত চীনলৈ পঠোৱা হৈছিল।[25]
ঊনবিংশ শতাব্দীৰ প্ৰথম ভাগত কলকাতা দুভাগত বিভক্ত হয়। নগৰৰ ব্ৰিটিছসকল বাস কৰা দক্ষিণ অংশক হোৱাইট টাউন আৰু ভাৰতীয়সকল বাস কৰা উত্তৰৰ অংশটোক ব্লেক টাউন বোলা হৈছিল।[26] ১৮৫০ৰ দশকৰ পৰা কলকাতা নগৰ বস্ত্ৰশিল্প আৰু পাটশিল্পত বিশেষ সমৃদ্ধি অৰ্জন কৰিবলৈ আৰম্ভ কৰে। ফলস্বৰূপে ব্ৰিটিছ চৰকাৰে ইয়াত ৰেলপথ আৰু টেলিগ্ৰাফ আদি পৰিগাঁথনিৰ উন্নয়নৰ বাবে প্ৰচুৰ ধন বিনিয়োগ কৰে। ব্ৰিটিছ আৰু ভাৰতীয় সংস্কৃতিৰ সংমিশ্ৰণত নগৰীয়া বঙালীসকলৰ মাজত এক নব্য বাবু শ্ৰেণীৰ উদ্ভৱ হৈছিল। এই বাবুসকল সাধাৰণতে উচ্চ বৰ্ণৰ, ইংৰাজী শিক্ষাৰে শিক্ষিত আৰু সংবাদ পত্ৰৰ পাঠক আছিল। পেচাগতভাবে এওঁলোক আছিল জমিদাৰ, চৰকাৰী কৰ্মচাৰী বা শিক্ষক।[27] ঊনবিংশ শতাব্দীত বঙালী সমাজৰ চিন্তাধাৰা আৰু ৰুচিৰ আমূল পৰিবৰ্তন ঘটাবলৈ সক্ষম হোৱা বঙ্গৰ নৱজাগৰণ নামেৰে পৰিচিত যুগান্তকাৰী সামাজিক আৰু সাংস্কৃতিক সংস্কাৰ আন্দোলনৰ পটভূমিও আছিল কলকাতা নগৰ। বঙ্গৰ নৱজাগৰণ মাত্ৰ বঙ্গৰে নহয়, সমগ্ৰ ভাৰতৰে পথ-প্ৰদৰ্শক আছিল। এই আন্দোলনৰ পুৰোধা-পুৰুষ আছিল ৰাজা ৰামমোহন ৰায় (১৭৭২–১৮৩৩), হেনৰি লুই ভিভিয়ান ডিৰোজিও (১৮০৯–১৮৩১), ৰামতনু লাহিড়ী (১৮১৩–১৮৯৮), মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ (১৮১৭–১৯০৫), ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (১৮২০–১৮৯১), বঙ্কিমচন্দ্ৰ চট্টোপধ্যায় (১৮৩৮–১৮৯৪), ৰামকৃষ্ণ পৰমহংস (১৮৩৬–১৮৮৬), কেশৱচন্দ্ৰ সেন (১৮৩৮–১৮৮৪), স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) আদি ব্যক্তিসকল।
১৮৮৩ চনত সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে জাতীয় সন্মিলনৰ আয়োজন কৰে। এয়াই আছিল ঊনবিংশ শতাব্দীৰ ভাৰতৰ প্ৰথম ৰাজনৈতিক সন্মিলন।[8] লাহে-লাহে কলকাতা ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হয়। বিশেষকৈ ভাৰতৰ স্বাধীনতাৰ বিপ্লৱী সংগঠনসমূহৰ অন্যতম প্ৰধান কেন্দ্ৰত পৰিণত হয় এইখন নগৰ। ১৯০৫ চনত সাম্প্ৰদায়িক ভিত্তিত হোৱা বঙ্গভঙ্গৰ প্ৰতিবাদত কলকাতাত ব্যাপক গণবিক্ষোভ আৰু ব্ৰিটিছে উৎপাদন কৰা সামগ্ৰী বৰ্জনৰ (স্বদেশী আন্দোলন) আৰম্ভ হয়।