ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান | |
---|---|
ভাৰতৰ ত্ৰিপুৰাত অৱস্থিতি | |
অৱস্থান | ত্ৰিপুৰা, ভাৰত |
মাটিকালি | ৫.০৮ বৰ্গ কি.মি. (50,80,000 বৰ্গ মিটাৰ) |
প্ৰতিস্থা | ২০০৭ |
কৰ্তৃপক্ষ | ত্ৰিপুৰা ফৰেষ্ট ডেভেলপমেণ্ট এণ্ড প্লেণ্টেশ্যন কৰ্পোৰেশ্যন লিমিটেড |
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Clouded Leopard National Park) ভাৰতৰ ত্ৰিপুৰা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।[1][2] ই চিপাহীজলা বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্ভুক্ত। উদ্যানখন প্ৰায় ৫.০৮ বৰ্গ কিলোমিটাৰ (১.৯৬ বৰ্গমাইল) এলেকাজুৰি বিস্তৃত।[3] ই চচমা-চকুৱা বান্দৰকে ধৰি চাৰিটা ভিন্ন প্ৰজাতিৰ বান্দৰৰ বাসস্থান।[4]
ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান, ৰাজ্যখনৰ ৰাজধানী চহৰ আগৰতলাৰ পৰা ২৮ কিলোমিটাৰ দূৰৈত অৱস্থিত। উদ্যানখনৰ নিকটতম বিমানবন্দৰটো হʼল মহাৰাজ বীৰ বিক্ৰম বিমানবন্দৰ। উদ্যানখনৰ পৰা বিমানবন্দৰৰ দূৰত্ব প্ৰায় ৩৫ কিলোমিটাৰ।