কে আৰ নাৰায়ণন | |
---|---|
ভাৰতৰ দশম ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৫ জুলাই ১৯৯৭ – ২৫ জুলাই ২০০২ | |
প্ৰধানমন্ত্ৰী | ইন্দৰ কুমাৰ গুজৰাল অটল বিহাৰী বাজপায়ী |
উপ ৰাষ্ট্ৰপতি | কৃষণ কান্ত |
পূৰ্বসূৰী | শঙ্কৰ দয়াল শৰ্মা |
উত্তৰসূৰী | এ পি জে আব্দুল কালাম |
ভাৰতৰ নৱম উপ-ৰাষ্ট্ৰপতি | |
কাৰ্যকাল ২৭ অক্টোবৰ ১৯৯২ – ২৪ জুলাই ১৯৯৭ | |
ৰাষ্ট্ৰপতি | শঙ্কৰ দয়াল শৰ্মা |
প্ৰধানমন্ত্ৰী | পি ভি নৰসিংহ ৰাও অটল বিহাৰী বাজপায়ী এইচ ডি দেৱেগৌড়া ইন্দৰ কুমাৰ গুজৰাল |
পূৰ্বসূৰী | শঙ্কৰ দয়াল শৰ্মা |
উত্তৰসূৰী | কৃষণ কান্ত |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৮৪-৯২ | |
পূৰ্বসূৰী | এ কে বালান |
সমষ্টি | অট্টাপালাম |
আমেৰিকালৈ ভাৰতীয় ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ১৯৮০-৮৪ | |
পূৰ্বসূৰী | নানাভয় পালকিভালা |
চীন দেশলৈ ভাৰতীয় ৰাষ্ট্ৰদূত | |
কাৰ্যকাল ৭ জুলাই ১৯৭৬ – ১১নৱেম্বৰ ১৯৭৮ | |
উত্তৰসূৰী | ৰাম সাথে |
ব্যক্তিগত তথ্য | |
জন্ম | কোচাৰিল ৰমন নাৰায়ণণ ২৭ অক্টোবৰ, ১৯২১ পেৰুমথানম, ট্ৰাভাংকৰ, ব্ৰিটিছশাসিত ভাৰত (এতিয়া উঝাভুৰ, কেৰালা, ভাৰত) |
মৃত্যু | ৯ নৱেম্বৰ, ২০০৫ (৮৫ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ঊষা নাৰায়ণন |
সন্তান | চিত্ৰা নাৰায়ণন অমৃতা নাৰায়ণন |
শিক্ষানুষ্ঠান | কেৰালা বিশ্ববিদ্যালয় (কলাৰ স্নাতক, কলাৰ স্নাতকোত্তৰ) লণ্ডন স্কুল অৱ ইক'নমিক্স (বিজ্ঞানৰ স্নাতক) |
স্বাক্ষৰ |
কোচাৰিল ৰমন নাৰায়ণন (ইংৰাজী: Kocheril Raman Narayanan; চমুকৈ কে আৰ নাৰায়ণন; ২৭ অক্টোবৰ ১৯২০ – ৯ নৱেম্বৰ ২০০৫) আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি।[1] ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি" হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল"; যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি" আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত।[2]
অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল। কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই শ্ৰেণীকোঠাৰ বাহিৰত থাকিহে পাঠগ্ৰহণ কৰিছিল। তেনেকৈয়ে কষ্ট আৰু দৰিদ্ৰতাৰ মাজত শিক্ষালাভ কৰি নাৰায়ণনে কেৰালা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থানসহ স্নাতকোত্তৰ উত্তীৰ্ণ হৈছিল। তাৰপিছত তেওঁ দিল্লীলৈ আহি সংবাদসেৱাৰ লগত জড়িত হৈ পৰে। তেনেতে প্ৰখ্যাত উদ্যোগপতি জে আৰ ডি টাটাৰ পৰা সহায় লাভ কৰি তেওঁ লণ্ডনৰ স্কুল অৱ ইক'নমিক্সত নামভৰ্তি কৰে। নাৰায়ণন ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কূতনীতিজ্ঞও আছিল। ইন্দিৰা গান্ধীৰ অনুৰোধত তেওঁ ৰাজনীতিৰ ক্ষেত্ৰলৈ আহে আৰু ৰাজীৱ গান্ধীৰ কেবিনেটত স্থান লাভ কৰে।[3]
