কাকৈজানা সংৰক্ষিত বনাঞ্চল | |
— সংৰক্ষিত বনাঞ্চল — | |
![]() | |
স্থানাঙ্ক | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | বঙাইগাঁও জিলা |
স্থাপিত | ১৯৬৬ |
নিকটৱৰ্তী চহৰ | অভয়াপুৰী |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
প্ৰশাসক | অসম চৰকাৰ |
কাকৈজানা সংৰক্ষিত বনাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ কাষত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল লুপ্তপ্ৰায় সোণালী বান্দৰৰ বাবে বিখ্যাত।[1] বনাঞ্চল খনৰ মাটিকালি ১৭.২৪ বৰ্গ কিঃমিঃ।[2]
কাকৈজানা সংৰক্ষিত বনাঞ্চল প্ৰায় ১৫,০০০ বিঘা মাটি আৱৰি আছে। ইয়াৰ মাটিকালি ১৭.২৪ বৰ্গ কিঃমিঃ। আই নদীৰ পাৰত অৱস্থিত বনাঞ্চলখন ১৯৬৬ চনৰ ২৯ এপ্ৰিল তাৰিখে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। [3] ই আই উপত্যকা বন সংমণ্ডলৰ অন্তৰ্গত। ১৯৯৯ চনৰ ১ এপ্ৰিল তাৰিখে বনাঞ্চল খনক অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ চৰকাৰী ভাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। বনাঞ্চলখনৰ মাজেৰে কালিকাপাত নামেৰে এখনি পাহাৰীয়া জুৰি বৈ গৈছে। ইয়াৰ পাহাৰ এখনত প্ৰাচীন শিৱ মন্দিৰ এখন আছে। এই স্থানৰ মাটিৰ ওপৰত ইটা ওলাই থকাৰ প্ৰমাণ থকা এটা শিৱলিংগ আৰু যোনিপীঠ থকা কাকৈজানা পূৰাতাত্ত্বিক স্থান
শেহতীয়াকৈ ইয়াক অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক জনহিত যাচিকা দাখিল কৰা হৈছে।[1]
অসমৰ বঙাইগাঁও জিলাত অৱস্থিত কাকৈজানা সংৰক্ষিত বনাঞ্চল বঙাইগাঁও চহৰৰ পৰা ১৫ কিঃমিঃ পূবত অৱস্থিত। ই অভয়াপুৰী চহৰৰ নিচেই কাষত অৱস্থিত। ই স্থল পথেৰে বঙাইগাঁওৰ লগত সংযোজিত। বনাঞ্চল খন আই নদীৰ পাৰত অৱস্থিত।
কাকৈজানা সংৰক্ষিত বনাঞ্চলত লুপ্তপ্ৰায় আইইউচিএন ৰেড ডাটা বুকৰ প্ৰথম অনুসূচীত উল্লেখিত ৬০ টা সোণালী বান্দৰ আছে।[1] আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘৰ ৰেড ডাটা বুকত সোণালী বান্দৰক বিলুপ্তপ্ৰায় শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে।[4] সোণালী বান্দৰৰ উপৰিও ইয়াত অন্যান্য লুপ্তপ্ৰায় আৰু বিপন্নগ্ৰস্ত প্ৰাণী পোৱা যায়। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল: বিন্তুৰং, বনৰীয়া কুকুৰা, বনৰৌ, ধনেশ পক্ষী, নাহৰফুটুকী বাঘ, কেটেলা পহু, হাড়গিলা, উৰণীয়া কেৰ্কেটুৱা, নেউল, জহামাল, বনৰীয়া মেকুৰী ইত্যাদি। তদুপৰি ইয়াত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আছে। ইয়াৰ প্ৰাইমেট সমূহৰ ওপৰত বিভিন্ন গৱেষণা চলাই থকা হৈছে।[5]
স্থানীয় ৰাইজ আৰু বেচৰকাৰী সংগঠন সমূহে কাকৈজানা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰিবলৈ দাবী জনাই আহিছে।[1][6]
কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ প্ৰাণীসমূহ বিশেষকৈ সোণালী বান্দৰৰ বাবে খাদ্য সহজলভ্য কৰিবলৈ চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে। ইয়াৰ বাবে জিলা প্ৰশাসন, অসম চৰকাৰৰ বন বিভাগ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত ১০,৫৭৫ টা ফল গছৰ পুলি ৰোপণৰ কাৰ্যসূচী হাতত লোৱা হৈছে। খাদ্য আৰু সুৰক্ষাৰ বাবে এই গছপুলি ৰোপণৰ কাম হাতত লোৱা হৈছে। ইয়াৰ লগতে বনাঞ্চল খনৰ জীৱকূলৰ গণনাৰ কামো জিলা প্ৰশাসনে চিন্তা কৰিছে। ইয়াৰ লগতে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী সমূহক পৰিবেশ আৰু পৰিস্থিতি তন্ত্ৰৰ সংৰক্ষণ বিশেষকৈ সোণালী বান্দৰৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছে।[7]
|