কান্তা গুপ্তা | |
---|---|
জন্ম | ৮ অক্টোবৰ, ১৯৩৮ |
মৃত্যু | ২৭ মাৰ্চ, ২০১৬ |
শিক্ষানুষ্ঠান | আলিগড় মুছলিম বিশ্ববিদ্যালয় অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় |
উল্লেখনীয় বঁটা | ক্ৰেইজাৰ-নেলছন বঁটা |
চন্দেৰ কান্তা গুপ্তা (এফআৰচিএছ) (৮ অক্টোবৰ ১৯৩৮ – ২৭ মাৰ্চ ২০১৬)[1][2] আছিল মেনিট'বা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়।[3] বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা (automorphism) তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।[4]
কান্তা গুপ্তাই জম্মু আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তাৰপিছত আলীগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছত তেওঁ অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ পৰাও স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। পৰৱৰ্তী সময়ত তেওঁ সেইখন শিক্ষানুষ্ঠানৰ পৰাই ১৯৬৭ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। মাইকেল ফ্ৰেডেৰিক নিউমেনৰ অধীনত তেওঁ গৱেষণাকাৰ্য সম্পন্ন কৰিছিল।[4]
কান্তা গুপ্তাৰ জীৱনসংগী নাৰায়ণ গুপ্তাও (১৯৩৬-২০০৮) অষ্ট্ৰেলিয়ান ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল। আৰু একেদৰেই মনিট'বা বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপকৰ সন্মান লাভ কৰিছিল।[5]