![]() | এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান | |
---|---|
স্থাপিত | ১৯৫৯ |
ধৰণ | ডিমড বিশ্ববিদ্যালয় |
ধৰ্মীয় ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ(UGC) |
উপাচাৰ্য | ৰাজেশ ৰঞ্জন |
সঞ্চালক | গেছে কনচোক ৱাংডু |
শিক্ষাৰ্থী | ২০৯৪[1] |
স্থান | লেহ, লাডাখ, ভাৰতবৰ্ষ |
পূৰ্বৰ নাম | বৌদ্ধ দৰ্শনৰ বিদ্যালয় |
ৱেবছাইট | cibs |
কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান, লাডাখৰ লেহ চহৰত অৱস্থিত। ইয়াক পূৰ্বতে বৌদ্ধ দৰ্শনৰ বিদ্যালয় বুলি জনা গৈছিল। প্ৰতিষ্ঠানখণ ডিমড বিশ্ববিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত আৰু সংস্কৃতি মন্ত্ৰালয়(ভাৰত)ৰ অধীনত অন্তৰ্গত।[2] ১৯৫৯ চনত প্ৰতিষ্ঠা হোৱা আৰু পূৰ্বে বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আছিল।
বৌদ্ধ দৰ্শনৰ উপৰিও সংস্কৃত, ইংৰাজী, হিন্দী, মানক তিব্বতী আৰু পালি ভাষা শিকোৱা হয়।[3]আৰু লগতে অন্যান্য পাঠ্যক্ৰম যেনে- পৰম্পৰাগত চিকিৎসা(BAMS) পাঠ্যক্ৰম, পৰম্পৰাগত চিত্ৰকলা, পৰম্পৰাগত ভাস্কৰ্য্য, কাঠ খোদিত আৰু পৰম্পৰাগত জ্যোতিৰ্বিজ্ঞানকো শিকোৱা হয়।
১৯৫৯ চনৰ আগতে লাডাখী পণ্ডিত, নবীন আৰু সন্ন্যাসীসকলে উচ্চ মঠৰ বৌদ্ধ শিক্ষাৰ সন্ধানত তিব্বতলৈ গৈছিল। দ্ৰেপুং, ছেৰা, তাছি লুনপো, গাডেন, সাক্য, সংগ চোছলিং, ডেগে, ড্ৰিগুং আৰু অন্যান্য মঠ কেন্দ্ৰৰ বিখ্যাত মহাবিহাৰত বছৰ বছৰ ধৰি গৱেষণা কৰিছিল। ১৯৫০ চনত তিব্বতৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে এই প্ৰথাৰ আকস্মিক অন্ত পৰিল। সেয়েহে লাডাখত আনুষ্ঠানিক বৌদ্ধ শিক্ষাৰ বাবে বৌদ্ধ প্ৰতিষ্ঠান স্থাপন কৰাটো অতি প্ৰয়োজনীয় বুলি ভবা হৈছিল। আৰ্কাইভৰ সূত্ৰ অনুসৰি, ১৯৫৫ চনত যেতিয়া ভাৰত চৰকাৰে গৌতম বুদ্ধৰ ২৫০০ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ আয়োজন কৰিছিল, তেতিয়া বকুলা ৰিনপোচৰ নেতৃত্বত এটা চৰকাৰী প্ৰতিনিধি দল তিব্বতলৈ গৈছিল। আৰু উভতি অহাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ সৈতে তিনি ঘণ্টীয়া বৈঠকত মিলিত হৈছিল। এই বৈঠকত বকুলা ৰিনপোচে তিব্বতৰ পৰিস্থিতিৰ আৰু লাডাখীসকলে ধৰ্মীয় শিক্ষা গ্ৰহণৰ বাবে আৰু তালৈ যাব নোৱাৰে বুলি বিশদ বিৱৰণ দিছিল। তেওঁ লডাখতো একেধৰণৰ সুযোগ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। সেই অনুসৰি ১৪তম দালাই লামৰ জ্যেষ্ঠ প্ৰশিক্ষক স্কিয়াবজে লিং ৰিনপোচে কৰা পবিত্ৰ আচাৰ-ব্যৱহাৰেৰে কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান স্থাপন কৰা হয়। প্ৰথমে এই প্ৰতিষ্ঠানৰ নাম আছিল বৌদ্ধ দৰ্শনৰ বিদ্যালয। লেহক ভৌগোলিক উপযুক্ততা