কল্যাণ সুন্দৰম | |
---|---|
ভাৰতৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত | |
কাৰ্যকাল ২০ ডিচেম্বৰ ১৯৫৮ – ৩০ ছেপ্তেম্বৰ ১৯৬৭ | |
পূৰ্বসূৰী | সুকুমাৰ সেন |
উত্তৰসূৰী | এছ পি সেন বাৰ্মা |
ব্যক্তিগত তথ্য | |
জন্ম | ১১ মে', ১৯০৪ Kuttur [ta], Madras Presidency |
মৃত্যু | ২৩ ছেপ্টেম্বৰ, ১৯৯২ (৮৮ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
দাম্পত্যসঙ্গী | ইন্দিৰা সুন্দৰম |
সন্তান | বিবান সুন্দৰম |
পুৰস্কাৰ | পদ্ম বিভূষণ (১৯৬৮) |
কল্যাণ বৈদ্যনাথন কুট্টুৰ সুন্দৰম(ইংৰাজী: Kalyan Vaidyanathan Kuttur Sundaram, ১১ মে' ১৯০৪ – ২৩ ছেপ্টেম্বৰ ১৯৯২), যাক চমুকৈ কে ভি কে সুন্দৰম বুলিও কোৱা হয়, এগৰাকী ভাৰতীয় চৰকাৰী অসামৰিক সেৱাৰ কৰ্মচাৰী আছিল, যিয়ে স্বাধীন ভাৰতৰ প্ৰথম আইন সচিব (১৯৪৮–৫৮) আৰু ভাৰতৰ দ্বিতীয় মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে অভিলেখ গঢ়িছে (২০ ডিচেম্বৰ ১৯৫৮ – ৩০ ছেপ্টেম্বৰ ১৯৬৭)। তেওঁ ১৯৬৮–৭১ চনৰ বাবে ভাৰতৰ পঞ্চম আইন আয়োগৰ অধ্যক্ষও আছিল।[1] [2] ভাৰতৰ স্বাধীনতাৰ পিছত ভাষিক ৰেখাৰে অংকন কৰা ৰাজ্য গঠনৰ পথ প্ৰদৰ্শক হিচাপে ব্যৱহাৰ কৰা শ্বেতপত্ৰখনৰ প্ৰধান লেখক আছিল সুন্দৰম। ইয়াৰ বাবে তেওঁ লৰ্ড লুই মাউণ্টবেটেনৰ পৰা ব্যক্তিগত ধন্যবাদ আৰু উচ্চ প্ৰশংসা লাভ কৰে। তেওঁ সংস্কৃতৰ এগৰাকী পণ্ডিত আছিল আৰু লেখক কালিদাসৰ ৰচনাসমূহ ইংৰাজী পাঠকৰ বাবে অনুবাদ কৰিছিল।[1] নম্ৰতা আৰু ধী-শক্তিৰ অধিকাৰী ব্যক্তি, দ্য ইণ্ডিপেণ্ডেণ্টৰ মতে, সুন্দৰমে ১৯৬৮ চনত ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা: পদ্ম বিভূষণ লাভ কৰে।[1][3]
সুন্দৰমৰ মূলতঃ তেতিয়াৰ মাদ্ৰাজ প্ৰেছিডেন্সীৰ অধীনত অৱস্থিত এখন গাঁও কুট্টুৰ বাসিন্দা আছিল।[1] এজন অধ্যাপকৰ ঘৰত ১৯০৪ চনত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁ অক্সফৰ্ডৰ প্ৰেছিডেন্সি কলেজ আৰু ক্ৰাইষ্ট চাৰ্চৰ প্ৰাক্তন ছাত্ৰ আৰু ১৯২৫ চনত ভাৰতীয় অসামৰিক সেৱা (আই চি এছ) প্ৰশিক্ষণৰ বাবে পঞ্জীয়ন কৰে। সুন্দৰমৰ দুবাৰ বিয়া হৈছিল। ১৯৩৪ চনত তেওঁৰ প্ৰথম পত্নী লক্ষ্মীৰ মৃত্যু হয়। ইয়াৰ পিছত তেওঁ শিল্পী অমৃতা শ্বেৰগিলৰ ভগ্নী ইন্দিৰা শ্বেৰগিলৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু তেওঁৰ পৰা বিভান নামৰ এজন পুত্ৰ জন্ম হয়, যি এগৰাকী শিল্পী।
