ছাৰ কাজুঅ’ ইছিগুৰু | |||||||
---|---|---|---|---|---|---|---|
![]() ২০১৭ চনত ইছাগুৰু | |||||||
স্থানীয় নাম | 石黒 一雄 | ||||||
জন্ম | ০৮ নৱেম্বৰ, ১৯৫৪ (৭০ বছৰ) নাগাছাকি, নাগাছাকি প্ৰিফেকচাৰ, জাপান | ||||||
নাগৰিকত্ব |
| ||||||
শিক্ষা |
| ||||||
পেচা |
| ||||||
সক্ৰিয় হৈ থকা সময় | ১৯৮১ৰপৰা-বৰ্তমানলৈ | ||||||
দাম্পত্যসঙ্গী | লৰ্ণা মেকডুগাল (বি. ১৯৮৬) | ||||||
সন্তান | নাওমি ইছিগুৰু | ||||||
বঁটা, সন্মান, পুৰস্কাৰ আদি |
| ||||||
| |||||||
Japanese name | |||||||
কাঞ্জি | 石黒 一雄 | ||||||
কানা | いしぐろ かずお | ||||||
|
ছাৰ কাজুঅ’ ইছিগুৰু (ইংৰাজী: Kazuo Ishiguro; জাপানীজ: 石黒 一雄; জন্ম ৮ নৱেম্বৰ ১৯৫৪) এগৰাকী জাপানী মূলৰ ব্ৰিটিছ ঔপন্যাসিক, চিত্ৰনাট্যকাৰ, সংগীতজ্ঞ আৰু চুটি গল্প লেখক। ২০১৭ চনত সাহিত্যৰ ন’বেল বঁটা প্ৰাপক ইছিগুৰু সমালোচকৰ দ্বাৰা আটাইতকৈ প্ৰশংসিত ইংৰাজী ভাষাৰ সমসাময়িক কথা সাহিত্যিকসকলৰ এগৰাকী। নিজৰ প্ৰশস্তি পত্ৰত চুইডিছ একাডেমীয়ে ইছিগুৰুক এগৰাকী লেখক ৰূপে বৰ্ণনা কৰি কৈছে; ইছিগুৰুৱে তেওঁৰ আৱেগিক উপন্যাসসমূহত, পৃথিৱীৰ সৈতে আমাৰ ভ্ৰান্ত সম্পৰ্কৰ অটল গহ্বৰবোৰ উন্মোচন কৰিছে।[1]
১৯৫৪ চনৰ ৮ নৱেম্বৰত, জাপানৰ নাগাছাকিত ইছিগুৰুৰ জন্ম হৈছিল।[2]তেওঁৰ পিতৃ চিজিঅ’ ইছিগুৰু এগৰাকী সাগৰ বিষয়ক বিশেষজ্ঞ আৰু মাতৃ চিজুক’।[3] ইছিগুৰুৰ দেউতাক ‘দ্য নেচনেল ইনষ্টিটিউট অৱ অ’চন’গ্ৰাফী’লৈ গৱেষণাৰ বাবে আমন্ত্ৰিত হৈছিল[3][4][5] আৰু সেইসূত্ৰে ১৯৬০ চনত কাজুঅ’ই পাঁচ বছৰ বয়সৰপৰা মাক দেউতাকৰ সৈতে ব্ৰিটেইনৰ গিলফৰ্ডত থাকিবলৈ লয়।[2] ‘আ পেল ভিউ অৱ হিলচ্’ আৰু ‘এন আৰ্টিষ্ট অৱ দ্য ফ্লটিং ৱৰ্ল্ড’ শীৰ্ষক তেওঁৰ প্ৰথম দুয়োখন উপন্যাসেই ইয়াৰ জাপানী পৰিচয়ৰ অনুসন্ধান আৰু শোকৰ কৰুণ সুৰ এটিৰ বাবে বিশেষভাৱে উল্লেখিত। ইয়াৰ উপৰিও তেওঁ বিজ্ঞান কল্পকাহিনী আৰু ঐতিহাসিক কল্পকাহিনীকে ধৰি অন্যান্য ধাৰাত লেখা-মেলা কৰিছে।
তেওঁ চাৰিবাৰ বুকাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ১৯৮৯ চনত তেওঁ ‘দ্য ৰিমেইনচ্ অৱ দ্য ডে’ উপন্যাসখনৰ বাবে বুকাৰ বঁটা লাভ কৰে।[4] এই উপন্যাসখনৰ আধাৰত ১৯৯৩ চনত একে নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ হয়। চলমান ৰুশ্বদিয়ে এই উপন্যাসখন কাজুঅ’ ইছিগুৰুৰ শ্ৰেষ্ঠ কৃতি বুলি কৈছে। এই উপন্যাসখনত তেওঁ তেওঁৰ প্ৰথম দুখন উপন্যাসৰ জাপানী পৃষ্ঠভূমিৰপৰা ওলাই আহি এই কথা সিদ্ধ কৰিছে যে, তেওঁৰ সংবেদনশীলতা শিপাকেন্দ্ৰিক নহয়, বৰঞ্চ ই পৰিভ্ৰমী আৰু চকুত লগাকৈ বিকাশশীল।[6]
‘টাইম’ আলোচনীয়ে ইছিগুৰুৰ বিজ্ঞান কল্পকাহিনী ‘নেভাৰ লেট মি গ’’ উপন্যাসখনক ২০০৫ চনৰ শ্ৰেষ্ঠ উপন্যাস আৰু ১৯২৩ ৰপৰা ২০০৫ চনৰ ভিতৰত প্ৰকাশ পোৱা ১০০খন শ্ৰেষ্ঠ ইংৰাজী ভাষাৰ উপন্যাসৰ এখন বুলি উল্লেখ কৰিছে। ‘লিভিং’ চলচ্চিত্ৰৰ বাবে তেওঁ ২০২২ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্য শিতানত অস্কাৰ বঁটাৰ মনোনয়ন লাভ কৰিছিল।[7][8]
ইছিগুৰুৱে জেজ গায়িকা ষ্টেচি কেণ্টৰ বাবে কেইবাটাও গীত লিখিছিল[9] আৰু ইয়াৰে দুটা এলবামে গ্ৰেমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল।[10]