মহাকবি কৃত্তিবাস ওঝা[1] আছিল এজন মধ্যযুগীয় বাংলা কবি। বাংলা সাহিত্য আৰু সংস্কৃতিলৈ তেওঁৰ প্ৰধান অৱদান আছিল, বাংলা ভাষাত ৰচিত ভাৰতীয় মহাকাব্য ৰামায়ণ। তেওঁৰ গ্ৰন্থ শ্ৰীৰাম পাঁচালি[1] জনপ্ৰিয়ভাৱে কৃত্তিবাসী ৰামায়ণ নামেৰে জনাজাত। জয়গোপাল তৰ্কালংকাৰৰ সম্পাদনাত তেওঁৰ এই গ্ৰন্থখন শ্ৰীৰামপুৰ মিছন প্ৰেছৰ দ্বাৰা প্ৰকাশিত হয়।[1]
কৃত্তিবাস ওঝাৰ জন্ম হৈছিল ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ আধুনিক নাদিয়া জিলাৰ ফুলিয়া গাঁৱৰ এক বঙালী ব্ৰাহ্মণ পৰিয়ালত।[2] পিতৃ বানামালী ওঝাৰ ছয় পুত্ৰ আৰু এগৰাকী কন্যাৰ ভিতৰত তেওঁ আছিল ডাঙৰ।
"কৃত্তিবাস" শব্দটো হিন্দু দেৱতা শিৱৰ উপনাম। জনা যায় যে কৃত্তিবাসৰ জন্মৰ সময়ত তেওঁৰ দাদা মুৰাৰী ওঝাই ওড়িশাৰ চন্দনেশ্বৰলৈ তীৰ্থযাত্ৰাৰ বাবে প্ৰস্তুতি চলাইছিল, সেয়েহে শিশুটিৰ নাম ৰখা হৈছিল নিকটতম ওড়িশা বংগ তীৰ্থযাত্ৰাৰ প্ৰধান দেৱতা শিৱৰ নামেৰে। ১১ বছৰ বয়সত কৃত্তিবাসক উচ্চ শিক্ষাৰ বাবে উত্তৰ বংগলৈ (অন্য মতে নবদ্বীপলৈ) পঠিওৱা হয়। পঢ়া-শুনা শেষ কৰাৰ পিছত পৰম্পৰাগতভাৱে তেওঁক গৌড়ৰ ৰজাই নিজেই ফুলৰ মালা, কিছু চন্দনৰ পানী আৰু ৰেচমৰ বস্ত্ৰ আগবঢ়াই সন্মানিত কৰিছিল। ফুলিয়াৰ ঘৰলৈ উভতি অহাৰ লগে লগে তেওঁ বাল্মিকী ৰামায়ণ মহাকাব্য বাংলালৈ অনুবাদ কৰে (সাধু ভাষা বা সংস্কৃত বাংলা)।[3] পিছলৈ কৃত্তিবাস ওঝাই নিজেই বাল্মীকি ৰামায়ণ মহাকাব্যৰ সাধু ভাষা বা সংস্কৃত বাংলা সংস্কৰণ চলিত ভাষা বা সৰল বাংলা সংস্কৰণত অনুবাদ কৰে। পিছলৈ ১৯৩০ চনত কাজী নজৰুল ইছলাম দ্বাৰা মহাভাৰত মহাকাব্যৰ সাধু ভাষা বা সংস্কৃত বাংলা সংস্কৰণ চলিত ভাষা বা সৰল বাংলা সংস্কৰণত অনুবাদ কৰে।
কৃত্তিবাসে হিন্দু জনসাধাৰণৰ সৈতে সু-সম্পৰ্কত থকা বুলি বৰ্ণনা কৰা ‘গৌড়ৰ ৰজা’ৰ পৰিচয়ক লৈ উত্তপ্ত বিতৰ্ক হয়। কিছুমানে যুক্তি আগবঢ়ায় যে ই ৰাজা গণেশক বুজায়, আৰ চি মজুমদাৰে বঙালী চুলতান ৰুক্নুদ্দিন বৰবাক শ্বাহৰ পক্ষত যুক্তি আগবঢ়ায়।[4]