কাৰ্ল লিনিয়াছ কেৰ'লাছ লিনিয়াছ | |
---|---|
আলেকজেণ্ডাৰ ৰ'জলিনৰ তুলিকাত লিনিয়াছৰ চিত্ৰ | |
জন্ম | ২৩ মে', ১৭০৭ Råshult, Älmhult, ছুইডেন |
মৃত্যু | ১০ জানুৱাৰী, ১৭৭৮ (৭০ বছৰ) উপছালা, ছুইডেন |
বাসস্থান | ছুইডেন |
জাতীয়তা | ছুইছ |
ক্ষেত্ৰ | প্ৰাণী বিদ্যা, চিকিৎসাবিজ্ঞান, উদ্ভিদবিজ্ঞান |
শিক্ষানুষ্ঠান | উপছালা ইউনিভাৰ্চিটি University of Harderwijk |
জনা যায় | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন বাস্তুবিজ্ঞান উদ্ভিদবিজ্ঞান |
লেখকৰ সংক্ষিপ্ত ৰূপ (উদ্ভিদ বিজ্ঞান) | L. |
স্বাক্ষৰ | |
কাৰ্ল লিনিয়াছ (ইংৰাজী: Carl Linnaeus; Carolus Linnaeus; কেৰ'লাছ লিনিয়াছ) (২৩ মে'[1] পুৰণা নিয়মত ১৩ মে', ১৭০৭ - ১০ জানুৱাৰী, ১৭৭৮) হৈছে ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদবিজ্ঞানী, চিকিৎসক আৰু প্ৰাণীবিজ্ঞানী। তেওঁ আধুনিক দ্বৈৰাশিক নামকৰণৰ ভিত্তি স্থাপন কৰি থৈ গৈছিল। তেওঁক আধুনিক বৰ্গীকৰণৰ জনক বোলা হয়। ইয়াৰোপৰি তেওঁ আধুনিক বাস্তুবিজ্ঞানৰ জনকসকলৰ ভিতৰত অন্যতম।
ফৰাচী দাৰ্শনিক জঁ-জাক ৰুছ’ৱে তেওঁলৈ এই বাৰ্তা পঠিয়াইছিল যে: "মই এই পৃথিৱীত তেওঁতকৈ মহান কোনো ব্যক্তিক চিনি নাপাওঁঁ। "[2] জাৰ্মান দাৰ্শনিক য়োহান ভোল্ফগেং ফন গ্যোটে লিখিছিল: "শ্বেইকছপীয়েৰ আৰু স্পিনোজাক বাদ দিলে পৃথিৱীত এই পৰ্যন্ত বাস কৰি যোৱা সকলো মানুহৰ ভিতৰত মোৰ ওপৰত লিনিয়াছৰ প্ৰভাৱেই আছিল সকলোতকৈ বেছি। "[2] ছুইডেনৰ লেখক আগষ্ট ষ্ট্ৰীণবাৰ্গে লিখিছিল: "লিনিয়াছ প্ৰকৃততে এজন কবি আছিল, কেনেদৰেযে তেওঁ প্ৰকৃতিবিদ হৈ গ'ল। "[3]
লিনিয়াছৰ জন্ম দক্ষিণ ছুইডেনৰ ছামালান্দৰ এখন গাঁৱত হৈছিল। তেওঁৰ পূৰ্বপুৰুষৰ কোনেও শেষ নাম (উপাধি) ব্যৱহাৰ কৰা নাছিল। তেওঁৰ নাম ৰখা হৈছিল স্কাণ্ডিনেভীয় দেশৰ পেট্ৰ'নিমিক (পিতাৰ নামৰ সৈতে সংযুক্ত) নিয়মত। তেওঁৰ দেউতাকে প্ৰথম শেষ নামৰ প্ৰচলন কৰিছিল। গৰৰ ওচৰৰ এখন বিশাল লিণ্ডেন গছৰ নামানুসৰি লিনিয়াছ নামটো দিয়া হৈছিল। কেৰলাথ জন্ম ১৭০৭ চনত ছুইডেনত হৈছিল। পিতা নিলছ লিনিয়াছ গিৰ্জাৰ পাদুৰি আছিল। মাতা-পিতাই তেওঁ যাজক হোৱাটো 66, কিন্তু হ'ল চিকিৎসক। তেওঁ খনিজ, উদ্ভিদ বিষয়ে পঢ়া−শুণা কৰি পৰিচিতি লাভ কৰিছিল। লিনিয়াছে শিক্ষাজীৱনৰ অধিকাংশ সময় উপছালা বিশ্ববিদ্যালত কটাইছিল। ১৭৩০ চনত এই বিশ্ববিদ্যালয়ৰতেই প্ৰবক্তা হিসেপে যোগ দিছিল। ১৭৩৫ চনৰ পৰা দ চন পৰ্যন্ত বিদেশত আছিল আৰু এই সময়তেই নেডাৰলেণ্ডৰ পৰা তেওঁৰ Systema Naturae গ্ৰন্থৰ প্ৰথম সংস্কৰণ প্ৰকাশিত হৈছিল। ইয়াৰোপৰি ছুইডেনলৈ ঘূৰি আহি উপছালাত উদ্ভিদবিজ্ঞানৰ অধ্যাপক পদত যোগ দিছিল। ১৭৪০ৰ দশকত বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ শ্ৰেণীবিন্যাস কৰাৰ বাবে তেওঁক ছুইডেনৰ বিভিন্ন স্থানলৈ পাঠিওৱা হৈছিল। ১৭৫০ আৰু ৬০ৰ দশককত তেওঁ এই শ্ৰেণীবিন্যাস প্ৰচলিত হৈছিল আৰু খণ্ড খণ্ডকৈ প্ৰকাশ কৰিছিল। অনেক প্ৰাণী বা উদ্ভিদৰ দ্বিপদী নামৰ তেওঁ যি নাম নাম ৰাখিছিলে সেই নামৰ সংক্ষিপ্ত ৰূপটোৱা স্থান পায়। লিনিয়াছে যিবোৰ নাম ৰাখিছিল সেইবোৰৰ শেষত "L" অক্ষৰটো থাকে। মৃত্যুৰ সময়ত সমগ্ৰ ইউৰোপ জুৰি অন্যতম সেৰা বিজ্ঞানী হিচাপে পৰিচিতি লাভ কৰেছিল। তেওঁ ১৭৭৭ তেওঁ মৃত্যুবৰণ কৰে। কবৰৰ নামফলকত শেষ ইচ্ছানুসৰি লিনিয়াছৰ নামৰ পাছত হ'মো ছেপিয়েঞ্চ শব্দটো যুক্ত কৰা হৈছে।[4] জঝ
জীৱৰ নামকৰণৰ বাবে এটা সৰ্বজনীন নামকৰণৰ পদ্ধতি প্ৰতিষ্ঠা কৰাটো বৰ্গীকৰণ ক্ষেত্ৰত লিনিয়াছৰ প্ৰধান অৱদান—তেওঁৰ এই কৰ্ম দ্বিপদী নামকৰণৰ ব্যৱহাৰৰ আৰম্ভণি বিন্দু আছিল।[5]
ছুইডেনৰ বিজ্ঞানী কেৰলাছ লিনিয়াছেই প্ৰথম জীৱজগতৰ উদ্ভিদ আৰু প্ৰাণীসমূহৰ শ্ৰেণীবিভাজনৰ দ্বৈৰাশিক পদ্ধতিৰ প্ৰচলন কৰিছিল। সেই বাবে তেওঁক জীৱজগতৰ বৰ্গীকৰণৰ প্ৰথম প্ৰবক্তা বোলা হয়। লিনিয়াছে উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিবোৰৰ নামকৰণৰ সমস্যা দ্বিপদী নামকৰণ পদ্ধতি প্ৰচলন কৰি দূৰ কৰে। ইয়াৰ আগতে বিভিন্ন প্ৰজাতিৰ বৈজ্ঞানিক নাম আছিল অনেক দীঘল। লিনিয়াছে মানুহ প্ৰজাতিৰ নাম ৰাখিছিল হ'ম ছেপিয়েন্সস।
প্ৰায় সাত হাজাৰ প্ৰজাতিৰ উদ্ভিদ আৰু চাৰি হাজাৰ প্ৰাণীৰ নামকৰণৰ উপৰিও তেওঁ স্পিছিছ প্লাণ্টাৰাম (১৭৫৩), জেনেৰা প্লাণ্টাৰাম (১৭৫৪) আৰু ছেষ্টেমা নেচাৰা (১৭৫৮) নামৰ কিতাপো লিখিছিল। প্ৰথম দুখন উদ্ভিদ আৰু তৃতীয়খন প্ৰাণীৰ শ্ৰেণীবিন্যাস আৰু নামকৰণবিষয়ক আৰু আন্তৰ্জাতিকভাৱে স্বীকৃত। আধুনিক বিবৰ্তন-প্ৰভাৱিত নতুন নতুন শ্ৰেণীবিন্যাস পদ্ধতিৰ দ্বাৰা লিনিয়াছৰ শ্ৰেণীবিন্যাস পদ্ধতি প্ৰতিষ্ঠাপিত হৈছে যদিএ তেওঁৰ নামকৰণৰ নিয়ম আৰু ক্ৰিয়াপদবৰ্জিত বৰ্ণনা পদ্ধতি আজিও প্ৰচলিত হৈ আছে।[4]
জীৱৰ বৈজ্ঞানিক নামৰ প্ৰসংগ সূত্ৰ সংযোগ কৰোঁতে লেখৰক নামৰ মান্য চমুনামৰ ক্ষেত্ৰত কাৰ্ল লিনিয়াছৰ বাবে L. ব্যৱহাৰ কৰা হয়।