![]() ভাৰতৰ প্ৰতীক | |
সংস্থাৰ ৰূপৰেখা | |
---|---|
ক্ষেত্ৰাধিকাৰ | ![]() |
মুখ্য কাৰ্যালয় | কৃষি ভৱন ড. ৰাজেন্দ্ৰ প্ৰসাদ ৰোড নতুন দিল্লী ১১০০০১ |
বাৰ্ষিক বাজেট | ₹১,৪২,৭৬২ কোটি (২০.০২ বিলিয়ন ডলাৰ) (2020-21 est.)[1] |
দায়বদ্ধ মন্ত্ৰীসকল | নৰেন্দ্ৰ সিং তোমাৰ, (কেবিনেট মন্ত্ৰী) পৰশোত্তম ৰূপালা[2], (ৰাজ্যিক মন্ত্ৰী) কৈলাস চৌধুৰী[2], (ৰাজ্যিক মন্ত্ৰী) |
সংস্থাৰ কাৰ্যবাহী | সঞ্জয় আগৰৱাল, সচিব |
ৱেবছাইট | agriculture |
ভাৰত চৰকাৰৰ এটা শাখা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় (ইংৰাজী: Ministry of Agriculture and Farmers' Welfare) (পূৰ্বতে কৃষি মন্ত্ৰালয়, Ministry of Agriculture) হৈছে ভাৰতত কৃষি সম্পৰ্কীয় নিয়ম আৰু আইন প্ৰস্তুত আৰু প্ৰশাসনৰ শীৰ্ষ সংস্থা। মন্ত্ৰালয়ৰ তিনিটা বিস্তৃত ক্ষেত্ৰ হৈছে কৃষি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু সহযোগিতা।
ভাৰতৰ আধাতকৈও অধিক জনসংখ্যাৰ বাবে কৃষি হৈছে জীৱিকাৰ মুখ্য উৎস। কৃষিয়ে অনা-কৃষি খণ্ডৰ বাবে প্ৰয়োজনীয় বেছিভাগ সামগ্ৰী আৰু উদ্যোগ খণ্ডৰ বাবে বেছিভাগ কেঁচা সামগ্ৰী প্ৰদান কৰে। ভাৰত হৈছে এক মুখ্যতঃ কৃষিভিত্তিক অৰ্থনীতি ২০০৯-১০ চনত জনসংখ্যাৰ ৫২.১% প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি আৰু আনুষঙ্গিক খণ্ডত নিযুক্তি প্ৰাপ্ত বুলি অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা-২০১০ অনুসৰি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কৃষক সম্প্ৰদায়ৰ মিলিত প্ৰচেষ্টাই ২০১০-১১ বৰ্ষত ২৪৪.৭৮ নিযুত টন খাদ্যশস্যৰ অভিলেখ উৎপাদন প্ৰাপ্ত কৰাত সফল হৈছে। কৃষি আৰু সহযোগিতা বিভাগৰ নিৰ্দেশনাত পৰিচালিত (কৃষি এমএমপি)ৰ দৰে বিভিন্ন শস্য বিকাশ আঁচনিৰ অধীনত কৃষকসকললৈ নতুনকৈ বিকশিত শস্য উৎপাদন প্ৰযুক্তিৰ কাৰ্যকৰী স্থানান্তৰৰ জৰিয়তে এই অভিলেখ উৎপাদন প্ৰাপ্ত কৰা হৈছে। উৎপাদনৰ আঁৰৰ অন্যান্য কাৰণবোৰৰ ভিতৰত আছে বৰ্ধিত নিম্নতম সমৰ্থন মূল্যৰ জৰিয়তে বিভিন্ন শস্যৰ লাভজনক মূল্য।
ভাৰতৰ সকলো কৃষি বিষয়ক সমস্যা মোকাবিলা কৰিবলৈ ১৮৭১ চনৰ জুন মাহত ৰাজহ আৰু কৃষি আৰু বাণিজ্য বিভাগ স্থাপন কৰা হৈছিল। এই মন্ত্ৰালয় স্থাপন নোহোৱালৈকে, কৃষি সম্পৰ্কীয় বিষয়বোৰ গৃহ বিভাগৰ দপ্তৰৰ ভিতৰত আছিল।[3] ১৮৮১ চনত, শিক্ষা, স্বাস্থ্য, কৃষি, ৰাজহৰ সম্মিলিত দপ্তৰৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজহ আৰু কৃষি বিভাগ স্থাপন কৰা হৈছিল। অৱশ্যে, ১৯৪৭ চনত, কৃষি বিভাগক কৃষি মন্ত্ৰালয় হিচাপে পুনৰ মনোনীত কৰা হয়।[3] কৃষি মন্ত্ৰালয়ক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় হিচাপে ১৫ আগষ্ট ২০১৫ তাৰিখে পুনৰ নামকৰণ কৰা হয়, কৃষক সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ বাবে।[4]
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ত নিম্নলিখিত দুটা বিভাগ আছে।[5]
মন্ত্ৰালয়ৰ প্ৰশাসনিক মুৰব্বী হৈছে দুয়োটা বিভাগৰ সচিব।
মন্ত্ৰালয়ৰ এক আগশাৰীৰ কাৰ্যসূচী হৈছে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা,যাক ২০০৭ চনত ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ পৰামৰ্শ অনুসৰি আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীয়ে উৎপাদনশীলতা আৰু সামগ্ৰিক উৎপাদন উন্নত কৰাৰ বাবে শক্তিশালী পৰিকল্পনা, উন্নত সমন্বয় আৰু অধিক পুঁজি প্ৰদান কৰি ভাৰতৰ কৃষিৰ সামগ্ৰিক অৱস্থা উন্নত কৰাৰ চেষ্টা কৰে। ২০০৯-১০ বৰ্ষত এই কাৰ্যসূচীৰ মুঠ বাজেট আছিল মাত্ৰ ৩৮,০০০ কোটি টকাৰ অধিক।[8]
