কিৰণজিৎ আলুৱালিয়া | |
---|---|
জন্ম | ১৯৫৫ (বয়স ৬৯–৭০) চক কালাল, পঞ্জাৱ, ভাৰত |
পেচা | মানৱাধিকাৰ কৰ্মী, লেখক |
সন্তান | দুজন পুত্ৰ |
কিৰণজিৎ আলুৱালিয়া (ইংৰাজী: Kiranjit Ahluwalia; জন্ম: ১৯৫৫) এগৰাকী ভাৰতীয় মহিলা যি ১৯৮৯ চনত ইউ কেত তেওঁৰ স্বামীক মাৰাত্মকভাৱে জ্বলাই দিছিল।তেওঁ দাবী কৰিছিল যে এয়া বিগত দহ বছৰত তেওঁৰ ওপৰত চলা শাৰীৰিক, মানসিক আৰু যৌন উৎপীড়নৰ স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল।[1] প্ৰথমে হত্যাৰ অপৰাধত দোষী সাব্যস্ত হোৱা আৰু যাৱৎজীৱন কাৰাদণ্ড লাভ কৰাৰ পিছত আলুৱালিয়াৰ স’তে যেতিয়া একাধিকবাৰ কাউন্সিলিং হয়, তেতিয়া তেওঁক দোষমুক্ত কৰা হয় আৰু তেওঁৰ ওপৰত আৰোপ কৰা ৰায়দানক এই বুলি সলোৱা হয় যে, এয়া আত্মৰক্ষাহে আছিল, অভিসন্ধিমূলক হত্যা নহয়। যদিও লণ্ডনৰ আইনে এইটো প্ৰৰোচনাৰ ঘটনা নহয় বুলি কৈছিল, কাৰণ প্ৰৰোচনাৰ প্ৰতিক্ৰিয়া তাৎক্ষণিক হয়[2] আৰু আলুৱালিয়াৰ ক্ষেত্ৰত তেনে হোৱা নাছিল; তথাপি ১৯৫৭ চনৰ ২ নং হোমিচাইদ এক্টৰ আধাৰত আংশিক প্ৰতিৰক্ষাৰ পক্ষে এটি যোগাত্মক ৰায়দান পাবলৈ তেওঁ সক্ষম হৈছিল।[3]
২০০৬ চনত আলুৱালিয়াৰ জীৱনৰ ওপৰত ভিত্তি কৰি ‘প্ৰ’ভ’ক্ড’ নামৰ চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল।
১৯৭৭ চনত, ২২ বছৰ বয়সত কিৰণজিতে পঞ্জাৱৰ, ঘৰ এৰি ভণীয়েকক লগ কৰিবলৈ কানাডালৈ গৈছিল। ইয়াৰ পিছত ১৯৭৯ চনৰ ২১ জুলাইত, ইউ কে ভ্ৰমণৰ সময়ত তেওঁ তেওঁৰ স্বামী দীপকক বিয়া কৰায়। বিয়াৰ আগতে দীপকক তেওঁ মাত্ৰ এবাৰহে লগ পাইছিল। কিৰণজিতৰ মতে বৈবাহিক জীৱনত দহ বছৰ ধৰি তেওঁ ঘৰুৱা হিংসাৰ বলি হৈছিল আৰু শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ উপৰি তেওঁ বৈবাহিক ধৰ্ষণৰ বলি হৈছিল।[1][4]
যেতিয়া কিৰণজিতে নিজৰ পৰিয়ালৰ সহায় বিচাৰিলে, তেওঁলোকে এইবুলি কৈ ফালৰি কাটিলে যে, তেওঁ তেওঁৰ স্বামীৰ সৈতে থকাটো পাৰিবাৰিক সন্মানৰ বিষয়। উপায়বিহীন হৈ কিৰণজিতে স্বামীগৃহৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁৰ স্বামীয়ে তেওঁক বিচাৰি পায় আৰু ঘূৰাই আনে। বিবাহ সূত্ৰে কিৰণজিৎ দুটি পুত্ৰ সন্তানৰ মাতৃ আছিল। তেওঁ দাবী কৰিছিল যে তেওঁৰ পুত্ৰদ্বয় তেওঁ প্ৰায়ে সহ্য কৰা ঘৰুৱা হিংসাৰ সাক্ষী আছিল।[4]
