![]() কলাকান্দ | |
প্ৰকাৰ | মিঠাই |
---|---|
উৎপত্তিৰ স্থান | ভাৰত |
অঞ্চল | ভাৰতীয় উপমহাদেশ |
মুখ্য উপাদান | চানা, গাখীৰ, পানী, চেনী, ঘিউ or butter, pistachios |
কলাকান্দ ভাৰতৰ এবিধ মি ঠাই। ইয়াক মিঠা পনিৰৰ বাগাখীৰৰ চানাৰ পৰা তৈয়াৰ কৰা হয়।[1] ইয়াক " ইটালীয়ান চীজকেকৰ সৈতে মিল থকা, বৰফিতকৈ কোমল" বুলি বৰ্ণনা কৰা হৈছে।[2] ই ভাৰতৰ এক অন্যতম জনপ্ৰিয় মিঠাই।
১৯৪৭ চনৰ ভাৰত বিভাজনৰ পিছত মিঠাই নিৰ্মাতা আৰু বিজ্ৰেতা বাবা ঠাকুৰ দাস আৰু পুত্ৰসকলে পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰে। ১৯৪৭ চনতেই ৰাজস্থানৰ আলৱাৰত হালোৱাই ( মিঠাই ) কালাকান্দ উদ্ভাৱন কৰে ৷[3][4][5]
কালাকান্দ প্ৰস্তুত কৰিবলৈ গাখীৰৰ চানা প্ৰস্তুত কৰি চেকি লোৱা হয়। পৃথকে পৃথকে গোটা গাখীৰ আৰু পানী মিহলাই উতলাই অবিৰতভাৱে ইয়াক মিশ্ৰণটো মূল আয়তনৰ আধা হোৱালৈ লৰাই থকা হয়। চনাখিনি ফুড প্ৰচেছৰ ব্যৱহাৰ কৰি বা হাতেৰে গুড়ি কৰি কোমল কৰা হয়। তাৰ পিছত ইয়াক উতলাই হ্ৰাস কৰা গাখীৰ-পানীৰ মিশ্ৰণত দি গাঢ় থুপথুপিয়া হোৱালৈকে সিজাই লোৱা হয়। তাৰ পিছত ইয়াত চেনি দিয়া হয়। আৰু মিশ্ৰণটো কম জুইত উতলি থাকিবলৈ দিয়া হয আৰু গাঢ় হোৱালৈকে অবিৰতভাৱে লৰাই থকা হয়। তাৰ পিছত ঘিউ বা মাখন দি মিশ্ৰণটো আৰু পাঁচ মিনিট লৰাই থাকে। এই মিশ্ৰণটো মাখনযুক্ত ট্ৰে বা প্লেটত আয়তক্ষেত্ৰৰ আকৃতিত বিস্তাৰ কৰি পিষ্টাচিঅ'ৰে সজাই লোৱা হয়। ঠাণ্ডা হোৱাৰ পিছত বৰ্গক্ষেত্ৰত কাটি পৰিবেশন কৰা হয়।[6]