স্থানাংক: 26°55′25″N 75°49′36″E / 26.923611°N 75.826667°E
কাৰেংঘৰ | |
---|---|
![]() শিৱসাগৰ জিলাৰ কাৰেং ঘৰৰ সন্মুখৰ অংশ | |
সাধাৰণ তথ্য | |
স্থাপত্য শৈলী | আহোম সাম্ৰাজ্যকালীন স্থাপত্য |
অৱস্থিতি | শিৱসাগৰ, অসম, ভাৰত |
স্থানাংক | 26°55′25″N 75°49′36″E / 26.923611°N 75.826667°E |
নিৰ্মাণ আৰম্ভ | ১৭৫১ |
প্ৰযুক্তিৰ বিৱৰণ | |
গঠন পদ্ধতি | ইটা আৰু থলুৱা ভাবে বনোৱা বিলাতী মাটি |
নক্সা আৰু নিৰ্মাণ | |
গ্ৰাহক | স্বৰ্গদেউ চুক্লেংমুং, ৰাজেশ্বৰ সিংহ |
কাৰেংঘৰ বা কা-ৰৌণ (ইংৰাজী: Kareng Ghar or Ka-Rwan) আহোম চাওফাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা ১৫ কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত।[1] ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ আৰম্ভ কৰিছিল।[2] তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰে। ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[1][3]
অসমীয়াত কাৰেং শব্দটোৱে যিকোনো ৰাজপ্ৰসাদকে বুজায়। আনহাতে গড়গাঁৱত থকা এই ৰাজকাৰেংটোৰ নাম কাৰেং ঘৰ। ইয়াত ঘৰ শব্দটো অপ্ৰয়োজনীয় যদিও এইক্ষেত্ৰত 'ঘৰ' শব্দটো এটা বিশেষ ৰাজকাৰেংৰ নাম হিচাপে ব্যৱহাৰ কৰা হৈছে।[4]
কাৰেং ঘৰটোত প্ৰৱেশ কৰিবৰ বাবে চাৰিখন দুৱাৰ আছে। দুৱাৰ কেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়।[5] ঘৰটোৰ তলত দুমহলা আৰু ওপৰত পাঁচ মহলা আছে। তলৰ মহলাৰ পৰা ৰংপুৰৰ (বৰ্তমানৰ শিৱসাগৰ) তলাতল ঘৰলৈ আহিব পৰা প্ৰায় ১৬ কিলোমিটাৰ দীঘল এটা সুৰংগ আছিল। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। কাৰেং ঘৰটোৰ চৌদিশে এটা বহল আলি আৰু তাৰ কাষে কাষে তাঁতীৰ গড় আছে। গড়ৰ কিছু দূৰত্বত কাষে কাষে মাউতে-হাতীয়ে তল যোৱা এটা দ খাৱৈ আছে। আগেয়ে এই গড়খাৱৈটোত বাৰমাহে পানী আছিল। কাৰেং ঘৰটো দীঘলে ১২০ হাত আৰু বহলে ৩০ হাত।[4] মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে তেওঁৰ লগত অহা ৱাকনবিচজনে (বৰকাকতী) লিখিছিল, "গড়গাঁৱৰ ৰাজকাৰেংৰ নিচিনা কটকটীয়া, ধুনীয়া আৰু নানান কাৰুকাৰ্যৰে সুশোভিত ঘৰ গোটেই পৃথিৱীত বিৰল"। ১২,০০০ অসমীয়া বাঢ়ৈয়ে সম্পূৰ্ণ এবছৰত এই কাৰেং ঘৰটো সাজি উলিয়াইছিল। আৰম্ভণিতে ইয়াত কাঠ-বাঁহৰ প্ৰকাণ্ড চাংঘৰহে আছিল। ইয়াক হ'-লুঙ বুলি কোৱা হৈছিল। মীৰজুমলাৰ লগত অসমলৈ অহা চিহাবুদ্দিন তালিচৰ মতে কাৰেং ঘৰৰ বৰ্ণনা হ'ল, "ৰজাৰ চোলং (হোলং) ঘৰটো দীঘে ১২০ হাত, পথালিয়ে ৩০ হাত; এই ঘৰত ৬৬টা স্তম্ভ। প্ৰত্যেকটো বিতোপন স্তম্ভৰ বেৰ বা পৰিধি ৪ হাতকৈ। ঘৰটোৰ চালবোৰ আচৰিত কৌশল খটুৱাই কাঠৰ কাৰুকাৰ্যৰে সুশোভিত কৰা। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য দেখা যায়।[6] সেই অৱস্থাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ হাতত আটকধুনীয়া ৰাজপ্ৰাসাদলৈ পৰিণত হ'ল গড়গাঁৱৰ কাৰেং ঘৰ। "[1]
![]() |
ৱিকিমিডিয়া কমন্সত আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |