হিন্দু ধৰ্মৰ ব্ৰহ্মাণ্ডৰ তত্ত্ব অনুযায়ী ক্ষীৰ সাগৰ (সংস্কৃত: क्षीर सागर) হৈছে পৃথিৱীত থকা সাতখন সাগৰৰ পঞ্চমখন সাগৰ। ই ক্ৰৌঞ্চ নামৰ মহাদ্বীপটোক আগুৰি আছে।[1] হিন্দু ধৰ্মৰ সাহিত্যসমূহত এই কথা উল্লেখ আছে যে দেৱতা আৰু অসুৰসকলে অমৃত আহৰণ কৰিবলৈ সহস্ৰ বছৰ ধৰি ক্ষীৰ সাগৰ মন্থন কৰিছিল।[2] পুৰাণসমূহত এই বিষয়ে বিতং বৰ্ণনা পোৱা যায়। ক্ষীৰ সাগৰত বিষ্ণু লক্ষ্মীৰ কাষত শেষনাগৰ ওপৰত শয়ন কৰি থাকে। [3]
হিন্দুধৰ্মৰ আখ্যানসমূহৰ মতে বিষ্ণুৰ পৰামৰ্শমতে দেৱতা আৰু অসুৰ একগোট হৈ অমৃত আহৰণৰ বাবে ক্ষিইৰ সাগৰ মন্থ কৰিছিল। এই কাৰ্যত মন্থন দণ্ডৰ বাবে মন্দৰ পৰ্বতৰ ব্যৱহাৰ কৰা হৈছিল। মন্থন জৰীৰ ভূমিকা পালন কৰিছিল নাগৰাজ বাসুকীয়ে। সমুদ্ৰত ডুব নোযোৱাকৈ মন্দৰ পৰ্বতক ধৰি ৰাখিবলৈ বিষ্ণুৱে কুৰ্ম অৱতাৰ ধাৰণ কৰিছিল। মন্থন কাৰ্যত প্ৰথমে হলাহল বিষৰ উৎপত্তি হয় আৰু শিৱই এই বিষ নিজৰ গলত ধাৰণ কৰি নীলকণ্ঠ নাম পায়। [4]
বাল্মিকীৰ ৰামায়ণ[5] আৰু ব্যাসদেৱৰ মহাভাৰততো সমুদ্ৰ মন্থনৰ বৰ্ণনা পোৱা যায়।[6]