২০ শতিকাৰ আৰম্ভণিৰ পৰাই কুৱেইটৰ নাৰীসকলে (ইংৰাজী: Women in Kuwait) বহু প্ৰগতিশীল পৰিৱৰ্তন দেখিবলৈ পাইছে। তেতিয়াৰ পৰাই মহিলাসকলৰ মাজত শিক্ষাৰ সুবিধা বৃদ্ধি পাইছে, তেওঁলোকে ৰাজনৈতিক আৰু লগতে অৰ্থনৈতিক অধিকাৰ, আৰু আৰ্থিক ক্ষমতা লাভ কৰিছে। তেওঁলোকে আৰক্ষী, সামৰিক বাহিনী আৰু আদালতত ন্যায়াধীশ হিচাপে কাম কৰিব পাৰে। তথাপিও কুৱেইটৰ মহিলাসকলে এনে এক পিতৃতান্ত্ৰিক সংস্কৃতিৰ সন্মুখীন হ’বলগীয়া হৈছে যিয়ে তেওঁলোকৰ বিৰুদ্ধে কেইবাটাও ক্ষেত্ৰত বৈষম্যমূলক ব্যৱহাৰ কৰে। কুৱেইটৰ বেডুন (ৰাষ্ট্ৰহীন) মহিলাসকল গুৰুত্বপূৰ্ণ মানৱ অধিকাৰ উলংঘা আৰু নিৰ্যাতনৰ আশংকাত ভুগিছে,[1]কুৱেইটতে সৰ্বাধিক বেডুন লোক আছে।[2]
১৭ শতিকাৰ পৰা ১৯৪০ চনৰ শেষৰ ফালে তেল আৱিষ্কাৰ হোৱালৈকে কুৱেইটৰ অৰ্থনীতি বহুলাংশে সামুদ্ৰিক বাণিজ্যৰ ওপৰত নিৰ্ভৰশীল আছিল। পুৰুষসকলে নাৱিক যাত্ৰা কৰি থকাৰ সময়ত কুৱেইটৰ মহিলাসকলে নিজৰ ঘৰ পৰিচালনা কৰিছিল, আৰু পৰিয়ালৰ কাম-কাজ আৰু বিত্তীয় ব্যৱস্থা নিয়ন্ত্ৰণ কৰিছিল। ৰাজহুৱা ক্ষেত্ৰত উচ্চ শ্ৰেণীৰ মহিলাৰ অংশগ্ৰহণ অতি সীমিত আছিল।[3] কিন্তু নিম্নবৰ্গৰ মহিলাসকলৰ একান্ত অভিজ্ঞতা বহু কম আছিল। তেওঁলোকে দৈনিক চুকলৈ গৈছিল, খোৱাপানী আনিছিল আৰু নিয়মিতভাৱে সাগৰৰ পাৰত পৰিয়ালৰ কাপোৰ ধুইছিল।
১৯১৬ চনত প্ৰথম কোৰআন বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ লগে লগে কুৱেইটৰ ছোৱালীয়ে শাস্ত্ৰ শিকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত বহুতো সামান্য সামৰ্থ্যৰ মহিলাই ইছলামিক প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে। ১৯২৬ চনত মুকলি কৰা প্ৰথমখন ব্যক্তিগত বিদ্যালয়ত পঢ়া, লিখা, এম্ব্ৰয়ডাৰীৰ শিক্ষা দিয়া হৈছিল। ১৯৩৭ চনত ৰাজহুৱা বিদ্যালয়ৰ শিক্ষা আৰম্ভ হয় যদিও কিছুদিনৰ বাবে ইয়াত নামভৰ্তিৰ সংখ্যা কম আছিল; কিন্তু ১৯৪০ চনৰ ভিতৰত বহু কুৱেইট যুৱতীয়ে প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰে। প্ৰায়ে মহিলাসকলে নিজেই তেওঁলোকক এই শৈক্ষিক উন্নতি আৰু সুযোগৰ বাবে ঠেলি দিছিল। ১৯৫৬ চনত এদল যুৱতীয়ে বিদেশলৈ গৈ পঢ়া-শুনা কৰাৰ অধিকাৰৰ প্ৰতিবাদত নিজৰ আবায়া (কিছুমান মুছলমান মহিলাই পিন্ধা ঢিলা ফিটিং পূৰ্ণদৈৰ্ঘ্যৰ চোলা) জ্বলাই দিয়ে।
