কুন্দন (ইংৰাজী: Kundan) ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱলম্বন কৰা হয়। এই পদ্ধতিটো ৰাজস্থান আৰু গুজৰাটৰ ৰাজকীয় দৰবাৰত উদ্ভৱ হৈছিল বুলি বিশ্বাস কৰা হয়। এই শৈলী ভাৰতত তৈয়াৰ কৰা আৰু পিন্ধা গহনাৰ এক প্ৰাচীন প্ৰকাৰ।[1][2] কুন্দন শব্দটোৰ অৰ্থ হৈছে অত্যধিক পৰিশোধিত সোণ। এই শৈলীৰ অলংকাৰসমূহত এক অতি পৰিশোধিত আৰু বিশুদ্ধ ৰূপৰ গলিত সোণ ব্যৱহাৰ কৰা হয়।
কুন্দনক বিকানেৰী বা জয়পুৰী গহনা বুলিও কোৱা হয়। ইয়াৰ অন্যতম বৈশিষ্ট্য হৈছে উজ্জ্বল ৰং আৰু ডিজাইনৰ সৈতে অলংকাৰৰ পিছফালে থাকে। আনহাতে কুন্দন শৈলীৰ ৰত্নসমূহ সন্মুখত থাকে। ৰাজস্থানৰ জয়পুৰ চহৰখন পৰম্পৰাগতভাৱে ভাৰতৰ কুন্দন গহনাৰ কেন্দ্ৰস্থল।[2]
ভাৰতত কুন্দন গহনাৰ উৎস কমেও খ্ৰীষ্ট পূৰ্ব ৩য় শতিকাৰ বুলি কোৱা হয়।[3] কুন্দন ৰাজস্থান ৰাজকীয় দৰবাৰৰ পৰা আৰম্ভ হৈছিল আৰু তাৰ পিছত মোগল যুগত ৰাজকীয় পৃষ্ঠপোষকতাৰ অধীনত বিকশিত হৈছিল।[4] বহু বছৰ ধৰি ৰাজদৰবাৰৰ কুন্দন গহনা ৰাজস্থান, বিহাৰ আৰু পঞ্জাবত ৰূপৰ ওপৰত সফলতাৰে প্ৰতিলিপি কৰা হৈছিল আৰু সাধাৰণ লোকৰ মাজত জনপ্ৰিয় হৈছিল।[5]
এইটো পৰম্পৰাগত শৈলীৰ অলংকাৰ ভাৰতীয় কইনাসকলৰ বিবাহৰ অলংকাৰৰ এক অবিচ্ছেদ্য অংশ। কুন্দন শৈলীৰ থাপ্প আৰু ৰাস ৰাৱাকে ধৰি পৰম্পৰাগত ডিজাইন সমূহ বৰ্তমান পুনৰুজ্জীৱিত কৰা হৈছে।[6] শেহতীয়াকৈ ২০০৮ চনৰ ঐতিহাসিক ছবি 'যোধা আকবৰ'ত ঐশ্বৰ্য ৰায় বচ্চনে চিত্ৰিত কৰা মুখ্য চৰিত্ৰ 'যোধা'য়ে কুন্দনৰ গহনা পিন্ধি থকা ব্যাপকভাৱে দেখুওৱা হৈছিল। ইয়াৰ জৰিয়তে কুন্দন শৈলীৰ অলংকাৰে ৰাজস্থানী ৰাজপৰিয়ালৰ মাজত ইয়াৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছিল।[1]
২০০৬ চনত "আমেৰিকান ডায়মণ্ড" আৰু কুন্দন গহনাই ভাৰতীয় গহনা বজাৰত বজাৰ মূল্য আৰু আয়তনৰ প্ৰায় ৭৩ শতাংশ দুয়োটাৰ সৰ্ববৃহৎ অংশপ্ৰাপ্ত হিচাপে পৰিগণিত হৈছিল।[7]
সতৰ্কতাৰে প্ৰয়োজনীয় আকৃতিৰ নকটা হীৰা আৰু পলিচ কৰা বহুৰঙী ৰত্নবোৰ এক সুন্দৰভাৱে ডিজাইন কৰা বিশুদ্ধ সোণ বা অশুদ্ধ ধাতুৰ আধাৰত স্থাপন কৰি কুন্দন অলংকাৰ প্ৰস্তুত কৰা হয়।[4] বিস্তৃত প্ৰক্ৰিয়াটো 'ঘাট' নামৰ কংকালৰ গাঁথনিৰ সৈতে আৰম্ভ হয়। তাৰ পিছত 'পাধ' প্ৰক্ৰিয়াটো কৰা হয়। ইয়াৰ সময়ত গলিত মম গাঁথনিত ঢালি দিয়া হয় আৰু ডিজাইন অনুসৰি সাঁচ সৃষ্টি কৰা হয়। ইয়াৰ পিছত 'খুদাই' প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। খুদাই প্ৰক্ৰিয়াত নকটা ৰত্নবোৰ গাঁথনিত খাপ খুৱাই দিয়া হয়। মীনাকাৰীয়ে তাৰ পিছত ডিজাইনৰ বিৱৰণ নিৰ্ধাৰণ কৰিবলৈ এনামেলিং আৰম্ভ কৰে। তাৰ পিছত 'পাকাই' প্ৰক্ৰিয়াত সোণৰ পাতল পাটৰ সহায়ত ৰত্নসমূহ গাঁথনিত ধৰি ৰাখিব পৰাকৈ লগাই দিয়া হয়। এইবোৰ বৰ্নিছিং কৌশল ব্যৱহাৰ কৰি ঠাণ্ডা চ'ল্ডাৰ কৰা হয়। অৱশেষত চিলি প্ৰক্ৰিয়া ব্যৱহাৰ কৰি ৰত্নবোৰ পলিছ উজ্জ্বল কৰা হয়।