কুম্ভ মেলা | |
---|---|
[[File:|225px|কুম্ভ মেলা]] | |
সম্পূৰ্ণ নাম | কুম্ভ মেলা, কুম্ভা মেলা, মহা কুম্ভ মেলা, কুম্ভা মেলা |
পালন কৰে | হিন্দু সকলে |
প্ৰকাৰ | হিন্দু |
আৰম্ভ হয় | মকৰ সংক্ৰান্তি, ১৪ জনুৱাৰী |
শেষ হয় | মহা শিৱৰাত্ৰি |
তাৰিখ | মূল তীৰ্থযাত্ৰা: প্ৰতি তিনি বছৰৰ মূৰে মূৰে (২০১০/২০১৩/২০১৬/..); অন্যান্য: তালিকা চাওক; other: see chart |
আচাৰ | চাহী স্নান (পাপ মুক্তিৰ বাবে কৰা স্নান) |
হিন্দু ধৰ্ম | |||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ওঁ • ব্ৰহ্মা • ঈশ্বৰ | |||||||||||||||||||||||
| |||||||||||||||||||||||
ধৰ্মাচৰণ
| |||||||||||||||||||||||
Kumbh Mela | |
---|---|
দেশ | India |
প্ৰসংগ | 01258 |
অঞ্চল | Asia and the Pacific |
শিলালিপিৰ ইতিহাস | |
শিলালিপি | 2017 (12th session) |
তালিকা | Representative |
Unesco Cultural Heritage |
কুম্ভ মেলা(সংস্কৃত: Kumbha Mēlā উচ্চাৰণ [kʊˈmbʰᵊ melaː]) হ'ল এক হিন্দু ধৰ্মীয় তিৰ্থ যাত্ৰী আৰু যোগীৰ বৃহৎ সন্মিলন। ইয়াত হিন্দু ধৰ্মীয় লোকসকলে পবিত্ৰ নদীত স্নান কৰিবলৈ সমবেত হয়। ইয়াক পৃথিৱীৰ সৰ্ববৃহৎ শান্তিপূৰ্ণ সমদল বুলি গণ্য কৰা হয়। কুম্ভ মেলা প্ৰকৃততে এটি 'পবিত্ৰ কলহৰ উৎসৱ'[1] মহা কুম্ভ মেলা এক গুৰুত্বপূৰ্ণ হিন্দু তীৰ্থযাত্ৰা আৰু প্ৰায় প্ৰতি ৬, ১২ আৰু ১৪৪ বছৰৰ মূৰে মূৰে পালন কৰা হয় । এই মেলা বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ মেলা য'ত মানুহৰ সবাতোতকৈ অধিক সমাগম হয়।[2][3][4]
পৰম্পৰাগতভাৱে চাৰিটা প্ৰধান তীৰ্থস্থানত নদীৰ পাৰৰ মেলাসমূহক কুম্ভমেলা হিচাপে স্বীকৃতি দিয়া হয়: প্ৰয়াগৰাজ (গংগা-যমুনা-সৰস্বতী নদীৰ সংগম), হৰিদ্বাৰ (গংগা), নাশিক-ত্ৰিম্বক (গোদাবৰী), আৰু উজ্জয়িন (শিপ্ৰা)। [5][6] এইটো দৃঢ়তাৰে কোৱা হৈছিল যে, ২০২২ চনত ৭০০ বছৰৰ বিৰতিৰ পিছত বান্সবেৰিয়াই (হুগলি) পুনৰ তীৰ্থযাত্ৰাৰ আয়োজন কৰে।[7][8]