১৯২৭ চনত মধ্য প্ৰদেশত সুন্দৰমে আই চি এছ হিচাপে কাম আৰম্ভ কৰে। ১৯৩১ চনত তেওঁ প্ৰথমে জিলাসমূহত কাম কৰিছিল আৰু নাগপুৰত সংস্কাৰ বিষয়া হিচাপে প্ৰাদেশিক পৰ্যায়লৈ উন্নীত হৈছিল।[1] তাত তেওঁ ইমানেই আইনী বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল যে, ন্যায়িক আয়ুক্ত ছাৰ ৰবাৰ্ট মেকনেয়াৰে পিছত মন্তব্য কৰিছিল যে, সুন্দৰম সেই কেইজনমান কনিষ্ঠ আইনী বিষয়াৰ ভিতৰত এজন, যাৰ পৰামৰ্শ তেওঁ গোচৰ নিষ্পত্তিৰ ক্ষেত্ৰত নিজে মূল্যায়ন নকৰাকৈয়ে ল’ব পাৰে। ১৯৩৫ চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰা হয়, যাৰ ফলত ভাৰতীয় প্ৰদেশসমূহত নিৰ্বাচিত বিধায়িনী দল গঠন হয়। এই আইনখন ভাৰতক স্বাধীনতা প্ৰদানৰ দিশত প্ৰথম পদক্ষেপসমূহৰ ভিতৰত অন্যতম আছিল। সেইটোত সুন্দৰমে সক্ৰিয় ভূমিকা পালন কৰিছিল।[4] ভাৰত শাসন কৰা ব্ৰিটিছ আমোলাতন্ত্ৰই ভাৰতৰ বৰ্তমানৰ গাঁথনিসমূহক ভাষিকভাৱে পৰিকল্পিত ৰাজ্যলৈ পুনৰ সংগঠিত কৰিব বিচাৰিছিল, ব্ৰিটিছে নিয়ন্ত্ৰণ নকৰা শ শ ৰাজকীয় ৰাজ্যৰ বিদ্যমান সীমাৰ প্ৰতি লক্ষ্য ৰাখি। এই নথিখন প্ৰস্তুত কৰিবলৈ তেওঁলোকে ১৯৩৬ চনত সুন্দৰামক দায়িত্ব দিছিল।[1][5] এই শ্বেতপত্ৰখন ভাৰতক ৰাজ্যত পুনৰ সংগঠিত কৰাৰ বাবে ব্যৱহাৰ কৰা ভিত্তি হৈ পৰিল; পেটেল আৰু ভি পি মেননেও ইয়াক ব্যৱহাৰ কৰি ৰাজকুমাৰসকলক ভাৰতীয় সংঘৰ সৈতে চুক্তিবদ্ধ পেঞ্চনৰ বাবে আত্মসমৰ্পণ কৰিবলৈ পতিয়ন নিয়াব। এই কামৰ বহুখিনি কাম সুন্দৰমে নিজেই চোৱাচিতা কৰিবলৈ সক্ষম হৈছিল, কিয়নো ১৯৪৮ চনত তেওঁ আইন সচিবৰ পদলৈ উন্নীত হৈছিল যেতিয়া ছাৰ জৰ্জ স্পেন্সে—যিজনে বছৰ বছৰ আগতে আন যোগ্য প্ৰাৰ্থীৰ জ্যেষ্ঠতা সত্ত্বেও সুন্দৰামক এই পদৰ বাবে বিশেষভাৱে অনুৰোধ কৰিছিল— পদত্যাগ কৰিছিল।[1][6]
১৯৫৮ চনত আইন সচিবৰ কাৰ্যকাল শেষ হোৱাৰ পিছত সুন্দৰম মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত অধিষ্ঠিত হোৱা দ্বিতীয়জন ব্যক্তি হয়।[1] ১৯৬৭ চনত তেওঁ সেই পদ ত্যাগ কৰি ১৯৬৮ চনত আইন আয়োগৰ অধ্যক্ষ হয়, সেই বছৰতে পদ্ম বিভূষণ বঁটা লাভ কৰে। সেই ভূমিকা ত্যাগ কৰাৰ লগে লগে ১৯৭১ চনত তেওঁ পুনৰ সীমা সমস্যাত প্ৰৱেশ কৰে, গৃহ মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে অসম আৰু নাগালেণ্ড ৰাজ্যৰ বিবাদ সমাধানত সহায় কৰে।
১৯৯২ চনৰ ২৩ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰাকৃতিক কাৰণত সুন্দৰমৰ মৃত্যু হয়।[7]