[28] এইবোৰ গণআন্দোলনৰ তীব্ৰতা আৰু দেশৰ পূবভাগত অৱস্থিত কলকাতাৰ পৰা দেশ শাসনৰ প্ৰশাসনিক অসুবিধাৰ কাৰণে ১৯১১ চনত ব্ৰিটিছে ভাৰতৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰিত কৰিলে।[29] ১৯২৩ চনত কলকাতা পৌৰ আইনৰ অধীনত কলকাতাৰ স্থানীয় স্বায়ত্ত্বশাসন কৰ্তৃপক্ষ কলকাতা পৌৰ নিগম প্ৰতিষ্ঠিত হয়। ১৯২৪ চনত দেশবন্ধু চিত্তৰঞ্জন দাস এই পৌৰসভাৰ প্ৰথম মেয়ৰ নিৰ্বাচিত হয়। পিছলৈ সুভাষচন্দ্ৰ বসু, বিধানচন্দ্ৰ ৰায়, আবুল কাচেম ফজলুল হক আদি বিশিষ্ট স্বাধীনতা সংগ্ৰামীসকলেও এই পদ অলংকৃত কৰিছিল।[30] দ্বিতীয় বিশ্বযুদ্ধ চলি থকা অৱস্থাত জাপানী সেনাবাহিনীয়ে একাধিকবাৰ কলকাতা নগৰ আৰু বন্দৰত বোমাবৰ্ষণ কৰিছিল।[31] কলকাতাযত জাপানী বোমাবৰ্ষণৰ প্ৰথম আৰু শেষ ঘটনাটো ঘটে যথাক্ৰমে ১৯৪২ চনৰ ২০ ডিচেম্বৰ[32] আৰু ১৯৪৪ চনৰ ২৪ ডিচেম্বৰৰ দিনা।[33] যুদ্ধৰ সময়ত কলকাতাত পঞ্চাশৰ দশকত হোৱা দুৰ্ভিক্ষত লক্ষাধিক মানুহ মৃত্যুমুখত পৰে। এই দুৰ্ভিক্ষৰ কাৰণ আছিল সামৰিক তাণ্ডব, প্ৰশাসনিক ব্যৰ্থতা আৰু প্ৰাকৃতিক দুৰ্যোগ।[34] ১৯৪৬ চনত পৃথক মুচলন্ত ৰাষ্ট্ৰ পাকিস্তানৰ দাবীত এক ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষত কলকাতাযত চাৰি হাজাৰতকৈয়ো বেছি মানুহে প্ৰাণ হেৰুৱায়।[35][36][37] ভাৰত বিভাজনৰ সময়তো বহু মানুহ সাম্প্ৰদায়িকতাৰ চিকাৰ হয়। বিভাজনৰ পিছত বহুসংখ্যক মুচলন্ত পূব পাকিস্তানলৈ (বৰ্তমানৰ বাংলাদেশ) গুচি যায় আৰু পূব পাকিস্তানৰ লক্ষ লক্ষ হিন্দু কলকাতালৈ গুচি আহে। ফলস্বৰূপে নগৰৰ জনসংখ্যাত এক বৃহৎ পৰিবৰ্তন দেখা যায়।[38]
১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাত বাংলা প্ৰেচিডেঞ্চিৰ হিন্দুপ্ৰধান পশ্চিম অংশ পশ্চিমবংগ নামেৰে ভাৰতৰ এখন অঙ্গৰাজ্যত পৰিণত হয় আৰু কলকাতা এই ৰাজ্যৰ ৰাজধানীৰ মৰ্যাদা পায়। দেশ বিভাজনৰ বাবে উদ্ভৱ হোৱা তীব্ৰ অৰ্থনৈতিক সংকট আৰু পূব-পাকিস্তানৰ পৰা হোৱা হিন্দু শৰণাৰ্থীসকলৰ ব্যপক অনুপ্ৰবেশে নগৰীয় অৰ্থনীতিত প্ৰচণ্ড চাপৰ সৃষ্টি কৰে। এই সমস্যাৰ সৈতে যুঁজিবলৈ পশ্চমবঙ্গৰ তদানীন্তন মুখ্যমন্ত্ৰী ডাঃ বিধানচন্দ্ৰ ৰায়ে বহুতো কাৰ্যকৰী উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে। কলকাতাৰ জনসংখ্যাৰ হেঁচা কমাবলৈ তেতিয়াৰ ছবিশ পৰগণা জিলাত লৱণহ্ৰদ (বৰ্তমানৰ বিধাননগৰ) আৰু নদীয়া জিলাত কল্যাণী নামৰ দুখন পৰিকল্পিত নগৰ গঢ়ি তোলে।