১৯৭৮ চনত কুৱেইট চৰকাৰে ইছলামকৰণৰ আনুষ্ঠানিক নীতি আৰু আইন ঘোষণা কৰে। এই সময়ছোৱাত বিশেষকৈ ৰাজহুৱা স্থানত ইছলামিক মহিলাসকল অতি প্ৰভাৱশালী আছিল, কিয়নো বোৰ্খা গ্ৰহণ ইছলামিক আন্দোলনৰ এক অতি দৃশ্যমান প্ৰতীক আছিল। ১৯৮১ চনত বায়াদেৰ আছ-ছালাম নামৰ সাংস্কৃতিক সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা ধৰ্মীয় গোট গঠন হয়। সেই বছৰতে আমিৰ ছাদ আল-ছালিম আল-ছাবাহৰ তেতিয়াৰ পত্নী[4] শ্বেইখা লতিফা আল-ছাবাহে ইছলামিক কেয়াৰ এছ’চিয়েচন স্থাপন কৰে। সংঘই মুছলমান জীৱনৰ লগত জড়িত জীৱনশৈলী আৰু আচৰণৰ লগতে ইছলাম প্ৰচাৰৰ প্ৰয়াস কৰিছিল।[5][6][7][7]
১৯৯০ চনৰ পৰা ১৯৯১ চনলৈকে কুৱেইটত হোৱা উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ আক্ৰমণ, দখল আৰু কুৱেইটক ইৰাকৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা আক্ৰমণক সমৰ্থন কৰাত মহিলাসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। এই সংঘাতৰ সময়ছোৱাই বিভিন্ন পটভূমিৰ কুৱেইট মহিলাসকলকো শক্তিশালী কৰি তুলিছিল আৰু তেওঁলোকৰ ৰাজনৈতিক সজাগতাও বৃদ্ধি কৰিছিল। যুদ্ধৰ পিছত গোটেই দশকটো নাৰী অধিকাৰৰ বাবে বিক্ষোভ আৰু প্ৰতিবাদ অব্যাহত আছিল। কুৱেইটৰ মহিলা অধিকাৰৰ প্ৰস্তাৱসমূহক অধিক ৰাজনৈতিক ব্যক্তিয়ে সমৰ্থন কৰিছিল, বিশেষকৈ আমিৰ আল-ছাবাহে, যিয়ে ১৯৯৯ চনৰ মে' মাহত সংসদীয় বিলুপ্তিৰ সময়ছোৱাত মহিলাৰ ভোটাধিকাৰ ডিক্ৰী (আইনৰ শক্তি থকা এটা চৰকাৰী আদেশ। ) প্ৰৱৰ্তন কৰাৰ চেষ্টা কৰিছিল, অৱশ্যে এই ডিক্ৰী ১৯৯৯ চনৰ নৱেম্বৰ মাহত নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় বিধানসভাই উলটি দিয়ে।[5][8]
জাতীয়তা আইন (১৯৫৯) অনুসৰি কুৱেইট পুৰুষ আৰু মহিলাক নিজৰ নাগৰিকত্ব বজাই ৰখাৰ সমান অধিকাৰ প্ৰদান কৰা হৈছে, অৱশ্যে পিতৃ কুৱেইটৰ নাগৰিক হ’লেহে নাগৰিকত্ব সন্তানে স্বয়ংক্ৰিয়ভাৱে উত্তৰাধিকাৰী হিচাপে লাভ কৰে। নাৰীৰ নাগৰিকত্ব সন্তানৰ পৰা স্বয়ংক্ৰিয়ভাৱে উত্তৰাধিকাৰী সূত্ৰে পোৱা নাযায় আৰু ব্যতিক্ৰমী পৰিস্থিতিতহে হয়, যেনে পিতৃ অচিনাকি হ’লে, বিবাহ বিচ্ছেদৰ সময়ত বা বিধৱা হ’লে। কুৱেইট মহিলাৰ নাগৰিকত্ব অকুৱেইট স্বামীলৈ হস্তান্তৰ নহয়। আৱাসিকতাৰ বাবে আবেদন কৰিব লাগিব।[9][10][11]