কৃষি মেঘ (ৰাষ্ট্ৰীয় কৃষি গৱেষণা আৰু শিক্ষা প্ৰণালী-ক্লাউড আন্তঃগাঁথনি আৰু সেৱা) হৈছে ভাৰত চৰকাৰৰ মুখ্য কৃষি গৱেষণা সংগঠন ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ (আইচিএআৰ) এক তথ্য পুনৰুদ্ধাৰ কেন্দ্ৰ। ই আইচিএআৰৰ মূল্যৱান তথ্য সুৰক্ষিত কৰাত সহায় কৰে। ইয়াক হায়দৰাবাদৰ ৰাষ্ট্ৰীয় কৃষি গৱেষণা আৰু ব্যৱস্থাপনা একাডেমীত স্থাপন কৰা হৈছে। এই পৰ্টেলৰ লক্ষ্য হৈছে অংশীদাৰসকলক কৃষি খণ্ডত উচ্চ মানদণ্ডৰ আৰু শেহতীয়া তথ্য প্ৰদান কৰা আৰু লগতে কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক প্ৰাসঙ্গিক তথ্য প্ৰদান কৰা। ইয়াক ভাৰত চৰকাৰ আৰু বিশ্ব বেংকৰ ৰাষ্ট্ৰীয় কৃষি উচ্চ শিক্ষা প্ৰকল্প (এন.এ.এইচ.ই.পি.) নামৰ যুটীয়া ভাৱে পুঁজি যোগান ধৰা প্ৰকল্পৰ অধীনত আৰম্ভ কৰা হৈছে।[9]
মন্ত্ৰালয়ে "এক দৃষ্টিত কৃষি পৰিসংখ্যা" শীৰ্ষক এটা বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰে। ই ভাৰতৰ কৃষি ক্ষেত্ৰৰ জনগাঁথনি, শস্য উৎপাদন (ৰাজ্য অনুসৰি আৰু শস্য-অনুসৰি বিভাজন সহ), গ্ৰাম্য অৰ্থনৈতিক সূচক যেনে ঋণ আদিকে ধৰি ভাৰতৰ কৃষিৰ অৱস্থাৰ এক বিতং ছবি প্ৰদান কৰে। শেহতীয়া প্ৰতিবেদনটো ২০১৪ চনৰ বাবে প্ৰকাশিত হৈছে।[10]
নাম | প্ৰতিকৃতি | কাৰ্য্যকাল | ৰাজনৈতিক দল | প্ৰধানমন্ত্ৰী | প্ৰসংগ | |||
---|---|---|---|---|---|---|---|---|
কৃষি মন্ত্ৰী | ||||||||
ৰাজেন্দ্ৰ প্ৰসাদ | ![]() |
2 September 1946 | 14 January 1948 | ভাৰতীয় জাতীয় কংগ্ৰেছ | জৱাহৰলাল নেহৰু | |||
জয়ৰামদাস দৌলতৰাম | ![]() |
19 January 1948 | 13 May 1950 | [11] | ||||
কে এম মুন্সি | ![]() |
13 May 1950 | 13 May 1952 | [12] | ||||
ৰফি আহমেদ কিদৱাই | ![]() |
13 May 1952 | 24 October 1954 | [13] | ||||
অজিত প্ৰসাদ জৈন | 25 November 1954 | 24 August 1959 | [13] | |||||
এছ কে পাটিল | 24 August 1959 | 1 September 1963 | [13] | |||||
স্বৰণ সিং | 1 September 1963 | 9 June 1964 | [14] | |||||
চিদাম্বৰম সুব্ৰমনিয়াম | ![]() |
9 June 1964 | 12 March 1967 | লাল বাহাদুৰ শাস্ত্ৰী | ||||
জগজীৱন ৰাম | ![]() |
13 March 1967 | 27 June 1970 | ভাৰতীয় জাতীয় কংগ্ৰেছ | ইন্দিৰা গান্ধী | [15] | ||
ফখৰুদ্দিন আলী আহমেদ | ![]() |
27 June 1970 | 3 July 1974 | [16] | ||||
জগজীৱন ৰাম | ![]() |
10 October 1974 | 2 February 1977 | [16] | ||||
প্ৰকাশ সিং বাদল | 28 March 1977 | 17 June 1977 | শিৰোমণি অকালি দল | width="4px" bgcolor="সাঁচ:Shiromani Akali Dal/meta/color" rowspan=2| | মোৰাৰজী দেশাই | |||
সুৰজিৎ সিং বৰ্ণালা | ![]() |
18 June 1977 | 28 July 1979 | [16] | ||||
ব্ৰহ্ম প্ৰকাশ | ![]() |
30 July 1979 | 14 January 1980 | ভাৰতীয় জাতীয় কংগ্ৰেছ (উৰ্ছ) | width="4px" bgcolor="সাঁচ:Indian National Congress (Urs)/meta/color" rowspan=1| |
|
||
ৰাও বীৰেন্দ্ৰ সিং | 14 January 1980 | 31 December 1984 | ভাৰতীয় জাতীয় কংগ্ৰেছ | ইন্দিৰা গান্ধী | [17] | |||
