Kishtwari | |
---|---|
| |
থলুৱা অঞ্চল | Jammu and Kashmir |
জাতীয়তা | Kishtwari |
স্থানীয় ভাষিক |
সাঁচ:Sigfig (2011 census)[1][2] |
ভাষা পৰিয়াল |
|
ভাষা সংকেত | |
ISO 639-3 | – |
গ্লোটোলগ | kish1245 [3] |
কিশ্তৱাড়ী বা কশ্তৱাড়ী এটি দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা যাৰ কাশ্মিৰী ভাষাৰ সৈতে ভালেমান মিল আছে। চুবুৰীয়া পশ্চিমীয়া পাহাড়ী ভাষাসমূহৰো ভালেমান প্ৰভাৱ এই ভাষাত দেখা যায়। এই ভাষা মুখ্যতঃ ভাৰতৰ জম্মু আৰু কাশ্মীৰৰ কিশ্তৱাড় জিলাত ব্যৱহাৰ কৰা হয়।
ঐতিহাসিকভাৱে জৰ্জ গ্ৰিয়েৰ্ছনৰ দৰে ভাষাবিদে কিশ্তৱাড়ীক কাশ্মিৰীৰ উপভাষা আখ্যা দিছিল। কিশ্তৱাড়ী আৰু কাশ্মিৰী আংশিকভাৱে পৰস্পৰ বোধগম্য, কিন্তু কিশ্তৱাড়ী ভাষী লোকে এক সুকীয়া পৰিচয় বৰ্তায় ৰাখে, চুবুৰীয়া পাহাড়ী লোক, যেনে পদ্দৰ, দোডা-ভদৰৱাহ আৰু চেনাব উপত্যকাৰ অন্য লোকৰ সৈতে নিজকে সামৰি। সিদ্ধেশ্বৰ বৰ্মাৰ দৰে কিছু ভাষাবিদে কিশ্তৱাড়ীক পশ্চিমীয়া পাহাড়ী আৰু কাশ্মিৰীৰ অন্তৰৱৰ্তী ভাষা জ্ঞান কৰে। যদি কিশ্তৱাড়ীক কাশ্মিৰীৰ উপভাষা বুলি মানি লোৱা হয়, তেন্তে ই হৈ পৰিব দুই এনে উপভাষাৰ অন্যতম যি কাশ্মীৰ উপত্যকাৰ বাহিৰত কোৱা হয়। আনটো হ'ল পগুলী, যি ইয়াতকৈও অধিক স্বকীয় আৰু কাশ্মিৰী আৰু কিশ্তৱাড়ী উভয়ৰ সৈতেই অবোধগম্য। কিশ্তৱাড়ীও চুবুৰীয়া ডোগৰী আৰু পাঞ্জাবী ভাষাৰ দৰেই এটি সুৰীয়া ভাষা।[4][5]
গ্ৰিয়েৰ্ছনে নিজৰ গ্ৰন্থ "লিংগুইষ্টিক চাৰ্ভে' অৱ ইণ্ডিয়া"ত কিশ্তৱাড়ীক কাশ্মিৰী ভাষাৰ এক অতিকৈ বিপথগামী উপভাষা আখ্যা দিছিল, যি চুবুৰীয়া পাঞ্জাবী আৰু পশ্চিমীয়া পাহাড়ী ভাষাসমূহৰ দ্বাৰা ভালেমান প্ৰভাৱিত।[6] গ্ৰিয়েৰ্ছনে এই কথা মন কৰিছিল যে কিশ্তৱাড়ী আন কাশ্মিৰী উপভাষাসমূহৰ তুলনাত অধিক ৰক্ষণশীল। উদাহৰণস্বৰূপে, ই বিষয় সৰ্বনাম থু, বৰ্তমানসূচক অন আদি ব্যৱহাৰত বৰ্তাই ৰাখিছিল, যি আন কাশ্মিৰী উপভাষাসমূহৰ পৰা কেতিয়াবাই নোহোৱা হৈছিল। কিশ্তৱাড়ীৰ শব্দ সম্ভাৰ আৰু প্ৰাৰম্ভিক ব্যাকৰণ দ্য লেংগুৱেজেছ অৱ দ্য নৰ্দাৰ্ণ হিমালয়াজ নামৰ গ্ৰন্থত অন্তৰ্ভুক্ত।[7]
১৯১১ চনৰ জনগণনাত ৭৪৬৪জন কিশ্তৱাড়ী ভাষী লোক আছিল।
গ্ৰিয়েৰ্ছনে মন কৰিছিল যে কিশ্তৱাড়ী লিখিবলৈ টাকৰী লিপিৰ এক স্বকীয় ৰূপ ব্যৱহাৰ কৰা হয়। তেওঁ এই কথাও মন কৰিছিল যে লিখনত কোনো মান্য বানান আৰু আখৰ লিখাৰ শৈলী নাই যেন লাগে।