শ্ৰেণী | কিংবদন্তিমূলক জীৱ |
---|---|
উপশ্ৰেণী | টুপি-গুৱাৰিয়ান |
স্থান | ব্ৰাজিল |
কুৰুপিৰা (ইংৰাজী: Curupira; পৰ্তুগীজ উচ্চাৰণ: [kuɾuˈpiɾɐ]) হৈছে ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যৰ টুপি-গুয়াৰানি শ্ৰুতিকথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক কিংবদন্তিমূলক জীৱ।
কুৰুপিৰা শব্দটো টুপি ভাষাৰ “কুৰু'পিৰ” (kuru'pir) শব্দৰ পৰা আহিছে, শব্দটোৰ অৰ্থ হৈছে "ফোঁহাৰে আবৃত"। সাংস্কৃতিক কিংবদন্তি অনুসৰি এই জীৱটোৰ চুলি উজ্জ্বল ৰঙা/কমলা ৰঙৰ যদিও ইয়াৰ চুলিবোৰো জ্বলি উঠি জুইলৈ পৰিণত হ’ব পাৰে, দেহটো মানুহ বা বাওনাবোৰৰ দৰে, কিন্তু ভৰি দুখন পিছফাললৈ ঘূৰ খোৱা।
কুৰুপিৰা নামৰ দানৱটো অৰণ্যত বাস কৰে আৰু খোজ কাঢ়োতে ইয়াৰ পিছলৈ মূৰ কৰা ভৰি দুখনেৰে মাটিত ভৰিৰ ছাপ বহুৱাই থৈ যায়। এই ভৰিৰ ছাপ অনুসৰণ কৰি চিকাৰী আৰু ভ্ৰমণকাৰীসকল বিভ্ৰান্ত হয়, কিয়নো সেই ছাপবোৰে অনুসৰণকাৰীক আৰম্ভণি বিন্দুলৈহে লৈ যায়। ইয়াৰ উপৰিও ই ভ্ৰমৰ সৃষ্টি কৰিব পাৰে আৰু উচ্চস্বৰৰ তীক্ষ্ণ শব্দও উলিয়াব পাৰে, যাতে ই ভুক্তভোগীক ভয় খুৱাই উন্মাদন কৰি তুলিব পাৰে। কাইপোৰা নামৰ আন এটা ব্ৰাজিলৰ পৌৰাণিক জীৱৰ দৰেই এবিধ বনৰীয়া গাহৰীত উঠি থকা কুৰুপিৰাক চিত্ৰিত কৰা হয়।
কুৰুপিৰাই অৰণ্যৰ প্ৰয়োজনতকৈ অধিক চিকাৰ কৰা চোৰাংচিকাৰী আৰু চিকাৰীবোৰৰ চিকাৰ কৰে, আৰু সন্তানৰ যত্ন লোৱা জীৱ-জন্তু চিকাৰ কৰা লোকসকলকো আক্ৰমণ কৰে। কিংবদন্তিটোৰ বহুতো ভিন্ন সংস্কৰণ আছে, আৰু সেয়েহে ব্ৰাজিলৰ প্ৰতিটো অঞ্চলৰ পৰা এই জীৱটোৰ ৰূপ আৰু অভ্যাস বেলেগ বেলেগ হ’ব পাৰে। কিন্তু কুৰুপিৰাক দেশজোৰা লোককথাৰ ব্যক্তি হিচাপে গণ্য কৰা হয়।[1]
লোককথাৰ ইতিহাসত কুৰুপিৰা আছিল ব্ৰাজিলত নথিভুক্ত হোৱা প্ৰথম জীৱ।[2]
কুৰুপিৰা হৈছে ব্ৰাজিলৰ অৰণ্যৰ মাজত বাস কৰা ৰঙা চুলিৰ, ভৰি পিছফাললৈ মুখ কৰা, গোৰোহা আগলৈ মুখ কৰা আৰু চুটি-চাপৰ এটা কাল্পনিক জীৱ। কুৰুপিৰাৰ আটাইতকৈ পুৰণি উল্লেখ জ’চ ডি এঞ্চিয়েটাৰ (José de Anchieta) লেখনিত পোৱা যায়:
“এয়া সকলোৱে জনা কথা আৰু এটা উৰাবাতৰি প্ৰচাৰিত হৈছে যে ব্ৰাজিলিয়ানসকলে ক'ৰুপিৰা বুলি কোৱা কিছুমান বিশেষ দানৱে প্ৰায়ে ভাৰতীয়সকলক জোপোহা আঁৰৰ আক্ৰমণ কৰে, চাবুকেৰে কোবাই আঘাত কৰে আৰু হত্যা কৰে। সিহঁতে কৰা এই হত্যাকাণ্ড আমাৰ ভাইসকলে দেখিছিল, তেওঁলোক ইয়াৰ সাক্ষী। সেয়েহে ভাৰতীয়সকলে অৰণ্যৰ মাজেৰে পাহাৰৰ উচ্চ শিখৰৰ ভূখণ্ডলৈ সাধাৰণতে এটা নিৰ্দিষ্ট পথেৰে যায়, যেতিয়া তেওঁলোকে অৰণ্য পাৰ হৈ যায়, তেতিয়া যাতে কুৰুপিৰাসকলকে যাতে তেওঁলোকৰ কোনো ক্ষতি নকৰে, তাৰ অনুৰোধ কৰি চৰাইৰ পাখি, কাঁড় আৰু অন্যান্য অনুৰূপ বস্তু বলিদান হিচাপে আগবঢ়ায়।”[3]