[39] বিধানচন্দ্ৰ ৰায়ৰ মৃত্যুৰ পিছত ১৯৬০ আৰু ১৯৭০ৰ দশকত তীব্ৰ বিদ্যুত সংকট, ধৰ্মঘট আৰু ঊগ্ৰ নক্সালবাদী আন্দোলনৰ ফলত মহানগৰৰ পৰি-গাঁথনি গভীৰভাবে ক্ষতিগ্ৰস্ত হয় আৰু অৰ্থনৈতিক অৱক্ষয়ৰ সূত্ৰপাত ঘটে।[40] ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধৰ সময়তো পূব পাকিস্তানেৰ বহুসংখ্যক মানুহে শৰণাৰ্থী হিচাপে কলকাতাত আশ্ৰয় লোৱাত নগৰৰ অৰ্থনীতিৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি হয়।[41] ১৯৮০ৰ দশকৰ মাজভাগত কলকাতাক চেৰ পেলাই মুম্বাই ভাৰতৰ সৰ্বাধিক জনবহুল নগৰৰ খ্যাতি অৰ্জন কৰে। ১৯৯০ৰ দশকত ভাৰত চৰকাৰৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিয়ে নগৰৰ হৃত গৌৰৱ উদ্ধাৰত বহু পৰিমাণে সহায়ক হয়। ২০০০ চনৰ পৰা তথ্য প্ৰযুক্তিয়ে কলকাতাৰ অৰ্থনীতিত নতুন গতিৰ সঞ্চাৰ কৰিছে। নগৰৰ উত্পাদন ক্ষেত্ৰখনতো উল্লেখনীয় বৃদ্ধি সম্ভৱ হৈছে।[42] বিংশ শতাব্দীৰ শেষৰ পিনে কলকাতা কমিউনিষ্ট আন্দোলনৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল। পশ্চিমবংগত ৩৩ বছৰ ধৰি মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টি নেতৃতাধীন বামফ্ৰণ্টে ৰাজ্য শাসন কৰিছিল।[43][44]
কলকাতা মহানগৰ পূব ভাৰতৰ ২২.৩৪° উত্তৰ অক্ষাংশ আৰু ৮৮.২১° পূব দ্ৰাঘিমাংশত গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ১.৫ মিটাৰৰ পৰা ৯ মিটাৰৰ ভিতৰত।[45] হুগলী নদীৰ পূব পাৰে উত্তৰা-দক্ষিণাকৈ কলকাতা মহানগৰৰ বিস্তাৰ হৈছে। পূৰ্বতে নগৰৰ অধিক অংশই জলাহ-ভূমি আছিল। জনসংখ্যা বৃদ্ধিৰ লগেলগে জলাহ অঞ্চল মাটিৰে পূৰাই বাসোপযোগী কৰি তোলা হয়।[46] অৱশিষ্ট জলাহ-ভূমি এতিয়া পূব কলকতা জলাহ-ভূমি নামেৰে পৰিচিত আৰু ৰামচাৰ কনভেনচন অনুযায়ী ইয়াক "আন্তৰ্জাতিক গুৰুত্বসম্পন্ন জলাহ-ভূমি "ৰ ৰূপ দিয়া হৈছে।[47]
