কেঞ্জাবুৰো অয়ে | |
---|---|
২০১২ চনত অয়ে | |
জন্ম | ৩১ জানুৱাৰী, ১৯৩৫ উচিকো, জাপান |
মৃত্যু | ০৩ মাৰ্চ, ২০২৩ (৮৮ বছৰ) |
পেচা | ঔপন্যাসিক, গল্পকাৰ, প্ৰাৱন্ধিক |
মাতৃশিক্ষায়তন | ট’কিঅ’ বিশ্ববিদ্যালয় |
সময় | ১৯৫৭ ৰপৰা ২০১৩ লৈ |
উল্লেখনীয় কৰ্মৰাজি |
|
উল্লেখযোগ্য বঁটা | সাহিত্যৰ ন’বেল বঁটা ১৯৯৪ |
দাম্পত্যসংগী | য়ুকাৰি আইকুচি (বি. ১৯৬০) |
সন্তান | হিকাৰি অয়েক ধৰি তিনিজন |
আত্মীয়-স্বজন |
|
কেঞ্জাবুৰো অয়ে (ইংৰাজী: Kenzaburō Ōe, 大江 健三郎, ৩১ জানুৱাৰী ১৯৩৫ – ৩ মাৰ্চ ২০২৩) এগৰাকী জাপানী লেখক আৰু সমসাময়িক জাপানী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য ব্যক্তি। ফৰাচী আৰু আমেৰিকান সাহিত্য আৰু সাহিত্য তত্ত্বৰ দ্বাৰা শক্তিশালীভাৱে প্ৰভাৱিত তেওঁৰ উপন্যাস, চুটি গল্প আৰু প্ৰবন্ধসমূহে পাৰমাণৱিক অস্ত্ৰ, পাৰমাণৱিক শক্তি, সামাজিক অনুৰূপতা আৰু অস্তিত্ববাদকে ধৰি ৰাজনৈতিক, সামাজিক আৰু দাৰ্শনিক বিষয়সমূহক লৈ খেলা কৰে। ১৯৯৪ চনত, অয়েক তেওঁৰ সাহিত্যৰে সেই কল্পিত পৃথিৱী ৰচনা কৰাৰ বাবে সাহিত্যৰ ন’বেল বঁটা প্ৰদান কৰা হয়; য’ত জীৱন আৰু পৌৰাণিক কাহিনী ঘণীভূত হৈ আজিৰ মানৱীয় দুৰ্দশাৰ এক উদ্বেগজনক ছবি সৃষ্টি কৰিছে।[1]
জাপানৰ এহিমে প্ৰশাসনিক অঞ্চলৰ উচিকোত অৱস্থিত অছে গাঁৱত কেঞ্জাবুৰো অয়েৰ জন্ম হৈছিল।[2] মাক-দেউতাকৰ সাতোটা সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয়জন। তেওঁ আইতকৰপৰা পৌৰাণিক কাহিনী আৰু লোককথা শুনি ডাঙৰ হৈছিল। আইতাকে মেইজি পুনৰুদ্ধাৰৰ পূৰ্বে আৰু পিছত অঞ্চলটোত সংঘটিত দুটা বিদ্ৰোহৰ মৌখিক ইতিহাসও কৈছিল।[3][2] কেঞ্জাবুৰোৰ পিতৃ ক’টাৰে অয়েৰ আঁহ ফলা ব্যৱসায় আছিল; এই আঁহৰপৰা কাগজৰ টকা তৈয়াৰ কৰা হৈছিল।[2] ১৯৪৪ চনত, প্ৰশান্ত মহাসাগৰীয় যুদ্ধত পিতৃৰ মৃত্যুৰ পিছত তেওঁৰ মাতৃ ক’চেকিয়ে তেওঁৰ শিক্ষা-দীক্ষাৰ দায়িত্ব লয়। মাকে তেওঁক বাহিৰা কিতাপ পঢ়িবলৈ উৎসাহ দিছিল আৰু পঢ়িবলৈ বুলি দ্য এডভেঞ্চাৰচ্ অৱ হাকলবাৰি ফিন আৰু দ্য ৱাণ্ডাৰফুল এডভেঞ্চাৰচ্ অৱ নিলচ্কে ধৰি বিভিন্ন ধৰণৰ কিতাপ কিনি দিছিল। এই কিতাপবোৰে কেঞ্জাবুৰোৰ ওপৰত এক গঠনমূলক প্ৰভাৱ পেলাইছিল।[3]
অয়েই দহ বছৰ বয়সলৈকে জাপানৰ স্থানীয় চৰকাৰী স্কুলত পঢ়িছিল।[4] জাপানত সামৰিক শাসন তুংগত থকা সময়ত অয়েই স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। শ্ৰেণীকোঠাত অন্যান্য ছাত্ৰৰ সৈতে তেওঁ সম্ৰাট হিৰোহিট’ৰ প্ৰতি নিজৰ আনুগত্য প্ৰকাশ কৰিবলৈ বাধ্য হৈছিল। শিক্ষকে হিৰোহিট’ক দেৱতা বুলি উল্লেখ কৰিছিল।[2] যুদ্ধৰ পিছত অয়েই উপলব্ধি কৰিবলৈ ধৰিলে যে তেওঁলোকক আচলতে মিছা কথা শিকাই বিশ্বাসঘাতকতা কৰা হৈছিল। এই বিশ্বাসঘাটকতাৰ অনুভৱ পাছলৈ তেওঁৰ লেখাত স্বতঃস্ফূৰ্ত ৰূপত প্ৰকাশ পাইছিল।[2]
১৯৫১ চনৰ পৰা ১৯৫৩ চনলৈকে অয়েই মাটছুয়ামাত হাইস্কুলত পঢ়িছিল আৰু ছাত্ৰ হিচাপে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল।[4][2] ওঠৰ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে ট’কিঅ’লৈ যায় আৰু এবছৰ প্ৰাইভেটকৈ অধ্যয়ন কৰে।[4][3] পিছৰ বছৰত তেওঁ টকিঅ’ বিশ্ববিদ্যালয়ত ‘ফ্ৰান্সোৱা ৰাবেলেছ’ৰ সাহিত্যৰ বিশেষজ্ঞ অধ্যাপক কাজুও ৱাটানাবেৰ ওচৰত ফৰাচী সাহিত্য অধ্যয়ন কৰে।[3]
১৯৯৪ চনত অয়েই সাহিত্যৰ ন’বেল বঁটা লাভ কৰে আৰু জাপানৰ অৰ্ডাৰ অৱ কলচাৰ লাভ কৰিবলৈ নিৰ্বাচিত হয়। তেওঁ অৰ্ডাৰ অৱ কালচাৰ বঁটা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল কাৰণ এই বঁটা জাপানৰ সম্ৰাটে প্ৰদান কৰে ৷ অয়েই কৈছিল যে; তেওঁ কৰ্তৃত্বতকৈ গণতন্ত্ৰক উচ্চ স্থান দিয়ে। ইয়াৰ বাবে তেওঁ ভাবুকিৰ সন্মুখীন হৈছিল।[2]