অৰণ্যৰ দানৱ, ৰহস্যময় উৰাবাতৰি, চিকাৰীৰ অন্তৰ্ধান, পথ হেৰুওৱা, হঠাতে বুজাব নোৱাৰা আতংকৰ সৃষ্টি কৰা আদি ব্যাখ্যাই লাহে লাহে কুৰুপিৰাক এক বৈশিষ্ট্য আৰু ভৌতিক ৰূপ প্ৰদান কৰিলে। সদায় ভৰি দুখন পিছলৈ মুখ কৰি আৰু অসাধাৰণ শাৰীৰিক শক্তিৰে তেওঁ চিকাৰী আৰু ভ্ৰমণকাৰীক প্ৰতাৰণা কৰে, হুইচেল আৰু ভুৱা সংকেতেৰে তেওঁলোকক বাট হেৰুৱাই পেলায় আৰু হাবিৰ ভিতৰলৈ বিপথে পৰিচালিত কৰে।
কিছুমান অঞ্চলত কুৰুপিৰাক “কাইপ’ৰা” (Caipora) বুলিও কয়। “এডুয়াৰ্ডো গালভাও”ৰ (Eduardo Galvão) তথ্যমতে: "কুৰুপিৰা অৰণ্যৰ প্ৰতিভাশালী সত্বা। চহৰত বা ইয়াৰ ওচৰৰ চুবুৰীসমূহত কোনো কুৰুপিৰা নাথাকে। ইহঁতে চহৰৰ পৰা বহু দূৰৰ অৰণ্যৰ ভিতৰত বাস কৰে। চহৰৰ মানুহে তেওঁলোকৰ অস্তিত্বত বিশ্বাস কৰে, কিন্তু সেয়া চিন্তাৰ কাৰণ নহয় কাৰণ কুৰুপিৰাসকলে অধিক জনবসতিপূৰ্ণ ঠাই ভাল নাপায়।"
"তেওঁলোকৰ ধঁপাত আৰু ‘পিংগা’ নামৰ এবিধ সুৰাৰ প্ৰতি বিশেষভাবে আসক্ত। ৰবৰৰ খেতি কৰা কৃষকসকলে তেওঁলোকক সন্তুষ্ট কৰিবলৈ এই উপহাৰবোৰ তেওঁলোকে পাৰ হৈ যোৱা পথবোৰত থৈ দিয়ে। হাবিৰ মাজৰ পৰা কুৰুপিৰাসকলৰ দীঘলীয়া আৰু তীব্ৰ চিঞৰবোৰ প্ৰায়ে শুনা যায়। সিহঁতে মানুহৰ মাত নকল কৰে, চিঞৰ মাৰি, মানুহক আকৰ্ষণ কৰে।”
১৯৯৯–২০০২ চনৰ “বিষ্টমাষ্টাৰ” (Beastmaster) নামৰ এখন দূৰদৰ্শন ধাৰাবাহিকৰ কেইবাটাও খণ্ডত দানৱ কুৰুপিৰা নামৰ এটা চৰিত্ৰক প্ৰদৰ্শিত কৰা হৈছিল। অষ্ট্ৰেলিয়াৰ অভিনেত্ৰী এমিলি ডি ৰেভিনে (Emilie de Ravin) অভিনয় কৰা এই কুৰুপিৰাৰ ভৰি দুখন পিছলৈ ঘূৰি থকা, সেউজীয়া কাপোৰ পিন্ধা এগৰাকী মিঠা মুখৰ যুৱতীৰ চৰিত্ৰ আছিল। তাই আছিল অৰণ্যৰ আত্মা আৰু অতি চঞ্চলা; তাই জীৱ-জন্তুবোৰক, বিশেষকৈ বাঘবোৰক সুৰক্ষা দিছিল আৰু চুমা এটা খাই তাই মানুহৰ দেহৰ পৰা প্ৰাণ বায়ু হৰণ কৰিব পাৰিছিল।
২০২১ চনৰ নেটফ্লিক্স ছিৰিজ “ইনভিজিবল চিটি”ত (Invisible City) কুৰুপিৰাকে ধৰি ব্ৰাজিলৰ অসংখ্য কিংবদন্তিৰ চৰিত্ৰ ৰূপায়ন কৰা হৈছিল। এই ছিৰিজত ফেবিঅ’ লাগোৱে অভিনয় কৰা কুৰুপিৰা আছিল এজন গৃহহীন ব্যক্তি যি ব্ৰাজিলৰ অৰণ্যসমূহক পহৰা আৰু সুৰক্ষা দিয়া প্ৰদান কৰে। এই চৰিত্ৰটোক ভৰি পিছলৈ মুখ কৰা, জ্বলি থকা মূৰ আৰু প্ৰকৃতি আৰু মানুহৰ কণ্ঠৰ সংমিশ্ৰণ ঘটি সৃষ্টি হোৱা এক ভ্ৰম উৎপন্নকাৰী মাত আদি বৈশিষ্ট প্ৰদান কৰা হৈছিল।