কোকৰাঝাৰ | |
— নগৰ — | |
স্থানাঙ্ক | 26°24′N 90°16′E / 26.4°N 90.27°E |
দেশ | ![]() |
ৰাজ্য | অসম |
পৌৰপতি | |
জনসংখ্যা | 31,152 (2001[update]) |
লিঙ্গ অনুপাত | 52:50 ♂/♀ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
মাটিকালি • উচ্চতা |
• 38 m (125 ft) |
ৱেবছাইট | kokrajhar.gov.in |
কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমৰ কোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। কোকৰাঝাৰৰ বড়োফা নগৰত "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।
কোকৰাঝাৰ দুটা শব্দৰে গঠিত: কোক আৰু ৰাঝাৰ৷ কোক মানে কোচ, ৰাঝাৰ মানে ৰজা; কোকৰাঝাৰ মানে কোচ-ৰজা।
১৭ শতিকাৰ আৰম্ভণিৰ পৰা বৰ্তমানৰ কোকৰাঝাৰ জিলা ভূটানৰ নিয়ন্ত্ৰণত আছিল,[1] ১৮৬৫ চনত দুৱাৰ যুদ্ধলৈকে ব্ৰিটিছে ভূটানৰ প্ৰভাৱ আঁতৰাই পিছলৈ ১৯৪৯ চনত এই অঞ্চলসমূহ ভাৰতীয় সংঘৰ অবিভক্ত গোৱালপাৰা জিলাত একত্ৰিত কৰে।
কোকৰাঝাৰ ২৬.৪° উত্তৰ ৯০.২৭° পূবত অৱস্থিত।[2] ইয়াৰ গড় উচ্চতা ৩৮ মিটাৰ (১২৪ ফুট)।
Kokrajharৰ জলবায়ুৰ তথ্য | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
মাহ | জানু. | ফেব্ৰু. | মাৰ্চ | এপ্ৰি. | মে | জুন | জুলা. | আগ. | চেপ্টে. | অক্টো. | নৱে. | ডিচে. | বছৰ |
সৰ্বাধিক উষ্ণতা °C (°F) | 30 (86) |
33 (91) |
38 (100) |
40 (104) |
38 (100) |
40 (104) |
37 (99) |
37 (99) |
37 (99) |
35 (95) |
32 (90) |
28 (82) |
40 (104) |
গড় উষ্ণতা - উচ্চ °C (°F) | 23 | 25 | 30 | 31 (88) |
31 (88) |
31 (88) |
32 (90) |
32 (90) |
31 (88) |
30 (86) |
27 (81) |
24 (75) |
29 (84) |
গড় উষ্ণতা - নিম্ন °C (°F) | 10 (50) |
12 (54) |
15 (59) |
20 (68) |
22 (72) |
25 (77) |
25 (77) |
25 (77) |
24 (75) |
21 (70) |
16 (61) |
11 (52) |
19 (66) |
সৰ্বনিম্ন উষ্ণতা °C (°F) | −2 (28) |
−3 (27) |
4 (39) |
11 (52) |
16 (61) |
18 (64) |
20 (68) |
21 (70) |
20 (68) |
9 (48) |
0 (32) |
−1 (30) |
−3 (27) |
বৰ্ষাপাতৰ পৰিমাণ মি.মি (ইঞ্চি) | 11.4 (0.449) |
12.8 (0.504) |
57.7 (2.272) |
142.3 (5.602) |
248.0 (9.764) |
350.1 (13.783) |
353.6 (13.921) |
269.9 (10.626) |
166.2 (6.543) |
79.2 (3.118) |
19.4 (0.764) |
5.1 (0.201) |
1,717.7 (67.626) |
উৎস: wunderground.com[3] |
২০০১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি[5] কোকৰাঝাৰৰ জনসংখ্যা আছিল ৩১,১৫২ জন। জনসংখ্যাৰ ৫২% পুৰুষ আৰু ৪৮% মহিলা। কোকৰাঝাৰত গড় সাক্ষৰতাৰ হাৰ ৭৯%, যিটো ৰাষ্ট্ৰীয় গড় ৭১%তকৈ বেছি: পুৰুষৰ সাক্ষৰতা ৮৪%, আৰু মহিলাৰ সাক্ষৰতা ৭৪%। কোকৰাঝাৰত ১০% জনসংখ্যা ৬ বছৰৰ তলৰ। জিলাখনৰ ৩টা মহকুমা হ'ল: কোকৰাঝাৰ, গোসাঁইগাঁও আৰু পৰবোতঝোৰা৷
কোকৰাঝাৰ চহৰৰ মুঠ জনসংখ্যাৰ ১৮,১৩০ জন বাংলা ভাষী, তাৰ পিছতে বডো ভাষী ৮,৫৪৯ জন, অসমীয়া ২,৭৫২ জন আৰু হিন্দী ভাষী ৪০২৪ জন।
জনগোষ্ঠী হিচাপে কোকৰাঝাৰ জিলাত বড়ো, কোচ ৰাজবংশী,নাথ যোগী, ৰাভা, আদিবাসী,গোৰ্খা, ঝাৰুৱা (মুছলমান কোচ),দেশী জনগোষ্ঠী,জলহা, বেঙ্গলী,পূৰ্ববঙ্গীয় মুছলমান ইত্যাদি আছে।
কোকৰাঝাৰ চহৰৰ পৰা ৬৬ কিলোমিটাৰ (৪১ মাইল) পশ্চিমে ৰূপচি বিমানবন্দৰ অৱস্থিত।
কোকৰাঝাৰত চৰকাৰী মালিকানাধীন অসম ৰাজ্যিক পৰিবহণ নিগম, বড়োলেণ্ড পৰিবহণ সেৱা আৰু বহুতো ব্যক্তিগত বাছ পৰিচালকৰ সেৱা আগবঢ়ায়।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত বৰাউনী–গুৱাহাটী লাইনৰ নতুন জলপাইগুৰি–নতুন বঙাইগাঁও অংশত অৱস্থিত কোকৰাঝাৰ ৰে'লৱে ষ্টেচনটো দেশৰ গুৰুত্বপূৰ্ণ চহৰ যেনে গুৱাহাটী, কলকাতা, নতুন দিল্লী, মুম্বাই, চেন্নাই আদিলৈ সেৱা আগবঢ়াইছে।
কোকৰাঝাৰ ৰে'লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল, নৰ্থ ইষ্ট এক্সপ্ৰেছ, বিবেক এক্সপ্ৰেছ,গৰীব ৰথ এক্সপ্ৰেছ, অৱধ আসাম এক্সপ্ৰেছ আদি গুৰুত্বপূৰ্ণ ৰে'ল সমূহৰ ষ্টপেজ আছে।
চহৰখনত বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয় আছে, আৰু ইংৰাজী হৈছে উচ্চ শিক্ষাৰ একমাত্ৰ মাধ্যম। ২০১৭ চনৰ পৰা বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত সকলো মহাবিদ্যালয় কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত। কোকৰাঝাৰৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-
কোকৰাঝাৰ তিনিটা বিধানসভা সমষ্টিৰে গঠিত: কোকৰাঝাৰ পূব, কোকৰাঝাৰ পশ্চিম আৰু গোসাইগাঁও, যিবোৰ সকলো কোকৰাঝাৰ (লোকসভা সমষ্টি) ৰ অংশ।[6]
ইউনাইটেড পিপলছ পাৰ্টি, লিবাৰেলৰ পৰা জয়ন্ত বসুমতাৰী বৰ্তমান কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য৷
|