উল্লেখযোগ্য যে ২০১৩ চনত এলাহাবাদত হোৱা মহা কুম্ভ মেলাত প্ৰায় ১০০ মিলিয়ন লোক সমবেত হৈছিল।[9][10] কুম্ভ মেলা অনুষ্ঠিত হোৱা চাৰিখন ঠাইৰ প্ৰতিখনত বৃত্তীয় ক্ৰম অনুসৰি প্ৰতি তিনিবছৰৰ মূৰত অৰ্থাৎ একোখন ঠাইত ১২ বছৰৰ মূৰে মূৰে এই মেলা অনুষ্ঠিত হয়। এই ঠাইকেইখন হ'ল হৰিদ্বাৰ, এলাহাবাদ(প্ৰয়াগ), নাচিক আৰু উজ্জয়িনী। অৰ্ধ কুম্ভ মেলা ৬ বছৰৰ মূৰে মূৰে কেৱল দুঠাইত, হৰিদ্বাৰ আৰু এলাহাবাদত, অনুষ্ঠিত হয়। এই ঠাইকেইখনত থকা পবিত্ৰ নৈ কেইখন হ'ল ক্ৰমে হৰিদ্বাৰত গংগা, এলাহাবাদত গংগা, যমুনা আৰু সৰস্বতীৰ সংগম, নাচিকত গোদাবৰী আৰু উজ্জিয়িনীত সিপ্ৰা। সংস্কৃত তথা আন ভাৰতীয় ভাষা সমূহত কুম্ভ(বা কুম্ভা) শব্দৰ অৰ্থ হ'ল কলহ বা মাটিৰ পাত্ৰ। এই চাৰিখন ঠাইত দেৱতা সকলে সমুদ্ৰ মন্থনৰ পিছত কঢ়িয়াই অনা অমৃতৰ কলহৰ পৰা অমৃত বাগৰি পৰিছিল বুলি হিন্দু ধৰ্মত বিশ্বাস কৰা হয়। এই মেলা প্ৰায় দেৰমহীয়াকৈ অনুষ্ঠিত হয়। কুম্ভ মেলাত এই নদীকেইখনত স্নান কৰিলে পাপ মুক্ত হয় বুলি বিশ্বাস কৰা হয়।[11] [12]
কুম্ভ মেলাৰ বিষয়ে লিখিত সমল চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ লেখনিত পোৱা যায়। তেওঁ হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত ভাৰত ভ্ৰমণ কৰিছিল(৬২৯-৬৪৫ খ্ৰীষ্টাব্দ) [13][14] হিন্দু দৰ্শনৰ মতে ইয়াৰ গুৰিৰ বিষয়ে ভাগৱৎ পুৰাণত পোৱা যায়। সমুদ্ৰ মন্থনৰ কাহিনীটো ভাগৱৎ পুৰাণ, বিষ্ণু পুৰাণ, মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।[15]
প্ৰবাদ মতে দেৱতা সকলে দুৰ্বাসা মুনিৰ অভিশাপত তেওঁলোকৰ শক্তি হেৰুৱাইছিল আৰু হেৰুৱা শক্তি উদ্ধাৰৰ বাবে তেওঁলোকে ভগৱান ব্ৰহ্মা আৰু ভগৱান শিৱৰ ওচৰ চাপে। তেওঁলোকে দেৱতাসকলক ভগৱান বিষ্ণুৰ ওচৰলৈ পঠিয়ালে। বিষ্ণুৱে তেওঁলোকক খীৰ সাগৰ মন্থন কৰি অমৃত উলিয়াবলৈ উপদেশ দিলে। ইয়াৰ বাবে দেৱতা সকলে চিৰবৈৰী অসুৰ সকলৰ লগত একেলগে সমুদ্ৰ মন্থন কৰি অমৃত ওলালে সমভাগ কৰিম বুলি সন্ধি কৰিব লগা হ'ল। কিন্তু যেতিয়া অমৃতৰ পাত্ৰটো ওলাই পৰিল, তেতিয়া অমৃতৰ বাবে তেওঁলোকৰ মাজত যুদ্ধ হ'ল আৰু এই যুদ্ধ ১২ দিন আৰু ১২ ৰাতি চলিল(মানুহৰ বাবে ১২ বছৰ) এই যুদ্ধত ভগৱান বিষ্ণুৱে মোহিনী ৰূপ ধৰি অমৃতৰ পাত্ৰটো লৈ উৰি গৈছিল আৰু তেতিয়াই এই চাৰিখন ঠাইত অমৃতৰ টোপাল পৰিছিল। [16]