১৯৮৯ চনৰ বসন্তকালৰ এটি সন্ধিয়া কিৰণজিতক তেওঁৰ স্বামীয়ে আক্ৰমণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। স্বামীয়ে তেওঁৰ গোৰোহা ভাঙিবলৈ চেষ্টা কৰাই নহয়, গৰম ইস্ত্ৰীৰে মুখ জ্বলাই দিব খুজিছিল আৰু তেওঁৰ সম্প্ৰসাৰিত পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল। সেই নিশাৰ পিছত, কিৰণজিতে গেৰেজৰ পৰা পেট্ৰ’ল আনি শুই থকা অৱস্থাতে তেওঁৰ স্বামীক জ্বলাই দিয়াৰ চেষ্টা কৰিছিল আৰু নিজৰ তিনি বছৰীয়া পুত্ৰক লৈ দৌৰি বাগিচালৈ ওলাই গৈছিল।[5]
পিছৰ এটা সাক্ষাৎকাৰত কিৰণজিতে কৈছিল যে, ‘এনেধৰণৰ অত্যাচাৰে আচলতে কিমান আঘাত দিয়ে মই তেওঁক ইয়াকে দেখুৱাবলৈ সিদ্ধান্ত লৈছিলো। কেতিয়াবা মই পলাই যাবলৈ চেষ্টা কৰিছিলো, কিন্তু তেওঁ মোক ধৰি আনে আৰু মোক আৰু অধিক জোৰেৰে মাৰে। মই তেওঁৰ ভৰি জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছিলো যাতে তেওঁ মোৰ পিছে পিছে দৌৰিব নোৱাৰে।’ [4]
দীপকৰ শৰীৰৰ চল্লিশ শতাংশৰো অধিক গুৰুতৰ ভাৱে জ্বলি গৈছিল আৰু ১০ দিন পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হৈছিল। হত্যাৰ অভিযোগত কিৰণজিতক গ্ৰেপ্তাৰ কৰা হৈছিল। কিৰণে তেতিয়া মাথো ভঙা ভঙা ইংৰাজীহে ক’ব পাৰিছিল।[6]
১৯৮৯ চনৰ ডিচেম্বৰত কিৰণজিতক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল।[7]বিচাৰৰ সময়ত, গোচৰীয়া পক্ষই যুক্তি দিছিল যে যদিও ঘটনাটোৰ নিশা কিৰণজিতক গৰম প’কাৰৰে ভাবুকি দিয়া হৈছিল, কিন্তু তেওঁ তেওঁৰ স্বামী টোপনি যোৱালৈকে অপেক্ষা কৰাটো প্ৰমাণ আছিল যে তেওঁ নিজৰ খং সামৰিবলৈ যথেষ্ট সময় পাইছিল।[7] ইয়াৰ উপৰিও, গোচৰীয়া পক্ষই দাবী কৰিছিল যে, যি প্ৰক্ৰিয়াৰে তেওঁ স্বামীক আঘাত কৰিছিল সেই জ্ঞান সাধাৰণ জ্ঞান নাছিল আৰু ই প্ৰমাণ কৰে যে, তেওঁ তেওঁৰ স্বামীৰ হত্যাৰ পৰিকল্পনা কৰিছিল । কিৰণজিৎ ঘৰুৱা হিংসাৰ বলি হোৱা বিষয়টো তেওঁৰ পৰামৰ্শদাতাই উত্থাপন কৰা নাছিল আৰু গোচৰীয়া পক্ষই লগতে ইয়াকো কৈছিল যে, কিৰণজিৎ তেওঁৰ স্বামীৰ বাৰে বাৰে হোৱা বিবাহ বৰ্হিভূত সম্পৰ্কক লৈ ঈৰ্ষাম্বিত হৈছিল আৰু ই তেওঁক এনে কৰিবলৈ উৎসাহিত কৰিছিল। [4] হত্যাৰ অভিযোগেৰে তেওঁক অভিযুক্ত কৰা হৈছিল আৰু যাৱৎজীৱন কাৰাদণ্ড বিহা হৈছিল।.[8]