আৰু পৰম্পৰাগত মেট্ৰিস্কৰ প্ৰতি লক্ষ্য ৰাখি বৌদ্ধ সংস্কৃতি আৰু দৰ্শনৰ প্ৰসাৰৰ কেন্দ্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল। ১৯৬২ চনত কুশোক বকুলা ৰিনপোচেৰ আহ্বানত প্ৰধানমন্ত্ৰী নেহৰুৱে হিমালয়ত বাস কৰা বৌদ্ধসকলৰ বাবে এনে এটা প্ৰতিষ্ঠানৰ প্ৰয়োজনীয়তাৰ বিষয়ে সম্পূৰ্ণৰূপে বুজাই দিয়া হয়। এইদৰে প্ৰতিষ্ঠানটোক আৰ্থিক সহায়ৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বীকৃতি দিয়া হৈছিল। আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় দ্বাৰা প্ৰশাসনিক দায়িত্বলৈ আহিছিল। প্ৰাৰম্ভিক পৰ্যায়ত এই প্ৰতিষ্ঠানটোৱে লাডাখৰ দহটা মঠৰ পৰা এজনকৈ দহজন সন্ন্যাসীক ভৰ্তি কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলক তিব্বতী সাহিত্য আৰু বৌদ্ধ দৰ্শনৰ শিক্ষা দিবলৈ দুজন শিক্ষক নিযুক্তি দিয়া হৈছিল। প্ৰতিষ্ঠানটোৰ প্ৰথম অধ্যক্ষ এজন প্ৰখ্যাত তিব্বতী বৌদ্ধ পণ্ডিত ভেন. য়েছি থুপস্তান(১৯৫৯ – ১৯৬৭) আছিল। তিনি বছৰ এই দহটা মঠ-মন্দিৰে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সমগ্ৰ খৰচ বহন কৰিছিল। ১৯৫৯ চনৰ পৰা ১৯৬১ চনলৈকে এই প্ৰতিষ্ঠানটো লেহত আছিল। ১৯৬২ চনত লেহৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দূৰৰ দূৰৈৰ স্পিটুক গাঁৱলৈ স্থানান্তৰ কৰা হয়। ১৯৬৪ চনত স্কুল অৱ বৌদ্ধ দৰ্শনখন ১৯৪১ চনৰ জে এণ্ড কে ছ'চাইটিজ ৰেজিষ্ট্ৰেচন এক্টৰ অধীনত শিক্ষানুষ্ঠান হিচাপে পঞ্জীয়ন কৰা হয়।১৯৭৩ চনত চোগলামছাৰ, লেহৰ পৰা ৮ কিলোমিটাৰ দক্ষিণ-পূবে প্ৰতিষ্ঠানটোৰ বাবে নতুন অট্টালিকা নিৰ্মাণ কৰা হয়। বৌদ্ধ দৰ্শন আৰু তিব্বতী সাহিত্যৰ শিক্ষাৰ উপৰিও সংস্কৃত, হিন্দী, ইংৰাজী আৰু পালি ভাষাৰ প্ৰচলন কৰা হয়। একে বছৰতে প্ৰতিষ্ঠানটো বাৰাণসী (ইউ.পি.)ৰ সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ সীমান্ত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে উপযোগী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হয়।
২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ.জি.চি.)ৰ পৰামৰ্শ মতে, কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠানক (চি.আই.বি.এছ.) ডিমড বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া বুলি ঘোষণা কৰে।[4]১৯৫৬ ইউজিচি আইনৰ ডি নভো শ্ৰেণীৰ অধীনত সাময়িকভাৱে পাঁচ বছৰৰ বাবে কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠানে (চিআইবিএছ) সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয়, বাৰাণসী আৰু তিব্বতী চিকিৎসা আৰু জ্যোতিষ বিভাগ, ধৰ্মশালাৰ পৰা নিজৰ পাঠ্যক্ৰম আৰু কাৰ্যসূচী বিচ্ছিন্ন কৰে।[5]