কলেৰা | |
---|---|
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল | |
![]() Vibrio cholerae বেক্টেৰিয়াৰ স্কেনিং ইলেক্ট্ৰন অণুবীক্ষণ যন্ত্ৰৰে তোলা ছবি | |
আই.চি.ডি.-10 | A00 |
আই.চি.ডি.-9 | 001 |
ডিজিজেছ ডে'টাবে'ছ | 29089 |
মেডলাইন প্লাছ | 000303 |
ইমেডিচিন | med/351 |
MeSH | D002771 |
কলেৰা বুলিলে ভিব্ৰিঅ' কলেৰি (Vibrio cholerae) নামৰ বেক্টেৰিয়াবিধে মানুহৰ ক্ষুদ্ৰান্ত্ৰত কৰা সংক্ৰমণক বুজায়।[1] লক্ষণসমূহ শূন্যৰ পৰা অলপীয়া বা বেছি হ'ব পাৰে।[2] এই ৰোগৰ দ্ৰুপদী লক্ষণ হৈছে কেইদিনমানৰ বাবে পানীৰ নিচিনা ডায়েৰিয়া হোৱা।[3] ইয়াৰ লগতে বমি আৰু পেশী টানি ধৰা হ'ব পাৰে।[2] ডায়েৰিয়া ইমানেই তীব্ৰ হ'ব পাৰে যে কেইঘণ্টামানৰ ভিতৰতে নিৰ্জলীকৰণ আৰু লৱণৰ অভাৱ হ'ব পাৰে।[3] ইয়াৰ ফলত চকু কোটৰত সোমোৱা, ছাল চেঁচা পৰা, ছালৰ নমনীয়তা কমা, হাত-ভৰিৰ ছাল কোঁচ খোৱা আদি হ'ব পাৰে।[4] নিৰ্জলীকৰণৰ ফলত ছাল নীলা পৰিব পাৰে।[5] সংক্ৰমণৰ দুঘণ্টাৰ পৰা পাঁচ দিনৰ ভিতৰত লক্ষণবোৰ আৰম্ভ হয়।[2]
কলেৰা কেইবাপ্ৰকাৰৰ ভিব্ৰিঅ' কলেৰি বেক্টেৰিয়াই কৰে, তাৰে কিছুমান প্ৰকাৰে কৰা ৰোগৰ তীব্ৰতা অধিক। সাধাৰণতে ই মানুহৰ বিষ্ঠাৰে দূষিত পানী বা খাদ্যৰ জৰিয়তে বিয়পে।[3] ভালদৰে নৰন্ধা সাগৰীয় খাদ্য এটা প্ৰধান উত্স।[6] মানুহৰ বাহিৰে আন জন্তুৰ এই ৰোগ নহয়। কলেৰাৰ কাৰকবোৰৰ ভিতৰত নিম্নমানৰ অনাময়, বিশুদ্ধ খোৱা পানীৰ অভাৱ আৰু দৰিদ্ৰতা প্ৰধান। বিষ্ঠাৰ পৰীক্ষা কৰি কলেৰা ৰোগ নিৰূপণ কৰিব পাৰি।[3] এটা ক্ষিপ্ৰ ডিপ্ষ্টিক পৰীক্ষা আছে যদিও সেইটো নিখুঁত নহয়।[7]
প্ৰতিৰোধৰ বাবে অনাময় ব্যৱস্থাৰ উন্নতকৰণ আৰু বিশুদ্ধ খোৱা পানীৰ যোগান কৰিব পাৰি।[4] মুখেৰে দিয়া কলেৰা প্ৰতিষেধকে প্ৰায় ছমাহ সুৰক্ষা প্ৰদান কৰে। ই কলাই নামৰ বেক্টেৰিয়াই কৰা ডায়েৰিয়াৰ পৰাও ই সুৰক্ষা দিয়ে। কলেৰাৰ প্ৰধান চিকিৎসা হৈছে অৰেল ৰিহাইড্ৰেছন থেৰাপী য'ত ইলেক্ট্ৰ'লাইট চ'ল্যুচনেৰে নিৰ্জলীকৰণ আঁতৰোৱা হয়।[3] চাউল-ভিত্তিক চ'ল্যুচনক অগ্ৰাধিকাৰ দিয়া হয়।[8] তীব্ৰ ৰোগত ৰিংগাৰ লেক্টে'ট বা আন ইন্ট্ৰাভেনাছ ফ্লুইড দিয়া হয় আৰু এণ্টিবায়'টিকো কেতিয়াবা ব্যৱহাৰ কৰা হয়। কলেৰা বেক্টেৰিয়া কোনবিধ এণ্টিবায়'টিকৰ প্ৰতি সংবেদনশীল সেয়া পৰীক্ষা কৰি ল'লে সুবিধা হয়।[2]
২০১০ চনৰ তথ্য অনুসৰি কলেৰাই বিশ্বজুৰি প্ৰায় ৩-৫ নিযুত মানুহক প্ৰভাৱিত কৰে আৰু প্ৰায় ৫৮,০০০-১৩০,০০০ মানুহৰ মৃত্যু ঘটায়।[3][9] ইয়াক pandemic বুলি শ্ৰেণীকৰণ কৰা হ'লেও উন্নত দেশসমূহত ই বিৰল। শিশুবোৰ বেছিকৈ ৰোগত পৰে।[3][10] কলেৰা মহামাৰীৰূপে বা কিছুমান ঠাইত বহু দিন জুৰি থাকে। আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়া অঞ্চলত ৰোগৰ আশংকা বেছি। ৰোগৰ পৰা মানুহৰ ভিতৰত সাধাৰণতে ৫% মানৰহে মৃত্যু হয় যদিও চিকিৎসা নাপালে ই ৫০% লৈকে হ'ব পাৰে।[3] সংস্কৃত ভাষাত ৫ম শতিকাত হোৱা কলেৰাৰ বিৱৰণ পোৱা যায়।[4] ১৮৪৯ ৰ পৰা ১৮৫৪ চনৰ ভিতৰত জন স্ন'ৱে কলেৰাৰ বিষয়ে কৰা অধ্যয়নৰ ফলত ৰোগ বিতৰণৰ তথ্যৰ যথেষ্ট উন্নতি হয়।[4][11]
![]() |
ৱিকিমিডিয়া কমন্সত Cholera সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
![]() |
মুক্ত অভিধান ৱিক্সনেৰীত Cholera শব্দৰ অৰ্থ চাওক। |