কে আৰ নাৰায়ণনৰ জন্ম হৈছিল ১৯২০ চনৰ ২৭ অক্টোবৰত, কেৰালাৰ ট্ৰেভাংকৰৰ উঝাভুৰ নামৰ গাঁৱত। এটি দলিত পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনৰ পিতৃৰ নাম আছিল কোচাৰিল ৰমন ভেয়দৰ আৰু মাতৃৰ নাম আছিল পুন্নাথুৰাভেট্টিল পাপ্পিয়াম্মা। সাতোটি সন্তানৰ ভিতৰত তেওঁ আছিল চতুৰ্থটি সন্তান।
নাৰায়ণনে জীৱনৰ আদিশিক্ষা লাভ কৰিছিল কুৰিচিথানমত থকা চৰকাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত ১৯৩১ চনত উঝাভুৰত থকা "আৱাৰ লেডি অৱ লাউৰদেছ প্ৰাথমিক বিদ্যালয়"ত তেওঁ নামভৰ্তি কৰে।
সেইসসময়ৰ ট্ৰেভাংকুৰ বিশ্ববিদ্যালয়ত (এতিয়াৰ কেৰালা বিশ্ববিদ্যালয়) নাৰায়ণনে কলাৰ ইংৰাজী সাহিত্যত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেয়া ১৯৪৩ চনৰ কথা। উল্লেখনীয় যে, ট্ৰেভাংকুৰৰ সেইখন বিশ্ববিদ্যালয়ৰ পৰা প্ৰথমস্থানসহ ডিগ্ৰী লাভ কৰা তেঁৱেই আছিল প্ৰথমজন দলিত ছাত্ৰ।[3]
১৯৪৪ চনত, নাৰায়ণনক জে আৰ ডি টাটাৰ তৰফৰ পৰা ১৬,০০০ টকাৰ এটি বৃত্তি প্ৰদান কৰা হয়। সেই বৃত্তিটোৱে তেওঁক লণ্ডন স্কুল অৱ ইক'নমিক্সত ৰাজনীতি, অৰ্থনীতি আৰু সাংবাদিকতা অধ্যয়ন কৰাৰ পথ প্ৰশস্ত কৰি তোলে।[4] ১৯৪৫ চনত তেওঁ ইংলেণ্ডলৈ যায় আৰু হেৰল্ড লাস্কিৰ অধীনত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে।[5]
ভাৰতীয় বৈদেশিক সেৱাত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়ত বাৰ্মাত থাকোঁতে নাৰায়ণনে মা টিণ্ট টিণ্ট নামৰ এগৰাকী সমাজকৰ্মীক লগ পায়। ১৯৫১ চনৰ ৮ জুনত তেওঁৰ লগতেই নাৰায়ণন বিবাহপাশত আৱদ্ধ হয়। বিবাহৰ পাছত তেওঁৰ পত্নীয়ে পূৰ্বৰ নামটো সলাই ঊষা নামটো গ্ৰহণ কৰে আৰু ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰে। পাছলৈ তেওঁলোকৰ দুটি কন্যা সন্তান হয়।[3]
ভাৰতীয় ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিষয়ত নাৰায়ণনে একাধিক গ্ৰন্থৰ সহ-ৰচনা কৰে। তাৰে ভিতৰত কেইখনমান হৈছে- (১) ইণ্ডিয়া এণ্ড আমেৰিকা: এছেইছ ইন আণ্ডাৰষ্টেণ্ডিং(১৯৮৪) আৰু নন-এলাইনমেণ্ট ইন কনটেম্পৰাৰি ইণ্টাৰনেশ্যনেল ৰিলেছনছ্(১৯৮১)।[6]
২০০৫ চনৰ ৯ নৱেম্বৰত, ৮৫ বছৰ বয়সত কে আৰ নাৰায়ণনে শেষনিশ্বাস ত্যাগ কৰে।[6] তেওঁ নিয়মনিয়াত আক্ৰান্ত হৈ আছিল। তেওঁৰ দেহাৱসানৰ পিছত গঠিত হোৱা কে.আৰ.নাৰায়ণনৰ সংস্থাই তেওঁৰ আদৰ্শ আৰু স্মৃতি সংৰক্ষণৰ হেতু বিভিন্ন কাম কৰি আছে।[7]