কামদেৱ | |
---|---|
প্ৰেম আৰু বাসনাৰ দেৱতা | |
কামদেৱ | |
অন্য নাম | মদন |
দেৱনাগৰী | कामदेव |
সম্পৰ্ক | দেৱতা |
নিবাস | বৈকুণ্ঠ |
মন্ত্ৰ | काम (কাম)[1] |
অস্ত্ৰ | কুঁহিয়াৰৰ ধনু আৰু পুষ্পবাণ |
সঙ্গী | ৰতি |
পিতৃ-মাতৃ | ব্ৰহ্মা |
সন্তান | হৰ্ষ আৰু যশ |
আসন/বাহন | ভাটৌ |
কামদেৱ (সংস্কৃত: कामदेव, কাম বা মন্মথ বা মদন হৈছে হিন্দুসকলৰ প্ৰেম[2] আৰু বাসনাৰ দেৱতা। তেওঁক সততে সংগীনি ৰতিৰ সৈতে চিত্ৰায়িত কৰা হয়। কামদেৱ হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ। বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্নৰ ৰূপত তেওঁ অৱতাৰ ধাৰণ কৰা বুলি বিশ্বাস কৰা হয়।[2]
কামদেৱৰ আক্ষৰিক অৰ্থ হৈছে প্ৰেমৰ দেৱতা। কাম শব্দৰ অৰ্থ দৈহিক কামনা বা বাসনা। কামদেৱৰ নাম ঋকবেদত উল্লেখ আছে।[3] বিষ্ণুপুৰাণ আৰু ভাগৱত পুৰাণত বিষ্ণু, কৃষ্ণ আৰু শিৱকো কামদেৱ আখ্যা দিয়া হৈছে। অথৰ্ববেদত অগ্নিকো কাম নামেৰে উল্লেখ কৰা হৈছে।
কামদেৱৰ অন্যান্য নামসমূহ হৈছে:
কামদেৱক ধনু আৰু বাণ চলোৱা এজন যুৱ তথা সুন্দৰ ব্যক্তি হিচাপে চিত্ৰায়িত কৰা হয়। তেওঁৰ ধনু কুঁহিয়াৰেৰে তৈয়াৰী আৰু তেওঁৰ কাড়বোৰ পাঁচ প্ৰকাৰৰ সুগন্ধি ফুলেৰে সজোৱা।[6][7] এই পাঁচবিধ ফুল হৈছে বগা পদুম, অশোক গছৰ ফুল, আম গছৰ ফুল, খঁৰিকাজাই আৰু নীলা পদুম। সংস্কৃতত এই ফুলবোৰৰ নাম হৈছে অৰবিন্দ, অশোক, চুটা (Choota), নৱমল্লিকা, আৰু নীলোৎপল। কামদেৱৰ এটা প্ৰাচীন টেৰাকোটাৰ মূৰ্তি ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা সংগ্ৰহালয়ত ৰখা হৈছে।[8]
কুলি চৰাই, ভাটৌ, গুণগুণাই থকা মৌমাখি, বসন্ত ঋতু আৰু মৃদু বতাহ হৈছে কামদেৱৰ সঙ্গী।
কামদেৱ পুৰাণৰ কাহিনীসমূহৰ পৰা অধিক পৰিচিত যদিও তেওঁৰ বিষয়ে চিত্ৰ আৰু আখ্যানসমূহ ঋকবেদ আৰু অথৰ্ববেদৰ শ্লোকৰ পৰা পোৱা যায়।[6]