এলাহাবাদ(প্ৰয়াগ), হৰিদ্বাৰ, নাচিক আৰু উজ্জয়িনী এই চাৰিখন ঠাইৰ একোখনত ১২ বছৰৰ মূৰে মূৰে কুম্ভ মেলা অনষ্ঠিত হয়। .[17][18][19]
ত্ৰিৱেণী সংগম হ'ল গংগা, যমুনা আৰু সৰস্বতী নৈৰ মিলন থলী। ২০২৫ প্ৰয়াগ কুম্ভ মেলাবৰ্তমান চলি আছে।
হৰিদ্বাৰ হৈছে গংগা নৈৰ পাৰত অৱস্থিত এখন চহৰ।
নাছিক ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ উত্তৰ অঞ্চলৰ এখন চহৰ। ইয়াত ১৪খন আখাড়া আছে। ইয়াৰে ১১খন শৈৱপন্থী সকলৰ(১১খন শৈৱ আখাড়াৰ ১০খন বৰ্তমান সক্ৰিয় হৈ আছে; বুদ্ধ আখাড়া নামেৰে এখন বৰ্তমান অসক্ৰিয়)। বাকী ৩খন আখাড়া বৈষ্ণৱপন্থী সকলৰ। নাচিকৰ পৰা ৩০ কি:মি: দূৰৈৰ ত্ৰিম্বাকেশ্বৰৰ কুশাভাৰ্ট নামৰ ঠাইত শৈৱ আখাড়া কেইখনে পৱিত্ৰ স্নানৰ কাৰ্য সমাপন কৰে।[24] আনহাতে বৈষ্ণৱ আখাড়া কেইখনে তপোবনত থাকি ৰামাকুন্দৰ গোদাবৰীত ধৰ্মীয় কাৰ্যসমূহ সমাপন কৰে।[25] বৈষ্ণৱ আখাড়া কেইখনত খালচা বুলি মহন্তই নেতৃত্ব দিয়া ধৰ্মীয় দল কিছুমান থাকে। ১৮৩৮ চনলৈ শৈৱ আৰু বৈষ্ণৱ সাধু উভয়ে ত্ৰিম্বাকেশ্বৰতে পবিত্ৰ স্নান কৰিছিল। কিন্তু উভয়ৰ মাজত হোৱা এক ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত দুয়ো পন্থীকে ভাগ কৰি দিয়া হয়।
উজ্জয়িনৰ পুৰণি নাম অৱন্তিকা বা উজ্জয়িনী ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যৰ উজ্জয়িন জিলাৰ এখন চহৰ। উজ্জয়িন সিপ্ৰা(Shipra) নদীৰ পাৰত অৱস্থিত।
বছৰ | হৰিদ্বাৰ | প্ৰয়াগৰাজ | নাশিক-ত্ৰিম্বক | উজ্জয়িনী |
---|---|---|---|---|
১৯৮০ | অৰ্ধ কুম্ভ | কুম্ভ মেলা | কুম্ভ মেলা | |
১৯৮১ | ||||
১৯৮২ | ||||
১৯৮৩ | ||||
১৯৮৪ | অৰ্ধ কুম্ভ | |||
১৯৮৫ | ||||
১৯৮৬ | কুম্ভ মেলা | |||
১৯৮৭ | ||||
১৯৮৮ | ||||
১৯৮৯ | কুম্ভ মেলা | |||
১৯৯০ | ||||
১৯৯১ | ||||
১৯৯২ | অৰ্ধ কুম্ভ মেলা | কুম্ভ মেলা | কুম্ভ মেলা | |
১৯৯৩ | ||||
১৯৯৪ | ||||
১৯৯৫ | অৰ্ধ কুম্ভ মেলা | |||
১৯৯৬ | ||||
১৯৯৭ | ||||
১৯৯৮ | কুম্ভ মেলা | |||
১৯৯৯ | ||||
২০০০ | ||||
২০০১ | কুম্ভ মেলা | |||
২০০২ | ||||
২০০৩ | কুম্ভ মেলা | |||
২০০৪ | অৰ্ধ কুম্ভ মেলা | কুম্ভ মেলা | ||
২০০৫ | ||||
২০০৫ | ||||
