কুঁহিয়াৰ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
বিভাগ: | Magnoliophyta |
শ্ৰেণী: | Liliopsida |
বৰ্গ: | Poales |
পৰিয়াল: | Poaceae |
গণ: | Saccharum L. |
Species | |
Saccharum arundinaceum |
কুঁহিয়াৰ (ইংৰাজী: Sugarcane) এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি। কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে। এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে। অৰ্থাৎ কুঁহিয়াৰ গছ গোটেই বছৰ ধৰি জীয়াই থাকে। ভাৰতত কুঁহিয়াৰৰ উন্নত সঁচ উদ্ভাৱনৰ একমাত্ৰ কেন্দ্ৰ হ'ল কোইম্বাটোৰ। কুঁহিয়াৰ এবিধ বছৰেকীয়া খেতি। ই অতিশয় ৰসাল আৰু মিঠা স্বাদযুক্ত। চ’ত, ব’হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰ পৰা চ’ত মাহৰ ভিতৰত পেৰা হয়। এই খেতিৰ বাবে মানুহ অধিক লাগে। বিভিন্ন জাতৰ কুঁহিয়াৰ বোৰ হ’ল – আঁকি, পুৰা, পিয়াজী, মক, ইকৰা পুৰা (উজনি অসমত প্ৰচলিত শব্দ), জাভা, বোম্বাই, পাখৰি ইত্যাদি।
কুঁহিয়াৰ খেতিৰ কাৰণে ২০°-২৮° ছেণ্টিগ্ৰেড উষ্ণতা আৰু মধ্যমীয়া বৰষুণ প্ৰয়োজন। এই খেতি কম বৰষুণ হোৱা ঠাইতো হয় আৰু বেছি বৰষুণ হোৱা ঠাইতো হয়। উদাহৰণ স্বৰূপে পঞ্জাবৰ ২৫.৪ ছেণ্টিমিটাৰ বৰষুণ হোৱা ঠাইতো ইয়াৰ খেতি হয় আৰু ২৫৪ ছেণ্টিমিটাৰ বৰষুণ হোৱা অসম, পশ্চিমবংগ আদিতো ইয়াৰ খেতি ভাল হয়। বেছি বৰষুণ হোৱা ঠাইৰ কুঁহিয়াৰৰ গোট শকত হয় যদিও ইয়াৰ চুক্ৰুজৰ পৰিমাণ কম থাকে। কম বৰষুণ হোৱা ঠাইবিলাকত জলসিঞ্চনৰ প্ৰয়োজন হয়। কুঁহিয়াৰ খেতিৰ বাবে সমতলৰ সাৰুৱা মাটিৰ প্ৰয়োজন। এই মাটি ভালদৰে পানী ধৰি ৰাখিব পৰা নাইবা পানী জমা হৈ নথকা বিধৰ হ'ব লাগে। কুঁহিয়াৰে মাটিৰ পৰা অধিক পৰিমাণৰ নাইট্ৰ'জেন যুক্ত ৰস টানি লয় কাৰণে কুঁহিয়াৰ তলিত বিশেষকৈ নাইট্ৰ'জেনযুক্ত সাৰ প্ৰয়োজন হয়। ফেব্ৰুৱাৰীৰ পৰা মে' মাহলৈকে কুঁহিয়াৰ ৰোৱা হয় আৰু নৱেম্বৰৰ পৰা মাৰ্চলৈ কুঁহিয়াৰ চপোৱা হয়।
ভাৰতবৰ্ষত যথেষ্ট পৰিমাণৰ কুঁহিয়াৰ খেতি হয়। কেৱল গংগা সমভূমিৰ পৰাই ভাৰতৰ ৫০ শতাংশ কুঁহিয়াৰ উৎপন্ন হয়। উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানা, মহাৰাষ্ট্ৰ, তামিলনাডু আদি ৰাজ্যসমূহত যথেষ্ট পৰিমাণে কুঁহিয়াৰ উৎপন্ন হয়। দাক্ষিণাত্যৰ ব-দ্বীপবোৰত জলসিঞ্চনৰ দ্বাৰা কুঁহিয়াৰ খেতি কৰা হয়।[1]
পূজা-পাতল, ঔষধ, চেনি আৰু গুড় প্ৰস্তুতকৰণত।