কেলান্থে অ'ডোৰা | |
---|---|
![]() | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Calanthe |
প্ৰজাতি: | C. Calanthe odora Griff. |
দ্বৈৰাশিক নামকৰণ | |
Calanthe Calanthe odora Griff. Lindl. | |
সমাৰ্থক | |
|
কেলান্থে অ'ডোৰা (বৈজ্ঞানিক নাম: Calanthe odora) হৈছে মাটিত হোৱা এবিধ অৰ্কিডৰ প্ৰজাতি। ইংৰাজীত ইয়াক ফ্ৰেগৰেণ্ট কেলান্থে (ইংৰাজী: Fragrant Calanthe) নামেৰে জনা যায়। এই অৰ্কিডবিধ বাংলাদেশ, ভূটান, কম্বোডিয়া, উত্তৰ-পূব ভাৰত, লাওছ, উত্তৰ থাইলেণ্ড আৰু ভিয়েটনামত পোৱা যায়।[1] অসমতো কেলান্থে অ'ডোৰা থলুৱাভাৱে পোৱা যায়।
অৰ্কিডজোপাৰ উচ্চতা ২৫-৫০ চেণ্টিমিটাৰ হ'ব পাৰে। ইয়াৰ দুখিলা বা তিনিখিলা পাত থাকে আৰু ফুলাৰ সময়ত ই ভালদৰে বিকশিত নহয়। পাতৰ মূৰটো জোঙা। ফুলৰ ঠাৰিডাল আগৰ বছৰৰ পত্ৰহীন মূলৰ পৰা ওলায়। ফুলৰ ৰং বগা আৰু একোপাহ ফুল ১-১.৪ চেণ্টিমিটাৰ দীঘল হ'ব পাৰে। অৰ্কিডজোপা সমুদ্ৰপৃষ্ঠৰ ৭০০-১৩০০ মিটাৰ উচ্চতাত গজে।[1][2]