শিৱ পুৰাণৰ মতে কামদেৱ ব্ৰহ্মাৰ এজন পুত্ৰ বা তেওঁৰ সৃষ্টি। স্কন্দ পুৰাণৰ দৰে অন্যান্য উৎসৰ মতে কামদেৱ হৈছে প্ৰসূতিৰ ভ্ৰাতৃ আৰু তেওঁলোক দুয়ো ব্ৰহ্মাই সৃষ্টি কৰা শতৰূপাৰ সন্তান। পৰৱৰ্তী কালৰ কাহিনীসমূহে তেওঁক বিষ্ণুৰ পুত্ৰ বুলিও বৰ্ণনা কৰিছে। [9] মৎস্য পুৰাণৰ মতে, বিষ্ণু-কৃষ্ণ আৰু কামদেৱৰ এক ঐতিহাসিক সম্পৰ্ক আছে।[7] হৰিবংশৰ মতে তেওঁৰ মাতৃ হৈছে লক্ষ্মী দেৱী। [10]
দ্বাদশ শতিকাৰ জাভাদেশৰ কবিতা স্মৰদাহনতো কামদেৱৰ উল্লেখ আছে য'ত শিৱৰ দ্বাৰা কামদেৱ ভস্মীভূত হোৱা আৰু স্বৰ্গৰ পৰা পৃথিৱীলৈ পতিত পৌৰাণিক কাহিনী বৰ্ণনা কৰা হৈছে। কাকাৱিন কবিতা আৰু পৰৱৰ্তী কালৰ ৱায়াং সাহিত্যত কামদেৱ আৰু তেওঁৰ সহধৰ্মিনী ৰতিক কামজায়া আৰু কামৰতি বুলি উল্লেখ কৰা হৈছে।
কামদেৱে দক্ষৰ ঘামৰপৰা সৃষ্ট জীয়ৰী ৰতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কামদেৱৰ সৈতে জড়িত বহুতো পৰম্পৰাগত নাটকত ৰতি হৈছে এক সৰু চৰিত্ৰ আৰু কোনো কোনো ক্ষেত্ৰত তেওঁ মাত্ৰ এটা গুণকহে প্ৰতিনিধিত্ব কৰে।[11] কামদেৱৰ সঙ্গী বসন্ত দেৱী তেওঁৰ হতাশাৰ নিশ্বাসৰ পৰা নিৰ্গত বুলি বিশ্বাস কৰা হয়।[12] কামদেৱে প্ৰায়ে তেওঁৰ সৈন্যসকলৰ সৈতে পুৰাণবৰ্ণিত যুদ্ধসমূহত অংশগ্ৰহণ কৰে।[13]
কামদেৱৰ জন্মৰ সম্পৰ্কে বিভিন্ন পুৰাণত কেইবাটাও আখ্যান আছে।[14] মহাভাৰতৰ সংস্কৰণত[15] ধৰ্ম নামৰ এজন প্ৰজাপতিয়ে ব্ৰহ্মাৰ সোঁ বক্ষৰ পৰা জন্মগ্ৰহণ কৰে আৰু তেওঁ তিনিজন পুত্ৰ ক্ৰমে সম, কাম আৰু হৰ্ষৰ জন্ম দিয়ে। [16] কিছুমান সংস্কৰণৰ মতে কামদেৱ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ মানসপুত্ৰ।[17] কোনো কোনো সময়ত কামদেৱক ইন্দ্ৰৰ সেৱাত নিয়োজিত থকা বুলিও কোৱা হয়[18] আৰু সেয়ে তেওঁৰ এটা নাম হৈছে "ইন্দ্ৰৰ আজ্ঞাকাৰী"। কামদেৱৰ সহধৰ্মিনীৰ নাম ৰতি যাৰ মূল হৈছে বাসনা। তেওঁ এক চক্ৰ বা মণ্ডল আৰু পদুম ফুল ধাৰণ কৰে। ৰতিৰ দুয়োবাহুক পদুমৰ ঠাঁৰিৰ সৈতে তুলনা কৰা হয়।[19]
