কৌমোদকী | |
---|---|
![]() সোঁহাতত গদা লৈ বিষ্ণু, খাজুৰাহো | |
দেৱনাগৰী | कौमोदकी |
সম্পৰ্ক | বৈষ্ণৱ |
হিন্দু পাঠ্য | মহাভাৰত |
কৌমোদকী (সংস্কৃত: कौमोदकी)[1] হিন্দুসকলৰ অন্যতম প্ৰধান দেৱতা বিষ্ণুৰ গদা।[2] বিষ্ণুক প্ৰায়ে চাৰিখন হাতৰ এখনত কৌমোদকী ধাৰণ কৰি থকা অৱস্থাত চিত্ৰিত কৰা হয়। লগতে তেওঁৰ আনকেইখন হাতত চক্ৰ, শংখ আৰু পদ্ম ধাৰণ কৰে। বিষ্ণুৰ কিছুসংখ্যক অৱতাৰৰ চিত্ৰণতো গদা দেখা পোৱা যায়।
'কৌমোদক' নামটো প্ৰথমে মহাভাৰতত পোৱা যায়। ই বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ সৈতে জড়িত। গদাক বিষ্ণুৰ প্ৰতিমূৰ্তিসমূহত প্ৰায় ২০০ খ্ৰীষ্টপূৰ্বৰ পৰাই দেখা যায়। কৌমোদকীৰ আকাৰ আৰু আকৃতিৰ চিত্ৰণ ভিন্ন হোৱা দেখা যায়। বিষ্ণুৰ গদা হিচাপে ইয়াত বাঁহী আৰু খণ্ড খণ্ডকৈ অধিক বিশদ আৰ্হিযুক্ত বৈশিষ্ট্য যোগ কৰা হৈছিল।
ক্কোনো কোনো সময়ত কৌমোদকীক বিষ্ণুৰ ভাস্কৰ্য্যত গদাদেৱী বা গদানাৰী নামেৰে পৰিচিত নাৰী হিচাপে মূৰ্তমান ৰূপ দিয়া দেখা যায়। এনেবোৰ সংস্কৰণত বিষ্ণুৱে কৌমোদকীৰ শিৰত এখন হাত থৈ দিয়া আৰু গদাদেৱীয়ে নিজেই গদাখন ধৰি থকা দেখা যায়। কেতিয়াবা গদানাৰীক গদাৰ পৰা ওলাই অহা দেখা যায় বা তেওঁৰ শিৰত/মুকুটত গদা খোদিত কৰা হয়।
গদাক আটাইতকৈ পুৰণি আৰু শক্তিশালী এবিধ অস্ত্ৰ হিচাপে গণ্য কৰা হয় আৰু ই বিষ্ণুৰ শক্তিৰ প্ৰতীক।
'কৌমোদকী'ৰ ব্যুৎপত্তি সম্পৰ্কে স্পষ্ট ধাৰণা পোৱা নাযায়। সংস্কৃত শব্দ কুমুদৰ (নীলা ভেঁটফুল বা নীলা পদুম) পৰাই ইয়াৰ নামৰ উৎপত্তি হৈছে বুলি এক মতবাদ প্ৰচলিত।[3][4] আন এটা তত্ত্বৰ মতে, বিষ্ণুৰ আন এটা নাম কৌমোদকৰ পৰা ইয়াৰ নাম লোৱা হ’ব পাৰে। কৌমোদকীৰ আক্ষৰিক প্ৰতিশব্দ হৈছে কৌমুদী, যাৰ অৰ্থ "পৃথিৱীৰ আনন্দ।" [4] বিষ্ণু পুৰাণৰ আধাৰত এলেন ডানিয়েল'ৱে কৌমোদকীক "মন মুৰ্চ্ছিতকাৰী" বুলি অনুবাদ কৰিছে।[5]
বিষ্ণুক সাধাৰণতে চতুৰ্ভুজ ৰূপত চিত্ৰিত কৰা হয় আৰু তেওঁ চাৰি হস্তত পাঞ্চজন্য শঙ্খ, সুদৰ্শন চক্ৰ, পদ্ম আৰু কৌমোদকী গদাক ধাৰণ কৰে।[3] বিষ্ণুৰ এটা জনপ্ৰিয় উপনাম হৈছে শংখ-চক্ৰ-গদা-পানি, অৰ্থাৎ যিজনে নিজৰ হাতত শঙ্খ, চক্ৰ, আৰু গদা ধাৰণ কৰে।[6] সাধাৰণতে বিষ্ণুৰ তলৰ বাওঁহাতত গদা থাকে। বিষ্ণুৰ অৱতাৰ মৎস্য, কুৰ্ম, বৰাহ, আৰু নৰসিংহৰ চিত্ৰণতো কেতিয়াবা হাতত গদা দেখা যায়।