কিৰণজিতৰ ঘটনাটোৱে ‘চাউথেল ব্লেক চিষ্টাৰচ’ নামৰ এটি বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ দৃষ্টি আকৰ্ষণ কৰে আৰু তেওঁলোকে এটি মিচ-ট্ৰায়েলৰ বাবে হেঁচা দিয়ে। অনেক অভিযোগ, প্ৰতি-অভিযোগ আৰু কাউন্সেলিঙৰ পাছত এই কথা পোহৰলৈ আহে যে, এই ঘটনাটো ঘটাৰ সময়ত কিৰণজিত অত্যন্ত হতাশাত ভুগিছিল। মিচ-ট্ৰায়েল ঘোষণা হোৱাৰ পাছতেই ১৯৯২ চনৰ ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখে এটি ৰি-ট্ৰায়েলৰ আদেশ দিয়া হয় আৰু এই মোকৰ্দ্দমাৰ পিছতে কিৰণজিতৰ শাস্তি কমাই দিয়া হয়। আদালতে ঘোষণা কৰা শাস্তিৰ সময়সীয়া যিহেতু ইতিমধ্যে শেষ হৈছিল সেয়ে তৎক্ষণাত, সেইমূহুৰ্ততে কিৰণজিতক মুকলি কৰি দিয়া হয়।
কিৰণজিতৰ ঘটনাই পশ্চিমীয়া দেশসমূহলৈ অনুপ্ৰৱেশকাৰী অ-ইংৰাজী ভাষী পৰিয়ালত ঘটা ঘৰুৱা হিংসাৰ বিষয়ে সজাগতা বৃদ্ধি কৰাত সহায় কৰিছিল আৰু যুক্তৰাজ্যত ঘৰুৱা উৎপীড়নৰ ভুক্তভোগীসকলৰ বাবে আইন সলনি কৰিছিল।[1]
ব্ৰিটিছ আইনী পাঠ্যপুথিত আৰ ভি আলুৱালিয়া নামেৰে জনাজাত কিৰণজিতৰ গোচৰটোৱে ক্ষতিগ্ৰস্ত মহিলাৰ ক্ষেত্ৰত প্ৰৰোচনা শব্দটোৰ সংজ্ঞা সলনি কৰি তেওঁৰ অপৰাধক হত্যা ( murder)ৰ পৰিৱৰ্তে মেনশ্লটাৰ (manslaughter) হিচাপে পুনৰ শ্ৰেণীবদ্ধ কৰে,[9] আৰু একে বছৰতে তেওঁৰ আবেদনৰ ভিত্তিত, এমা হামফ্ৰিজ আৰু চাৰা থৰ্ণটন নামৰ দুগৰাকী মহিলাক একেধৰণৰ অপৰাধৰ পৰা মুক্তি দিয়া হয়।[9]
ঘৰুৱা হিংসাৰ বিষয়টো পোহৰলৈ অনাত সহায় কৰাৰ ক্ষেত্ৰত কিৰণজিতক তেওঁৰ শক্তি, ব্যক্তিগত সাফল্য, সংকল্প আৰু প্ৰতিশ্ৰুতিৰ স্বীকৃতিস্বৰূপে ২০০১ চনত প্ৰথম এছিয়ান মহিলা বঁটাৰে সন্মানিত কৰা হৈছিল।[1]
তেওঁ সহলেখক ৰহিলা গুপ্তাৰ সৈতে ‘চাৰ্কল অফ লাইট’ নামেৰে এখন আত্মজীৱনী লিখিছিল।[10]
গীতা চেহগলে কিৰণজিতৰ অভিজ্ঞতাৰ বিষয়ত ব্ৰিটিছ দূৰদৰ্শনৰ অনুসন্ধানমূলক তথ্যচিত্ৰ কাৰ্যসূচী ‘ডিচপেচ্ছ’ৰ বাবে ‘আনপ্ৰ’ভ’ক্ড’ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।[11]
এই কাহিনীটো ২০০৭ চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত ‘প্ৰ’ভ’ক্ড’ চলচ্চিত্ৰত কাল্পনিক ৰূপ দিয়া হৈছিল। নবীন এণ্ড্ৰুজে দীপকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ঐশ্বৰ্য ৰায়ে কিৰণজিতৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।[4]