সিন্ধু-গাঙ্গেয় সমভূমিৰ বেছিভাগ অঞ্চলৰ দৰে কলকাতাৰ মাটি আৰু পানী মূলতঃ alluvial প্ৰকৃতিৰ।
কলকাতা পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ। কলকাতা শ্বেয়াৰ বজাৰ ভাৰতৰ দ্বিতীয় বৃহত্তম শ্বেয়াৰ বজাৰ।[48] ই এটা প্ৰধান বাণিজ্যিক আৰু সামৰিক বন্দৰো। নেতাজী সুভাষচন্দ্ৰ বসু আন্তৰ্জাতিক বিমান বন্দৰ কলকাতাত অৱস্থিত। এসময়ৰ ভাৰতৰ ৰাজধানী আৰু অগ্ৰণী শিল্প-নগৰী কলকাতা স্বাধীনোত্তৰ কালত অস্থিৰ ৰাজনৈতিক আৰু উগ্ৰ ট্ৰেড-ইউনিয়নৰ আন্দোলনৰ চিকাৰ হৈ দ্ৰুত আৰ্থিক অৱনতিৰ পথত আগুৱাই যায়।[49] ১৯৬০ৰ দশকৰ পৰা ১৯৯০ৰ দশকলৈ এফালে যেনেকৈ মূলধন বিনিযোগ উল্লেখনীয়ভাবে কমি যায়, আনফালে তেনেকৈ বন্ধ হৈ যায় বৃহৎ কলকাৰখানা। অধিকাংশ কলকাৰখানাৰ উৎপাদন কমি আহে। বহুতে ব্যৱসায় অন্য ঠাইলৈ উঠাই লৈ যায়।[49] বিশ্ববজাৰত এই অঞ্চলত উৎপাদিত পাট আদি ঐতিহ্যবাহী সামগ্ৰীসমূহৰো চাহিদা কমি যায়। ফলস্বৰূপে নগৰৰ আৰ্থিক অৱস্থাত গুৰুতৰ সংকটে দেখা দিয়ে।[50]
১৯৯০ৰ দশকৰ ভাৰতৰ অৰ্থনীতিৰ উদাৰীকৰণ কলকাতাৰ অৰ্থনৈতিক পুনৰোত্থানত বিশেষ সহায়ক হয়। আজিও নমনীয় উৎপাদন ব্যৱস্থা কলকাতাৰ অৰ্থনীতিৰ এটা বৈশিষ্ট। ইনফৰমেল চেক্টৰত মুঠ শ্ৰম শক্তিৰ ৪০% তকৈয়ো অধিক নিয়োজিত হৈ আছে।[51] উদাহৰণ স্বৰূপে ২০০৫ চনৰ হিচাপ অনুযায়ী কলকাতাৰ পদপথৰ হকাৰসকলৰ মুঠ ব্যৱসায়ৰ পৰিমাণ আছিল ৮,৭৭২ কোটি ভাৰতীয় টকা (প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰ)।[52] নগৰৰ অন্যতম বৃহৎ কৰ্মশক্তি হ'ল ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল। ইয়াৰ বাদেও বিভিন্ন কায়িক আৰু বৌদ্ধিক শ্ৰমিকসহ এক বৃহৎ সংখ্যক অদক্ষ আৰু অৰ্ধদক্ষ শ্ৰমিকো মহানগৰখনত আছে। তথ্য-প্ৰযুক্তি শিল্পই মহানগৰখনৰ অৰ্থনৈতিক পুনৰুজ্জীৱনত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। তথ্য-প্ৰযুক্তি খণ্ডত বাৰ্ষিক বৃদ্ধিৰ হাৰ ৭০ শতাংশ, যিটো জাতীয় অৰ্থনৈতিক বৃদ্ধিৰ হাৰতকৈ দুগুণ।[42] বিগত কেইবছৰমানত ৰিয়েল ইষ্টেট খণ্ডত উল্লেখনীয় হাৰত বিনিয়োগ হৈছে। লগতে বহুতো নতুন নতুন আঁচনিয়ো লোৱা হৈছে।[53]