কামদেৱ সম্পৰ্কীয় এটা মুখ্য পৌৰাণিক কাহিনী হৈছে মদন-ভস্ম (কাম দহন) অৰ্থাৎ শিৱৰ দ্বাৰা কামদেৱক ভস্মীভূত কৰা। মৎস্য পুৰাণত ইয়াৰ সবাতোকৈ বিস্তৃত বৰ্ণনা আছে (শ্লোক ২২৭-২৫৫)।[20] অৱশ্যে শিৱ পুৰাণ আৰু অন্যান্য পুৰাণতো বিভিন্নধৰণে এই আখ্যানৰ পুনৰাবৃত্তি হৈছে। [21]
এই আখ্যানমতে ইন্দ্ৰ আৰু দেৱতাসকলে তাৰকাসুৰ নামৰ অসুৰ হাতত লাঞ্ছিত হয় যাক শিৱৰ পুত্ৰৰ বাহিৰে আনে পৰাজিত কৰিব নোৱাৰে। ব্ৰহ্মাই পৰামৰ্শ দিয়ে যে পাৰ্বতীয়ে শিৱৰ সৈতে লগ হৈ এক পবিত্ৰ পূজা সম্পন্ন কৰিব লাগে কিয়নো তেওঁলোকৰ সন্তানেহে তাৰকাসুৰক পৰাজিত কৰিবলৈ সক্ষম হ'ব। ইন্দ্ৰই কামদেৱক শিৱৰ ধ্যান ভাঙিবলৈ আমন্ত্ৰণ কৰে। এক ৰমণীয় পৰিৱেশৰ সৃষ্টি কৰিবলৈ কামদেৱে এক অকাল বসন্তৰ সৃষ্টি কৰে। তেওঁ সুগন্ধি দক্ষিণা-বতাহৰ ৰূপ লৈ শিৱৰ ৰক্ষী নন্দীৰ চকুৰ আঁৰ হৈ শিৱৰ বাসগৃহত প্ৰৱেশ কৰে।
তেওঁ পুষ্পবাণেৰ প্ৰহাৰেৰে শিৱৰ ধ্যান ভংগ কৰে আৰু শিৱ ক্ৰোধান্বিত হৈ তেওঁৰ তৃতীয় নয়নেৰে অগ্নিবৰ্ষণ কৰি মদন অৰ্থাৎ কামদেৱক তৎক্ষণাৎ ভস্মীভূত কৰে। ইয়াৰ পিছত শিৱই পাৰ্বতীলৈ লক্ষ্য কৰে আৰু তেওঁক সুধে যে শিৱই তেওঁক কেনেদৰে সহায় কৰিব পাৰে। পাৰ্বতীয়ে তেওঁক কামদেৱক পুনৰুজ্জীৱিত কৰিবলৈ কয়। শিৱ এই কথাত সন্মত হয় যদিও এক শৰীৰহীন ৰূপত কামদেৱক জীয়াই তোলে। সেয়েহে কামদেৱক অনঙ্গ (অন = অবিহনে; অঙ্গ = শৰীৰ), বা অতনু (অ = অবিহনে; তনু = শৰীৰ) বুলিও কোৱা হয়। পৰৱৰ্তী সময়ত শিৱ আৰু পাৰ্বতীৰ পূজাৰ ফলস্বৰূপে কাৰ্তিকৰ জন্ম হয় আৰু তেওঁ তাৰকাসুৰক পৰাজিত কৰিবলৈ আগবাঢ়ে।[22]
কৃষ্ণ আৰু কামদেৱৰ মাজৰ সম্পৰ্কৰ কথা প্ৰকাশ কৰিবলৈ কামদেৱ ভস্মীভূত হোৱাৰ পৌৰাণিক আখ্যান মৎস্য পুৰাণ আৰু ভাগৱত পুৰাণত উল্লেখ কৰা হৈছে।[7] ইয়াৰ বৰ্ণনা অনুসৰি শিৱৰ দ্বাৰা ভস্মীভূত হোৱাৰ পিছত কৃষ্ণৰ পত্নী ৰুক্মিণীৰ গৰ্ভত প্ৰদ্যুম্ন হিচাপে কামদেৱৰ পুনৰ্জন্ম হয়।