কাৰ্ল' ৰ'ভেল্লী | |
---|---|
![]() | |
জন্ম | ৩ মে', ১৯৫৬ (৬৯ বছৰ) ভেৰোনা, ইটালী |
বাসস্থান | ফ্ৰান্স |
জাতীয়তা | ইটালিয়ান |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞানী |
কৰ্মস্থান |
|
শিক্ষানুষ্ঠান |
|
ডক্তৰেল পৰামৰ্শদাতা | Marco Toller |
জনা যায় |
|
প্ৰভাৱ | Chris Isham |
উল্লেখনীয় বঁটা | Prix du Rayonnement International (2004) |
স্বাক্ষৰ![]() |
কাৰ্ল' ৰ'ভেল্লী (ইংৰাজী: Carlo Rovelli) এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্ল' ৰ'ভেল্লীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে।[1] তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ লুপ কোৱাণ্টাম গ্ৰেভিটি নামৰ তত্ত্বটোৰ এজন প্ৰতিষ্ঠাপক। ইতিহাস আৰু বিজ্ঞান-দৰ্শনৰ ক্ষেত্ৰখনলৈও তেখেতে অৱদান আগবঢ়াইছে। তেওঁৰ ছেভেন ব্ৰিফ লেছন্ছ অন্ ফিজিক্স নামৰ জনপ্ৰিয় বিজ্ঞানভিত্তিক কিতাপখন প্ৰথমে ইটালিয়ান ভাষাত ২০১৪ চনত প্ৰকাশ পাইছিল। বৰ্তমানলৈকে এই গ্ৰন্থখন বিশ্বৰ ৫২টা ভাষা[2]লৈ অনুবাদ কৰা হৈছে। বিশ্বজুৰি গ্ৰন্থখনৰ এক মিলিয়নতকৈও অধিক ক'পী বিক্ৰি হৈছে।[3]