প্ৰায় ২০০ খ্ৰীষ্টপূৰ্বৰ এতিয়ালৈকে উদ্ধাৰ হোৱা বিষ্ণুৰ আটাইতকৈ পুৰণি ভাস্কৰ্য্যত (মালহাৰ, ছত্তীশগড়) গদা দেখা পোৱা যায়।[3] মথুৰাৰ আশে-পাশে পোৱা কুশান যুগৰ (৩০–৩৭৫ খ্ৰীষ্টাব্দ) বিষ্ণুৰ প্ৰতিকৃতিত কান্ধত তুলি লোৱা অৱস্থাত সৰল এটা গদা দেখা যায়।[7] আন এক কুশান ভাস্কৰ্য্যত গদাটো উচ্চতাত বিষ্ণুৰ প্ৰায় সমান। ইয়াক দীঘল মুষলৰ দৰে চিত্ৰিত কৰা হৈছে।[8] ঝুসীত পোৱা একেধৰণৰ প্ৰতিকৃতিৰ লগতে পশ্চিম ভাৰতৰ আদিম প্ৰতিকৃতিসমূহত বিষ্ণুৱে ওপৰৰ সোঁহাতত গদা ধাৰণ কৰি থকা দেখা গৈছে।[7] গুপ্ত যুগৰ প্ৰতিকৃতিসমূহত বিষ্ণুৰ ওপৰৰ সোঁহাতখনত গদা ধাৰণ কৰা দেখা যায়।[9] পিছলৈ গদাক আন হাততো চিত্ৰিত কৰা হ’বলৈ ধৰিলে। বিষ্ণু প্ৰতিচ্ছবিৰ চৌবিশটা বিন্যাস লক্ষ্য কৰা হৈছে, য'ত শঙ্খ, চক্ৰ গদা আৰু পদ্মৰ ক্ৰম সলনি কৰা হৈছে।[10]
মধ্যযুগৰ শেষৰ ফালে বিশেষকৈ পাল ভাস্কৰ্য্যত (খ্ৰীষ্টপূৰ্ব অষ্টম–দ্বাদশ শতিকা) গদাৰ নালডালৰ আকাৰ বাঁহীলৈ পৰিৱৰ্তিত হয়, আৰু ওপৰৰ অংশটোৱে সুসজ্জিত ঘূৰণীয়া ৰূপ লয়। চালুক্য যুগৰ গদা "বেৰেল" আকৃতিৰগ। আনহাতে পল্লৱ যুগৰ গদা মোটোহা আৰু চোলসকলে খোদিত কৰা কৌমোদকী লাহী।[8]
মহাভাৰতত কৌমোদকীক বিজুলী-ঢেৰেকনিৰ দৰে শব্দ কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁ বহু দৈত্য বধ কৰিবলৈ সক্ষম আছিল। ইয়াক বিষ্ণু বা কৃষ্ণক সাগৰৰ দেৱতা বৰুণে প্ৰদান কৰিছিল।[3][4] পাণ্ডৱ ৰাজকুমাৰসকলক তেওঁলোকৰ ৰাজ্য নিৰ্মাণৰ বাবে খাণ্ডৱ বনাঞ্চল দিয়া হৈছিল। অগ্নিদেৱতা অগ্নিয়ে নিজৰ বদহজম ৰোগ নিৰাময়ৰ বাবে হাবিখন ভক্ষণ অৰ্থাৎ দাহ কৰিব বিচাৰিছিল। তেওঁ পাণ্ডৱ অৰ্জুন আৰু তেওঁৰ বন্ধু কৃষ্ণক সহায় কৰিবলৈ ক’লে, কিয়নো তেওঁ ভয় কৰিছিল যে দেৱতাৰ ৰজা আৰু অৰণ্যৰ ৰক্ষক ইন্দ্ৰই এই কাৰ্যত হস্তক্ষেপ কৰিব। অৰ্জুন আৰু কৃষ্ণই সন্মতি দিয়াত বৰুণে কৃষ্ণক সুদৰ্শন চক্ৰ আৰু কৌমোদকী গদা প্ৰদান কৰে।[11]