কুৰুক্ষেত্ৰ যুদ্ধ

কুৰুক্ষেত্ৰ যুদ্ধ (সংস্কৃত: कुरुक्षेत्र युद्ध), মহাভাৰত যুদ্ধ বুলিও কোৱা হয়। হিন্দু মহাকাব্য মহাভাৰতৰ বৰ্ণনা কৰা অনুসৰি হস্তিনাপুৰৰ সিংহাসনৰ বাবে কৌৰৱ আৰু পাণ্ডৱ ভাতৃসকলৰ বংশগত সংগ্ৰামৰ পৰা উদ্ভৱ হোৱা এখন যুদ্ধ। ভগৱৎ গীতাৰ বাণীসমূহৰ প্ৰসংগ হিচাপে এই যুদ্ধখন ব্যৱহাৰ কৰা হয়।

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

মহাকাব্য মহাভাৰতত কুৰু বংশ নামৰ শাসক বংশৰ কেইবাটাও প্ৰজন্মৰ জীৱন আৰু কৰ্মৰ বিৱৰণী বৰ্ণনা কৰা হৈছে।[1] মহাকাব্যখনৰ কেন্দ্ৰীয় বিষয় হৈছে এই বংশৰ অন্তৰ্গত দুটা প্ৰতিদ্বন্দ্বী পৰিয়ালৰ মাজত হোৱা যুদ্ধৰ বিৱৰণ।[2] কুৰুক্ষেত্ৰ যুদ্ধৰ যুদ্ধক্ষেত্ৰ[3] কুৰুক্ষেত্ৰক (আক্ষৰিক অৰ্থত "কুৰুসকলৰ অঞ্চল"), ধৰ্মক্ষেত্ৰ ("ধৰ্মৰ অঞ্চল") বুলিও জনা যায়।[4] প্ৰথম মহাভাৰতত কোৱা হৈছে যে এই স্থান বাছি লোৱাৰ কাৰণ ভূমিত কৰা পাপ ভূমিৰ পবিত্ৰতাৰ বাবে ক্ষমা কৰা হৈছিল।[5]

যুদ্ধৰ পৰিঘটনাসমূহে মহাভাৰতৰ এক চতুৰ্থাংশতকৈও অধিক ঠাই অধিকাৰ কৰিছে। এই অধ্যায়সমূহ মহাভাৰতৰ আটাইতকৈ পুৰণি অধ্যায়সমূহৰ ভিতৰত বুলি বিবেচিত হৈছে।

আৰম্ভণি

[সম্পাদনা কৰক]

আৰম্ভণিতে সঞ্জয়ে পৃথিৱীৰ বিভিন্ন মহাদেশ, আন গ্ৰহসমূহৰ বৰ্ণনা দি ভাৰতীয় উপমহাদেশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, তাৰ পিছত প্ৰাচীন ভাৰতীয় উপমহাদেশৰ (ভাৰতবৰ্ষ) ৰাজ্য, জনজাতি, প্ৰদেশ, নগৰ, চহৰ, গাঁও, নদী, পৰ্বত, অৰণ্যৰ বিশদ বিৱৰণ দিছে। তেওঁ প্ৰতিটো দিনত প্ৰতিটো পক্ষই গ্ৰহণ কৰা সামৰিক গঠন, প্ৰতিজন নায়কৰ মৃত্যু আৰু প্ৰতিটো যুদ্ধ-দলৰ সবিশেষ আদিও বৰ্ণনা কৰে।

কৃষ্ণৰ শান্তি বাৰ্তা

[সম্পাদনা কৰক]

ৰাজধৰ্মত শান্তিৰ শেষ প্ৰচেষ্টাৰ লগতে কৌৰৱসকলক আত্মীয়ৰ ৰক্তপাতৰ পৰা হাত সাৰিবলৈ আৰু পাণ্ডৱৰ "ঐশ্বৰিক" ৰাষ্ট্ৰদূত হিচাপে কৃষ্ণই তেওঁলোকক শান্তিপূৰ্ণ পথত আগবাঢ়িবলৈ মান্তি কৰিবলৈ হস্তিনাপুৰ ৰাজ্যলৈ যাত্ৰা কৰে। কৃষ্ণই ৰাজপ্ৰসাদত থকাৰ নিমন্ত্ৰণ নাকচ কৰা বাবে দুৰ্যোধন অপমানিত। দুৰ্যোধনে পাণ্ডৱৰ প্ৰতিপত্তিৰ প্ৰত্যাহ্বান আৰু মুকলি যুদ্ধ ঘোষণা কৰি সমগ্ৰ হস্তিনাপুৰৰ ৰাজসভাৰ সন্মুখত কৃষ্ণক কৰায়ত্ত কৰি অপমান, আৰু বদনাম কৰাৰ ষড়যন্ত্ৰ কৰে।

যুদ্ধৰ প্ৰস্তুতি

[সম্পাদনা কৰক]