ডাঙৰ ডাঙৰ ভাৰতীয় কৰ্পোৰেচনসমূহৰ বহুতো উৎপাদন গোট কলকতাত অৱস্থিত। আই টি চি লিমিটেড, ভাৰত চৰকাৰৰ টাকশাল, এক্সাইড ইণ্ডাষ্ট্ৰীজ, হিন্দুস্তান মোটৰচ্, ব্ৰিটেনীয়া ইণ্ডাষ্ট্ৰীজ্, বাটা ইণ্ডিয়া, বিৰলা কৰ্পোৰেচন, কোল ইণ্ডিয়া লিমিটেড, দামোদৰ ভেলী কৰ্পোৰেচন, ইউনাইটেড বেংক অৱ ইণ্ডিয়া, ইউকো বেংক, এলাহাবাদ বেংক আদি বহুকেইটা আগশাৰীৰ সংস্থাৰ মুখ্য কাৰ্যালয় কলকাতাত অৱস্থিত। সাম্প্ৰতিকঁকালৰ ভাৰত চৰকাৰে গ্ৰহণ কৰা পূবলৈ চোৱা নীতিৰ আধাৰত লোৱা বিভিন্ন কাৰ্যসূচী, ভাৰত আৰু চীন সীমান্তৰ ছিক্কিমৰ নাথুলা গিৰিপথ খুলি দিয়া, দক্ষিণ-এছীয় দেশবোৰে ভাৰতীয় বজাৰত প্ৰবেশ কৰিবলৈ ইচ্ছুক হোৱা আদি পৰিঘটনাই কলকাতাৰ অৰ্থনৈতিক প্ৰগতিৰ বাট মুকলি কৰিছে।[54][55]
কলকাতাৰ স্থানীয় স্বায়ত্ত্বশাসন কৰ্তৃপক্ষ হ'ল কলকাতা পৌৰ নিগম। ১৯২৩ চনত আধুনিক স্বায়ত্ত্বশাসনমূলক সংস্থা হিচাপে এই অনুষ্ঠান গঠিত হয়।[56] ১৯৮০ চনত আইন সংশোধনৰ জৰিয়তে কলকাতা পৌৰ নিগমে আজিৰ ৰূপ পায়।[57] বৰ্তমান কলকাতাত ১৫টা borough আৰু ১৪১টা ৱাৰ্ড আছে।[58] ১৯৮০ চনৰ পৌৰ আইনৰ ভিত্তিত কলকাতাত ১৯৮৫ চনত প্ৰথম নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত বামফ্ৰণ্টে জয় লাভ কৰে। ইয়াৰ পিছত ১৯৯০ আৰু ১৯৯৫ চনৰ নিৰ্বাচনতো বামফ্ৰণ্টে ক্ষমতা দখল কৰে। ২০০০ চনত তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ২০০৫ চনত বামফ্ৰণ্ট ক্ষমতালৈ আহে। ২০১০ চনত তৃণমূল কংগ্ৰেছে পুনৰ জয়লাভ কৰে।[59] পৌৰ নিগমৰ ১৪১টা ৱাৰ্ডৰ বাবে একোজন ৱাৰ্ড সদস্য বা কাউঞ্চিলৰ নাগৰিকৰ ভোটত প্ৰত্যক্ষভাবে নিৰ্বাচিত হয়।[57] একোটা boroughৰ অন্তৰ্গত নিৰ্বাচিত ৱাৰ্ড সদস্যসকলে মিলি এখন borough কমিটি গঠন কৰে আৰু নিজৰ ভিতৰতে এজনক কমিটিৰ সভাপতি নিৰ্বাচন কৰে।[57] পৌৰ নিগমৰ প্ৰধান কাম-কাজ হ'ল- পানী যোগান; ৰাস্তা-ঘাট, চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় আৰু পৌৰ নিগমৰ বজাৰসমূহৰ তদাৰক কৰা, ঘৰ নিৰ্মাণ নিৱন্ধীকৰণ আৰু নিয়ন্ত্ৰণ, ৰাস্তাত বিজুলী-বাতিৰ ব্যৱস্থা কৰা, পয়ঃপ্ৰণালীৰ ৰক্ষণাবেক্ষণ, আৱৰ্জনা নিস্কাষণ আদি।[60]
|
|