কুকুৰা | |
---|---|
![]() | |
এটা ডাকুৱা (বাওঁফালে) আৰু এজনী মাইকী কুকুৰা (সোঁফালে) | |
সংৰক্ষণ স্থিতি | |
পোহনীয়া
| |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Galliformes |
পৰিয়াল: | Phasianidae |
উপপৰিয়াল: | Phasianinae |
গণ: | Gallus |
প্ৰজাতি: | G. gallus |
উপপ্ৰজাতি: | G. g. domesticus |
ত্ৰিপদ নাম | |
Gallus gallus domesticus (লিনিয়াছ, ১৭৫৮) |
কুকুৰা (ইংৰাজী: Chicken) এক প্ৰকাৰৰ পোহনীয়া চৰাই, বনকুকুৰাৰ এক উপ-প্ৰজাতি। এবিধ সাধাৰণ আৰু বিশ্বব্যাপি পোহনীয়া প্ৰাণী হিচাপে ২০০৩ চনত কুকুৰাৰ জনসংখ্যা আছিল প্ৰায় ২৪০ কোটি,[1] পৃথিৱীৰ অন্য যিকোনো প্ৰজাতিৰ চৰাইতকৈ কুকুৰাৰ সংখ্যা সৰ্বাধিক। মানুহে খাদ্য হিচাপে কুকুৰাৰ মাংস আৰু কণী দুয়োটাই ভক্ষণ কৰে।
এডাল পত্নতাত্বিক হাড়ৰ পৰা অনুমান কৰা হয় যে, খ্ৰীষ্টপূৰ্ব প্ৰায় ৮,০০০ বছৰ আগতে চীন দেশত প্ৰথম কুকুৰা পালন কৰা হৈছিল।[2] পৰৱৰ্তী সময়ৰ জিনীয় অধ্যয়নত দক্ষিণ-পূব, পূব, আৰু দক্ষিণ এছিয়াতো বহু সমল উদ্ধাৰ হৈছিল, কিন্তু আমেৰিকা, ইউৰোপ, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ পূৰ্ৱজবোৰ ভাৰতীয় উপমহাদেশীয় উদ্ভৱ আছিল। খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত পোহনীয়া কুকুৰা ভাৰতৰ পৰা পশ্চিম ক্ষুদ্ৰ এছিয়াৰ লাইডিয়া আৰু গ্ৰীচলৈ আমদানী কৰা হৈছিল।[3] খ্ৰীষ্টপূৰ্ব পঞ্চদশ শতিকাৰ মধ্যভাগৰ পৰা কুকুৰা, "প্ৰতিদিনে জন্ম দিয়া চৰাই" (ইংৰাজী: bird that gives birth every day) হিচাপে ইজিপ্তত জনাজাত হৈছিল।[4][5][6]