কাঞ্চনজংঘা Kangchenjunga | |
---|---|
দাৰ্জিলিংৰ টাইগাৰ হিলৰ পৰা কাঞ্চনজংঘাৰ দৃশ্য | |
উচ্চতা | 8,586 m (28,169 ft)[1] পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ |
Prominence | 3,922 m (12,867 ft)[2] ২৯ তম |
অৱস্থান | |
অৱস্থিতি | তাপলেজোং জিলা, মেচি জন, নেপাল; ছিক্কিম, ভাৰত[2] |
প্ৰসাৰ | হিমালয় |
স্থানাংক | 27°42′09″N 88°08′48″E / 27.7025°N 88.14667°Eস্থানাংক: 27°42′09″N 88°08′48″E / 27.7025°N 88.14667°E[2] |
আৰোহন | |
প্ৰথম আৰোহনকাৰী | জয়ে ব্ৰাউন আৰু জৰ্জ বেণ্ড (২৫ মে ১৯৫৫) (১৯৮৬ চনৰ ১১ জানুৱাৰী প্ৰথম শীতকালত আৰোহণ জেৰ্জি কুকুচজকা আৰু ক্ৰিজটোভ ৱিএলিকি) |
সহজতম পথ | গ্লেচিয়াৰ, বৰফ আৰোহণ |
কাঞ্চনজংঘা (নেপালী: कञ्चनजङ्घा) হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ শৃংগ। ই ভাৰত আৰু নেপালৰ সীমাত অৱস্থিত।[3] ইয়াৰ উচ্চতা প্ৰায় ৮৫৮৬ মিটাৰ। হিমালয় পৰ্বতৰ এই অংশটোক কাঞ্চনজংঘা হিমল বোলা হয়। ইয়াৰ পশ্চিমে তামূৰ নদী, উত্তৰে লহনাক চু নদী আৰু জংচং লা শৃংগ, আৰু পূবে তিষ্টা নদী অৱস্থিত।[1]
কাঞ্চনজংঘা মাউণ্ট এভাৰেষ্টৰ ১২৫ কিঃমিঃ পূব-দক্ষিণ-পূব দিশত অৱস্থিত। ই হিমালয়ৰ দ্বিতীয় উচ্চতম শৃংগ। ইয়াৰ পাঁচটা মূল শৃংগৰ ভিতৰত তিনিটা মুখ্য, কেন্দ্ৰীয় আৰু দক্ষিণ উত্তৰ ছিক্কিমজিলা, ভাৰত আৰু নেপালৰ সীমাত অৱস্থিত।[4] বাকী দুটা শৃংগ নেপালৰ তাপলেজোং জিলাত অৱস্থিত।[5]
কাঞ্চনজংঘা মুখ্য ভাৰতৰ সৰ্বোচ্চ শৃংগ। ইয়াক "তুষাৰৰ পাঁচটা ঐশ্বৰ্য" বুলি কোৱা হয় আৰু ছিক্কিম আৰু দাৰ্জিলিংৰ স্থানীয়লোকে পৱিত্ৰ জ্ঞান কৰি পূজা কৰে।[6]
১৮৫২ চনৰ আগলৈ কাঞ্চনজংঘাক পৃথিৱীৰ সৰ্বোচ্চ শৃংগ বুলি ধৰা হৈছিল। কিন্তু বহু পৰীক্ষা-নিৰীক্ষাৰ পিছত জনা গল যে পিক XV বুলি জনাজাত মাউন্ট এভাৰেষ্ট হে পৃথিৱীৰ উচ্চতম শৃংগ। কেইবাবাৰো পুনৰীক্ষিণ কৰাৰ পিছত ১৮৫৬ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় যে কাঞ্চনজংঘা পৃথিৱীৰ তৃতীয় উচ্চতম শৃংগ।[7]
১৯৫৫ চনৰ ২৫ মই তাৰিখে ব্ৰিটিছ পৰ্বতাৰোহনৰ দলৰ সদস্য জয়ে ব্ৰাউন আৰু জৰ্জ বেণ্ডে কাঞ্চনজংঘা আৰোহণ কৰে। তেওঁলোকে ছিক্কিমৰ চজ্ঞাল বা ধৰ্মৰাজৰ বিশেষ অনুমতি লৈ আৰু ইয়াৰ কোনো হানি-বিঘিনি নকৰাৰ চুক্তিবদ্ধ হৈ পৰ্বতাৰোহন কৰিছিল।[6] এই দলৰ আন সদস্য সমূহ হল জন এঞ্জেল' জেকচন আৰু টম মেকিনন।[8]
১৯৮৬ চনৰ ১১ জানুৱাৰী মাহত জেৰ্জি কুকুচজকা আৰু ক্ৰিজটোভ ৱিএলিকিয়ে প্ৰথম শীতকালত কাঞ্চনজংঘা আৰোহণ কৰে।