বুটা সিং | ![]() |
31 December 1984 | 12 May 1986 | ৰাজীৱ গান্ধী | [18] | |||
গুৰদিয়াল সিং ধিলন | 12 May 1986 | 13 February 1988 | ||||||
ভজন লাল | 14 February 1988 | 2 December 1989 | [19] | |||||
চৌধুৰী দেৱী লাল | ![]() |
6 December 1989 | 2 August 1990 | জনতা দল
(নেচনেল ফ্ৰণ্ট) |
ভি পি সিং | [20] | ||
21 November 1989 | 20 June 1991 | সমাজবাদী জনতা পাৰ্টি (ৰাষ্ট্ৰীয়) | width="4px" bgcolor="সাঁচ:Samajwadi Janata Party (Rashtriya)/meta/color" rowspan=1| | চন্দ্ৰ শেখৰ | [20] | |||
বলৰাম জাখৰ | ![]() |
21 June 1991 | 17 January 1996 | ভাৰতীয় জাতীয় কংগ্ৰেছ | পি ভি নৰসিংহ ৰাও | [21] | ||
জগন্নাথ মিশ্ৰ | 8 February 1996 | 16 May 1996 | [21] | |||||
সুৰজ ভান | 16 May 1996 | 1 June 1996 | ভাৰতীয় জনতা পাৰ্টি | অটল বিহাৰী বাজপেয়ী | [22] | |||
এইচ ডি দেৱগৌড়া | ![]() |
1 June 1996 | 10 July 1996 | জনতা দল
(ইউনাইটেড ফ্ৰণ্ট) |
এইচ ডি দেৱগৌড়া | [23] | ||
চতুৰণন মিশ্ৰ | 10 July 1996 | 19 March 1998 | কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া
(ইউনাইটেড ফ্ৰণ্ট) |
এইচ ডি দেৱগৌড়া | ||||
আই কে গুজৰাল | ||||||||
অটল বিহাৰী বাজপেয়ী | ![]() |
19 November 1998 | 22 November 1999 | ভাৰতীয় জনতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
অটল বিহাৰী বাজপেয়ী | [24] | ||
নীতিশ কুমাৰ | 22 November 1999 | 3 March 2000 | সমতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
width="4px" bgcolor="সাঁচ:Samata Party/meta/color" rowspan=1| | [24] | |||
সুন্দৰ লাল পাটৱা | 6 March 2000 | 26 May 2000 | ভাৰতীয় জনতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
[24] | ||||
নীতিশ কুমাৰ | 27 May 2000 | 22 July 2001 | সমতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
width="4px" bgcolor="সাঁচ:Samata Party/meta/color" rowspan=1| | [24] | |||
অজিত সিং | 2 July 2001 | 23 May 2003 | ৰাষ্ট্ৰীয় লোক দল
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
idth="4px" bgcolor="সাঁচ:Rashtriya Lok Dal/meta/color" rowspan=1| | [25] | |||
ৰাজনাথ সিং | ![]() |
24 May 2003 | 21 May 2004 | ভাৰতীয় জনতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
[26] | |||
শৰদ পাৱাৰ | ![]() |
22 May 2004 | 26 May 2014 | জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
(ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্) |
width="4px" bgcolor="সাঁচ:Nationalist Congress Party/meta/color" rowspan=1| | মনমোহন সিং | [27] | |
ৰাধা মোহন সিং | ![]() |
27 May 2014 | 15 August 2015 | ভাৰতীয় জনতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
নৰেন্দ্ৰ মোডী | [28] | ||
কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী | ||||||||
ৰাধা মোহন সিং | ![]() |
15 August 2015 | 30 May 2019 | ভাৰতীয় জনতা পাৰ্টি
(নেচনেল ডেমক্ৰেটিক এলায়েন্) |
নৰেন্দ্ৰ মোডী | [4] | ||
নৰেন্দ্ৰ সিং তোমাৰ | ![]() |
30 May 2019 | Incumbent |