দুৰ্যোধন আৰু অৰ্জুনে দ্বাৰকাৰ কৃষ্ণৰ ওচৰলৈ তেওঁৰ আৰু তেওঁৰ সৈন্যৰ সহায় বিচাৰি যায়। দুৰ্যোধন প্ৰথমে উপস্থিত হৈ কৃষ্ণক শুই থকা অৱস্থাত পায়। দুৰ্যোধনে কৃষ্ণৰ শিতানৰ আসনত উপবিষ্ট হৈ তেওঁৰ জাগৰণলৈ অপেক্ষা কৰে, অৰ্জুনে কৃষ্ণৰ চৰণত বহি ৰৈ থাকে। কৃষ্ণ সাৰ পাই প্ৰথমে অৰ্জুনক দেখি তেওঁৰ অনুৰোধ কৰাৰ প্ৰথম অধিকাৰ দিলে। কৃষ্ণই অৰ্জুন আৰু দুৰ্যোধনক কয় যে তেওঁ নাৰায়ণ সেনাগণক এফালে আৰু নিজকে অযুদ্ধকাৰী হিচাপে আনটো পক্ষক দিব।[6][7][8][9] যিহেতু অৰ্জুনক প্ৰথম বাছনি কৰাৰ সুযোগ দিয়া হয়, সেয়েহে দুৰ্যোধনে চিন্তা কৰে যে অৰ্জুনে কৃষ্ণৰ শক্তিশালী সৈন্য বাছি ল’ব। কিন্তপ অৰ্জুনে কৃষ্ণক বাছি লয়। অৰ্জুনে কৃষ্ণক তেওঁৰ ৰথী হ’বলৈ কয়, তেওঁ মান্তি হয়। দুৰ্যোধন আৰু অৰ্জুন দুয়োজনেই সন্তুষ্ট হৈ উভতি আহিল।

শেষ পৰিণতি

[সম্পাদনা কৰক]

যুদ্ধৰ শেষত কৌৰৱ আৰু পাণ্ডৱ পক্ষৰ সকলো যোদ্ধাৰ ভিতৰত মাত্ৰ এঘাৰজন প্ৰধান যোদ্ধাহে ৰক্ষা পৰে: পাঁচজন পাণ্ডৱ, কৃষ্ণ, সাত্যকি, অশ্বত্থামা, কৃপাচাৰ্য, যুয়ুত্সু আৰু কৃতবৰ্মা। যুধিষ্ঠিৰক হস্তিনাপুৰাৰ ৰজা হিচাপে অভিষিক্ত কৰা হয়। ৩৬ বছৰ শাসন কৰাৰ পিছত তেওঁ সিংহাসন ত্যাগ কৰি এই উপাধি অৰ্জুনৰ নাতি পৰীক্ষিতক অৰ্পণ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Datta, Amaresh (1 January 2006). The Encyclopaedia of Indian Literature (Volume Two) (Devraj to Jyoti). Sahitya Akademi. ISBN 978-81-260-1194-0. https://books.google.com/books?id=zB4n3MVozbUC&pg=PA1755. 
  2. Narayan, R. K. (2001-03-01) (en ভাষাত). The Mahabharata. Penguin Books Limited. ISBN 978-0-14-119081-5. https://books.google.com/books?id=4QcB30D3nGsC&q=what+cause+kurukshetra+war. 
  3. Ring, Trudy; Salkin, Robert M.; Schellinger, Paul E.; Boda, Sharon La; Watson, Noelle; Hudson, Christopher; Hast, Adele (1994) (en ভাষাত). International Dictionary of Historic Places: Asia and Oceania. Taylor & Francis. ISBN 978-1-884964-04-6. https://books.google.com/books?id=JqHPpNaZfNwC&dq=The+location+of+the+battle+is+described+as+Kurukshetra+in+northern+India&pg=PA505. 
  4. https://www.learnsanskrit.cc/translate?search=region&dir=au
  5. (en ভাষাত) The Mystery of the Mahabharata: Vol. II: The Systems of HIndu Philosophy & Religion. India Research Press. https://books.google.com/books?id=Z0mhlh5pxQEC&dq=kurukshetra+meaning&pg=PA122. 
  6. Kumar, Nava (1979). The Mahabharata A Spiritual Interpretation. Sura Sadan Pub.. পৃষ্ঠা. 152. https://books.google.com/books?id=XHUpAAAAYAAJ&q=mahabharat%20narayani%20sena. 
  7. Nath Soni, Lok (2000). The Cattle and the Stick An Ethnographic Profile of the Raut of Chhattisgarh. Anthropological Survey of India, Government of India, Ministry of Tourism and Culture, Department of Culture. পৃষ্ঠা. 16. ISBN 9788185579573. https://books.google.com/books?id=wT-BAAAAMAAJ&q=narayani. 
  8. Gaṅgā Rām, Garg (1992). Encyclopaedia of the Hindu world, Volume 1. Concept Publishing Company. পৃষ্ঠা. 129. ISBN 978-81-7022-376-4. https://books.google.com/books?id=0U2QRpDv2KMC&pg=PR12. 
  9. Paul, Samiran Kumar (2023). Grandeur And Narratives In The Great Indian Epics- The Ramayana And The Mahabharata. BFC Publications. পৃষ্ঠা. 65. ISBN 9789357649186. https://books.google.com/books?id=hC7aEAAAQBAJ.