২০০৭ | অৰ্ধ কুম্ভ মেলা | |||
২০০৮ | ||||
২০০৯ | ||||
২০১০ | কুম্ভ মেলা | |||
২০১১ | ||||
২০১২ | ||||
২০১৩ | কুম্ভ মেলা[26] | |||
২০১৪ | ||||
২০১৫ | কুম্ভ মেলা | |||
২০১৮ | অৰ্ধ কুম্ভ মেলা | কুম্ভ মেলা | ||
২০১৭ | ||||
২০১৮ | ||||
২০১৯ | অৰ্ধ কুম্ভ মেলা[27] | |||
২০২০ | ||||
২০২১[28] | কুম্ভ মেলা | |||
২০২২ | ||||
২০২৩ | ||||
২০২৪ | ||||
২০২৫ | ২০২৫ প্ৰয়াগ কুম্ভ মেলা[29] | |||
২০২৬ | ||||
২০২৭ | অৰ্ধ কুম্ভ মেলা | কুম্ভ মেলা | ||
২০২৮ | কুম্ভ মেলা |
বৃহস্পতি গ্ৰহ আৰু সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কুম্ভ মেলা এই ঠাইকেইখনত অনুষ্ঠিত কৰা হয়। যেতিয়া বৃহস্পতি গ্ৰহ আৰু সূৰ্য সিংহ ৰাশিত অৱস্থান কৰে, তেতিয়া নাচিকত; যেতিয়া সূৰ্য কুম্ভ ৰাশিত অৱস্থান কৰে, তেতিয়া হৰিদ্বাৰত; যেতিয়া বৃহস্পতি বৃষ ৰাশিত আৰু সূৰ্য মকৰ ৰাশিত অৱস্থান কৰে, তেতিয়া প্ৰয়াগত; আৰু বৃহস্পতি আৰু সূৰ্য বৃশ্চিক ৰাশিত অৱস্থান কৰিলে উজ্জয়িনীত এই মেলা অনুষ্ঠিত কৰা হয়।[30][31] সূৰ্য, চন্দ্ৰ আৰু বৃহস্পতিৰ অৱস্থান অনুসৰি প্ৰতিখন ঠাইত অনুষ্ঠিত হ'বলগীয়া দিনবোৰ আগতীয়াকৈ গণনা কৰি উলিওৱা হয়।[32]
ভাৰতীয় ইম্পেৰিয়েল গেজেটিয়াৰৰ মতে ১৮৯২ চনৰ হৰিদ্বাৰৰ মেলাত কলেৰাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল যাৰ ফলত কৰ্তৃপক্ষৰ ব্যৱস্থাৰ দ্ৰুত উন্নতি ঘটিছিল আৰু হৰিদ্বাৰ উন্নয়ন সমিতি গঠন হৈছিল। ১৯০৩ চনত প্ৰায় ৪ লাখ লোকে এই মেলাত অংশগ্ৰহণ কৰা বুলি লিপিবদ্ধ কৰা হৈছে।[33] ১৯৫৪ চনত প্ৰয়াগত কুম্ভ মেলাৰ হুলস্থুলৰ সময়ত প্ৰায় ৫০০ লোকৰ মৃত্যু হয়, আৰু কেইবাজনো লোক আহত হয়। ১৯৯৮ চনৰ ১৪ এপ্ৰিলত কুম্ভৰ বাবে হৰিদ্বাৰত দহ নিযুত লোক সমবেত হয়।[34]
২০০১ চনত ইয়াৰ ৫৫ দিনৰ ভিতৰত আটাইতকৈ ব্যস্ত দিনটোত ৪ কোটিতকৈ অধিক লোকে সমবেত হয়।[35]
মেলা প্ৰশাসনৰ হিচাপ অনুসৰি ২০০৭ চনত প্ৰয়াগত ৪৫ দিনীয়া অৰ্ধ কুম্ভ মেলাত প্ৰায় ৭ কোটি লোকে অংশগ্ৰহণ কৰিছিল।[36]
২০০১ চনত প্ৰয়াগত অনুষ্ঠিত হোৱা শেষৰ "কুম্ভ মেলা"ত ৩০ৰ পৰা ৭ কোটি লোকক আকৰ্ষণ কৰা বুলি কৰ্তৃপক্ষই অনুমান কৰিছিল।[37][38][39]
