![]() | |
![]() | |
নামসমূহ | |
---|---|
IUPAC নাম
(3β)-cholest-5-en-3-ol
| |
প্ৰণালীবদ্ধ IUPAC নাম
(3S,8S,9S,10R,13R,14S,17R)-10,13-dimethyl-17-[(2R)-6-methylheptan-2-yl]-2,3,4,7,8,9,11,12,14,15,16,17-dodecahydro-1H-cyclopenta[a]phenanthren-3-ol | |
আন নাম
Cholesterin, Cholesteryl alcohol[1]
| |
সূচক | |
3D model (JSmol)
|
|
ChEBI | |
ChEMBL | |
ChemSpider | |
ECHA InfoCard | 100.000.321 |
KEGG | |
PubChem <abbr title="<nowiki>Compound ID</nowiki>">CID
|
|
UNII |
|
CompTox Dashboard (<abbr title="<nowiki>U.S. Environmental Protection Agency</nowiki>">EPA)
|
|
| |
| |
বৈশিষ্ট্যসমূহ | |
ৰাসায়নিক গঠন
|
C27H46O |
আণৱিক ভৰ | 386.65 g/mol |
ৰূপ | বগা স্ফটিক পাউদাৰ[2] |
ঘনত্ব | 1.052 g/cm3 |
গলনাংক | 148 ৰ পৰা 150 °C (298 ৰ পৰা 302 °F; 421 ৰ পৰা 423 K) [2] |
উতলাংক | 360 °C (680 °F; 633 K) (decomposes) |
পানীত দ্ৰৱণীয়তা | 1.8 mg/L (30 °C)[3] |
দ্ৰৱণীয়তা | এচিট'ন, বেঞ্জিন, ক্ল'ৰ'ফৰ্ম, ইথানল, ইথাৰ, হেক্সেন, মিথানলত দ্ৰৱণীয় |
-284.2·10−6 cm3/mol | |
Hazards | |
Flash point | 209.3 ±12.4 °C [1] |
Except where otherwise noted, data are given for materials in their standard state (at 25 °C [77 °F], 100 kPa). | |
![]() ![]() ![]() | |
Infobox references | |
কলেষ্টেৰল বা Cholesterol (প্ৰাচীন গ্ৰীকৰ chole- (পিত্ত) আৰু ষ্টেৰচ (কঠিন), লগত এলক'হলৰ বাবে -ol ৰাসায়নিক অনুসৰ্গ) এক জৈৱ অণু। ই ষ্টেৰল (বা পৰিৱৰ্তিত ষ্টেৰইড)[4] নামৰ একপ্ৰকাৰৰ চৰ্বি। সকলো প্ৰাণী কোষে কলেষ্টেৰল উৎপন্ন কৰে আৰু ই প্ৰাণীৰ কোষ আৱৰণীৰ এক অত্যাৱশ্যকীয় উপাদান।
কলেষ্টেৰলে ষ্টেৰইড হৰম'ন, পিত্তৰস আৰু ভিটামিন ডিৰ জৈৱীয় উৎপাদনত পূৰ্বৰূপ হিচাপে ভাগ লয়।[5] কলেষ্টেৰল সকলো প্ৰাণীয়ে উৎপন্ন কৰা মুখ্য ষ্টেৰল। মেৰুদণ্ডী প্ৰাণীৰ দেহত যকৃতৰ কোষে আটাইতকৈ বেছি কলেষ্টেৰল উৎপন্ন কৰে। প্ৰকোষকেন্দ্ৰীয় (বেক্টেৰিয়া আৰু আৰ্কিয়া) জীৱত ই অনুপস্থিত। মাইক'প্লাজমা বেক্টেৰিয়াই বৃদ্ধিৰ বাবে কলেষ্টেৰল ব্যৱহাৰ কৰাৰ দৰে দুই-এটা ব্যতিক্ৰমো দেখা যায়।[6]
François Poulletier de la Salle নামৰ বিজ্ঞানীজনে ১৭৬৯ চনত প্ৰথমবাৰ পিত্ত পাথৰত কঠিন ৰূপৰ কলেষ্টেৰল আৱিষ্কাৰ কৰে। ইয়াৰ পাছত ১৮১৫ চনত Michel Eugène Chevreul নামৰ ৰসায়নবিদজনে যৌগবিধৰ নাম "cholesterine" ৰাখে।[7][8]
সকলো প্ৰাণীৰ বাবে কলেষ্টেৰল অত্যাৱশ্যকীয়। সকলো প্ৰানী কোষে এক জটিল ৩৭টা ধাপৰ প্ৰক্ৰিয়াৰে কলেষ্টেৰল প্ৰস্তুত কৰিব পাৰে। প্ৰথম ১৮টা ধাপ ষ্টেটিন নামৰ ঔষধে বাধা দিয়া mevalonate বা HMG-CoA reductase pathway। ইয়াৰ পাছত উৎপন্ন হোৱা -ক কলেষ্টেৰললৈ পৰিৱৰ্তন কৰিবলৈ ১৯তা ধাপ লাগে।
৬৮ কিলোগ্ৰাম ওজনৰ এজন পুৰুষে সাধৰাণতে দিনে প্ৰায় ১ গ্ৰাম (১০০০ মি:গ্ৰা:) কলেষ্টেৰল উৎপন্ন কৰে। তেওঁৰ দেহত প্ৰায় ৩৫ গ্ৰাম কলেষ্টেৰল থাকে; ইয়াৰে বেছিভাগ কোষ আৱৰণত থাকে।
|url=
(help)