কোৱাভাতুৰি | |
---|---|
![]() | |
Trichosanthes_bracteata | |
Citrullus colocynthis | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Cucurbitales |
পৰিয়াল: | Cucurbitaceae |
কোৱাভাতুৰি (বৈজ্ঞানিক নাম: Momordica monadelpha,[1] Citrullus colocynthis, Trichosanthes tricuspidata, Mukia maderaspatana, Trichosanthes wallichiana ইত্যাদি কেইবাটাও প্ৰজাতিৰ উদ্ভিদ)। অসমৰ হাবিয়ে-বননিয়ে উৎপন্ন হোৱা লতা জাতীয় উদ্ভিদ। এই উদ্ভিদৰ পৰাই অসমীয়া জতুৱা ঠাঁচ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’ উদ্ভৱ হৈছে।
কোৱাভাতুৰি হাবিত উৎপন্ন হয়। ইয়াৰ লতাডালে ঠাল-ঠেঙুলি মেলি ওপৰলৈ বগুৱা বাই যায়।[1]
কোৱাভাতুৰিৰ ফুলবোৰ ৰঙচুৱা আৰু মজলীয়া আকাৰৰ হয়। ফুলবোৰ পুৰঠ হ’লে ৰংচঙীয়া ফলৰ উৎপত্তি হয়। এই ফলৰ ভিতৰ অংশ ক’লা-চানেকীয়া হয়। ফলবোৰ গছৰ ওপৰলৈ বগুৱা বাই যোৱা লতাডালৰ পৰা ওলমি ওলমি থাকে। পকা ফলবোৰ ৰঙা হয় আৰু পকা কেৰালাৰ দৰে মেল খাই যায়। তাৰ ভিতৰত থকা গুটিবোৰ মাটিত সৰু পৰিলে পুলি গজি সময়ত নতুন লতাৰ আৱিৰ্ভাৱ হয়।[1]
কোৱাভাতুৰিৰ ফলবোৰ বাহিৰফালে ৰংচঙীয়া আৰু ভিতৰভাগ ক’লা চানেকীয়া হয়। ইয়াৰ ফল খোৱাৰ উপযুক্ত নহয়। সেয়ে অসমীয়া সমাজত কোনো ধুনীয়া বস্তুত গুণৰ অভাৱ বুজাবলৈ ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি’ বুলি জতুৱা ঠাঁচ ব্যৱহাৰ কৰে।[1]