বৰ্তমানৰ মহা কুম্ভ মেলা ২০১৩ চনৰ ১৪ জানুৱাৰীৰ পৰা প্ৰয়াগত আৰম্ভ হৈছিল। আশা কৰা মতে ২০১৩ চনৰ কুম্ভ মেলাত ১০ কোটিতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছিল।[40] ২০২৫ ত প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ উৎসৱটো ২৩ জানুৱাৰীলৈকে ১০ কোটিৰো অধিক ভক্ত আৰু দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। মকৰ সংক্ৰান্তিৰ দিনা(১৪ জানুৱাৰী) গংগা, যমুনা আৰু সৰস্বতী নদীৰ মিলনস্থলী, ত্ৰিবেণী সংগমত পবিত্ৰ স্নান ল'বলৈ ৩.৫ কোটি ভক্তই সমবেত হয়। এই মহোৎসৱৰ সামৰণি পৰ্যন্ত মুঠ ৪৫ কোটি ভক্তৰ আকৰ্ষণ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত এই মহোৎসৱ বিশ্বৰ অন্যতম বৃহৎ ধৰ্মীয় সমাৱেশ হিচাপে পৰিগণিত হৈছে।[41]
এই উৎসৱৰ মুখ্য ৰীতি হৈছে যিখন নগৰত কুম্ভমেলা হৈ আছে সেই নগৰৰ নদীত ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সামূহিক স্নান কৰা:হৰিদ্বাৰত গঙ্গা নদী , নাচিকত গোদাৱৰী , উজ্জয়িনীত শিপ্ৰা আৰু সংগম (গংগা, যমুনা আৰু পৌৰাণিক সৰস্বতীৰ সংগম) এলাহাবাদত (প্ৰয়াগ)। নাচিকে সৰ্বাধিক ৭৫ নিযুত দৰ্শনাৰ্থী পঞ্জীয়ন কৰিছে। আন আন কাৰ্য্যসূচীসমূহৰ ভিতৰত ধৰ্মীয় আলোচনা, ভক্তিমূলক গায়ন-বায়ন, পবিত্ৰ পুৰুষ-মহিলা আৰু দৰিদ্ৰসকলক গণ খাদ্য প্ৰদান, আৰু ধৰ্মীয় সভা য'ত মতবাদৰ ওপৰত বিতৰ্ক আৰু মানকৰণ কৰা হয়। সাধুসকলে প্ৰাচীন পৰম্পৰাৰ প্ৰয়োজনীয়তা অনুসৰি ছালত বিভূতিৰ ছাই লেপি কেশৰ চাদৰ পিন্ধি থকা দেখা যায়। কিছুমানে, যাক নাগা সন্ন্যাসী বুলি কোৱা হয়, চুৰান্ত শীতকালতো কোনো কাপোৰ নিপিন্ধাকৈয়ো থাকিব পাৰে। নাগা বা উলংগ হোৱাৰ অধিকাৰক বস্তুগত জগতৰ পৰা বিচ্ছিন্ন হোৱাৰ চিন বুলি গণ্য কৰা হয়।[42]
দৰ্শন বা সন্মানজনক দৃশ্য বিনিময় কুম্ভ মেলাৰ এক গুৰুত্বপূৰ্ণ অংশ। বিশেষভাৱে এই অনুষ্ঠানৰ ধৰ্মীয় আৰু ধৰ্মনিৰপেক্ষ দুয়োটা দিশ চাবলৈ আৰু অনুভৱ কৰিবলৈ মানুহে কুম্ভমেলালৈ তীৰ্থযাত্ৰা কৰে। কুম্ভমেলাত অংশগ্ৰহণ কৰা দুটা প্ৰধান গোটৰ ভিতৰত সাধু (হিন্দু পবিত্ৰ পুৰুষ) আৰু তীৰ্থযাত্ৰীসকল। সাধুসকলে তেওঁলোকৰ নিৰন্তৰ যোগাভ্যাসৰ জৰিয়তে জীৱনৰ ক্ষণস্থায়ী দিশটোক প্ৰকাশ কৰি দেখুৱায়। সাধুসকলে হিন্দু জনসাধাৰণৰ বহু লোকৰ বাবে নিজকে উপলব্ধ কৰিবলৈ কুম্ভ মেলালৈ যায়। ইয়াৰ ফলত হিন্দু জনসাধাৰণৰ সদস্যসকলে সাধুসকলৰ সৈতে মত বিনিময় কৰিব পাৰে আৰু "দৰ্শন" ল'ব পাৰে। তেওঁলোকে "নিজৰ আধ্যাত্মিক জীৱনত নিৰ্দেশনা বা পৰামৰ্শ বিচাৰিবলৈ" সক্ষম হয়। দৰ্শনে দৃশ্যগত বিনিময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য'ত কোনো ধৰ্মীয় দেৱতাৰ সৈতে পাৰস্পৰিক ক্ৰিয়া-কলাপ হয় আৰু উপাসকজনে দৃশ্যগতভাৱে "ঈশ্বৰ শক্তি 'পান' কৰিবলৈ" সক্ষম হয়। কুম্ভ মেলাৰ আয়োজন কৰা হয় শিবিৰত যিয়ে হিন্দু উপাসকসকলক সাধুসকলৰ ওচৰলৈ যাব পাৰে। কুম্ভমেলাৰ অভিজ্ঞতাৰ বাবে এই দৰ্শন গুৰুত্বপূৰ্ণ আৰু ইয়াৰ বাবেই উপাসকসকলে সাৱধান হ’ব লাগিব যাতে ধৰ্মীয় দেৱতাক অসন্তুষ্ট নহয়।[43]
২০০৪ চনত উজ্জয়িনীত সিপ্ৰা নদীৰ পাৰত সিংহস্থ মেলা অনুষ্ঠিত হৈছিল।
প্ৰয়াগত হোৱা অৰ্ধ কুম্ভ মেলাত ৭০ মিলিয়নতকৈ অধিক লোক সমবেত হৈছিল।[44]
২০১০ চনত হৰিদ্বাৰত পূৰ্ণ কুম্ভ মেলা মকৰ সংক্ৰান্তিৰ পৰা(১৪ জানুৱাৰী ২০১০) to Shakh Purnima Snan (২৮ এপ্ৰিল ২০১০) লৈ অনুষ্ঠিত হৈছিল। লাখ লাখ ভক্ত সমৱেত হৈছিল এই মেলাত। ১৪ এপ্ৰিল ২০১০ ৰ দিনাই অকল ১০ মিলিয়ন লোকে গংগাত স্নান কৰিছিল। এপ্ৰিলৰ মাজভাগলৈ প্ৰায় ৪০ মিলিয়ন লোকে স্নান কৰিছিল। শ শ বিদেশী পৰ্যটকেও ভিৰ কৰিছিল পৃথিৱীৰ এই সৰ্ববৃহৎ মানৱ সমদলত।[45][45][46] ভক্ত সকলৰ সুবিধাৰ্থে ভাৰতীয় ৰেলে ভালেসংখ্যক বিশেষ ৰেলৰ ব্যৱস্থা কৰিছিল।[47] পাঁচজন লোকৰ ভিৰত হেঁচা-ঠেলাত মৃত্যু হৈছিল। [48]
২০১৩ চনত এলাহবাদত ১৪ জনুৱাৰীৰ পৰা ১০ মাৰ্চলৈ মহা কুম্ভ মেলা অনুষ্ঠিত হয়। প্ৰায় ৩০ মিলিয়ন লোক ১০ ফেব্ৰুৱাৰীৰ দিন সমৱেত হৈছিল। মেলাৰ ৫৫ দিনত প্ৰায় ১০০ মিলিয়ন লোকে ভিৰ কৰিছিল। [9] ১০ ফেব্ৰুৱাৰীৰ দিনাখন ৰেল ষ্টেচনত এটা দুৰ্ঘটনাত ৩৬ জন লোক নিহত হয় আৰু ৩৯ জন আহত হয়।[49]
গুৰুত্বপূৰ্ণ দিনসমূহৰ বৰ্ণনা তলত দিয়া হ'ল:
পৰৱৰ্তী কুম্ভ মেলা ২০১৫ চনত নাচিক (মহাৰাষ্ট্ৰ)ত অনুষ্ঠিত হ'ব।[50] গুৰুত্বপূৰ্ণ দিন সমূহৰ বৰ্ণনা তলত দিয়া হ'ল:
|