ক্ৰিষ্টোফাৰ মাৰ্লো | |
---|---|
![]() প্ৰতিকৃতি | |
জন্ম | কেণ্টাৰবেৰি, ইংলেণ্ড |
মৃত্যু | ৩০ মে, ১৫৯৩ (ঊনত্ৰিছ বছৰ) |
পেচা | নাট্যকাৰ, কবি |
ৰাজনৈতিক আন্দোলন | ইংৰাজ নৱজাগৰণ |
স্বাক্ষৰ | |
![]() |
ক্ৰিষ্টোফাৰ মাৰ্লো (২৬ ফেব্ৰুৱাৰী ১৫৬৪-৩০ মে ১৫৯৩), যাক কিট মাৰ্লো বুলিও জনা যায়, এলিজাবেথ যুগৰ এজন ইংৰাজ নাট্যকাৰ, কবি আৰু অনুবাদক। সমকালীন নাট্যকাৰসকলৰ ভিতৰত মাৰ্লো আছিল আটাইতকৈ বিখ্যাত। তেওঁৰ নাটক Tamburlaine ৰ "many imitations" ক আধাৰ কৰি আধুনিক পণ্ডিতসকলে তেওঁক ৰহস্যময় অকাল মৃত্যুৰ ঠিক আগৰ বছৰবোৰত লণ্ডনৰ সৰ্বশ্ৰেষ্ঠ নাট্যকাৰ বুলি বিবেচনা কৰে। কিছুমান পণ্ডিতে এইটোও বিশ্বাস কৰে যে তেওঁ উইলিয়াম শ্বেইক্সপীয়েৰক যথেষ্ট প্ৰভাৱিত কৰিছিল, যি মাৰ্লোৰ সৈতে একেটা বছৰতে বেপ্তাইজ হৈছিল আৰু পিছলৈ তেওঁৰ উত্তৰাধিকাৰী হিচাপে এলিজাবেথ যুগৰ প্ৰধান নাট্যকাৰ হিচাপে পৰিগণিত হৈছিল॥[1]
নটা সন্তানৰ ভিতৰত দ্বিতীয় আৰু ১৫৬৯ চনত তেওঁৰ ভগ্নী মেৰীৰ মৃত্যুৰ পিছত আটাইতকৈ ডাঙৰ সন্তান ক্ৰিষ্টোফাৰ মাৰ্লো কেণ্টাৰবেৰিৰ জোতা নিৰ্মাতাজন মাৰ্লো আৰু তেওঁৰ পত্নী কেথৰিনৰ ঘৰত জন্ম হৈছিল।[2] ১৪ বছৰ বয়সলৈকে মাৰ্লো কেণ্টাৰবেৰীৰ দ্য কিংছ স্কুলৰ ছাত্ৰ আছিল আৰু দুবছৰৰ পিছত কেম্ব্ৰিজৰ কৰ্পাছ ক্ৰিষ্টি কলেজৰ ছাত্ৰ হৈছিলগৈ।[3] ১৫৮৪ চনত তেওঁ কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[4][5] স্কুলীয়া শিক্ষাৰ সময়তে মাৰ্লোৱে লেটিন ভাষাত পাৰদৰ্শিতা অৰ্জন কৰিছিল, তেতিয়াই তেওঁ অ'ভিডৰ ৰচনাসমূহ পঢ়িছিল আৰু অনুবাদ কৰিছিল।
১৫৮৪ চনত মঞ্চৰ অভিজ্ঞতাশূন্য তেইছ বছৰীয়া যুৱক মাৰ্লোৱে লণ্ডনৰ নাট্যপ্ৰেমীসকলক উপহাৰ দিয়ে প্ৰথমখন আলোড়নকাৰী নাটক Tamberlaine the Great -অৰ প্ৰথমটো খণ্ড। মাৰ্লোৰ এই প্ৰথম নাট্যকৰ্মত সকলো প্ৰতিষ্ঠিত নৈতিক প্ৰমূল্যক প্ৰত্যাহ্বান জনাই মানুহৰ সীমাহীন কামনা-বাসনা, দুৰ্দম্য ক্ষমতালিপ্সা, আনকি পৈশাচিক ৰক্তপিপাসা, মানৱবিদ্বেষ, ঈশ্বৰবিদ্বেষৰ দৰে প্ৰৱণতাসমূহকো মহিমামণ্ডিত কৰি উপস্থাপন কৰা হয়।[6] তাৰ কেইমাহমানৰ পাছতে নাটকখনৰ দ্বিতীয়টো খণ্ডৰ সাফল্যই প্ৰথমটোৰ সাফল্যকো চেৰাই গৈছিল। নাস্তিকতা, ধৰ্মদ্ৰোহ, সমকামিতা আদিৰ অভিযোগেৰে অভিযুক্ত মাৰ্লোৰ ব্যক্তিগত জীৱনৰ কুখ্যাতিসমূহেও এজন বিতৰ্কিত নাট্যকাৰ হিচাপে তেওঁৰ যশ বৃদ্ধিত আওপকীয়াকৈ অৰিহণা যোগাইছিল।[6] মাৰ্লোৰ আন এখন প্ৰখ্যাত নাটক The Tragical History of Doctor Faustus। জাৰ্মান কিংবদন্তী এটাৰ আধাৰত ৰচিত এই নাটকৰ মূল বিষয়বস্তু হ'ল জ্ঞান আৰু জ্ঞানসম্ভূত শক্তি বা ক্ষমতা আৰু সেই ক্ষমতাই সম্ভৱ কৰি তোলা ভোগ, ঐশ্বৰ্য্যৰ প্ৰতি থকা মানুহৰ সীমাহীন তৃষ্ণা। বিজ্ঞানৰ সীমাবদ্ধতাত অতৃপ্ত, অসন্তুষ্ট, নাটকৰ মুখ্য চৰিত্ৰ ফষ্টাছে নিজৰ আত্মাটোক চয়তানৰ ওচৰত বিক্ৰী কৰি দিয়ে, চৌব্বিছ বছৰৰ বাবে অসীম জ্ঞান আৰু ক্ষমতা উপভোগৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত। ফষ্টাছৰ এই আত্মঘাতী পদক্ষেপৰ মাজতো মাৰ্লোৱে আবিষ্কাৰ কৰিছিল নৱজাগৰণে শৃঙ্খলমুক্ত কৰা মানৱক, আৰু যিকোনো মূল্যৰ বিনিময়ত নিজৰ সীমাবদ্ধতাক অতিক্ৰম কৰাৰ উদগ্ৰ বাসনা।[6] মাৰ্লোৰ আন দুখন উল্লেখনীয় নাটক হ'ল The Jew of Malta আৰু Edward The Second।
মাৰ্লো গীতিকবি হিচাপেও প্ৰখ্যাত। তেওঁৰ নাটকসমূহেই এই কাব্যিক প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। তেখেতৰ কাব্য- কৃতিসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল Hero and Leander আৰু The Passionate Shepherd। নাটকৰ সাধাৰণ কলা-কৌশলৰ ক্ষেত্ৰত উল্লেখনীয়, বৰঙণি আগবঢ়াব নোৱাৰিলেও, অন্ততঃ অমিত্ৰাক্ষৰ ছন্দৰ (blank verse) সফল প্ৰয়োগৰ বাবেই ইংৰাজী নাটকৰ ইতিহাসত মাৰ্লোৰ নাম অবিস্মৰণীয় হৈ ৰ'ব।[6]