কৰম নাচ বা কৰম নৃত্য হৈছে প্ৰতি বছৰে কৰম উৎসৱৰ সময়ত পৰিবেশন কৰা মধ্য আৰু পূব ভাৰতৰ এক পৰম্পৰাগত নৃত্য। কৰম উৎসৱ হৈছে ভাদ মাহৰ শুক্ল পক্ষৰ একাদশীৰ পৰা আৰম্ভ হোৱা এটা শৰৎকালীন উৎসৱ। ইয়াক ছত্তীসগঢ়, ঝাড়খণ্ড, মধ্য প্ৰদেশ, ওড়িশা আৰু পশ্চিমবংগত উদ্যাপন কৰা হয়। কৰম বা কৰ্মৰ অৰ্থ হৈছে ‘ভাগ্য’।
কৰম দেৱতা নামেৰে জনাজাত ভাগ্য দেৱতাৰ পূজাৰ সময়ত এই লোক-নৃত্য পৰিবেশন কৰা হয়। মানুহে ভাগ্যৰ দেৱতাক শুভ আৰু অশুভৰ কাৰণ বুলি গণ্য কৰে।[1]
সাধাৰণতে ভাদ মাহৰ শুক্লা একাদশীত কৰম উৎসৱ পালন কৰা হয়। ঝাৰখণ্ডৰ কিছুমান অঞ্চলত নৱেম্বৰ মাহতো ইয়াক উদযাপন কৰা হৈছিল। অসমত ‘ৰঘু গছ’, ‘কদম গছ’ নামে জনাজাত বৈজ্ঞানিকভাৱে ন’ক্লিয়া পাৰ্ভিফ’লিয়া (Nauclea Parvifolia) বুলি নামকৰণ কৰা “কৰম গছ”জোপা হৈছে কৰম উৎসৱৰ কেন্দ্ৰবিন্দু। কৰম উৎসৱৰ প্ৰস্তুতি উৎসৱৰ প্ৰায় দহ-বাৰ দিন আগতেই আৰম্ভ হয়। ‘কৰমতী’ বুলি আখ্যা দিয়া গাভৰু সকলে টোপোলা বা পাচিত জাৱা বুলি কোৱা ধান, ঘেঁহু, মাটিমাহ, বুতমাহ আদি ন প্ৰকাৰৰ গঁজালি মেলা বীজ আনি সকলোৱে সিঁচি দিয়ে। তাৰ পিছত এই বীজবোৰৰ যতন লোৱা হয়।
কৰম উৎসৱৰ ৰাতিপুৱাৰতে মহিলাসকলে ঢেকী নামৰ কাঠৰ সঁজুলিটোত চাউল খুন্দে। এই চাউলৰ আটা ব্যৱহাৰ কৰি মিঠা বা নিমখীয়া স্থানীয় সুস্বাদু খাদ্য তৈয়াৰ কৰা হয় আৰু সমগ্ৰ চুবুৰীটোত ভাগ কৰি দিয়া হয়।
তাৰ পিছত লোকসকলে কাণত হালধীয়া ফুল এপাহ লৈ লোকাচাৰৰ সৈতে কৰম নৃত্য আৰম্ভ কৰে। নৃত্যৰ পিছত কৰম উৎসৱৰ কিংবদন্তি (কৰম (প্ৰকৃতি/দেৱতা/দেৱী)ৰ পূজাৰ আঁৰৰ কাহিনী) আবৃত্তি কৰাৰ পিছত সকলো পুৰুষ-মহিলাই সুৰা খাই গোটেই ৰাতিটো গান গাই নাচি কটায়; কৰম উৎসৱৰ এই অপৰিহাৰ্য গীত-নৃত্যই কৰম নাচ নামেৰে জনাজাত।
নাৰীসকলে ঢোল আৰু লোকগীতৰ তালত কৰম নৃত্য কৰে। পূজাৰ পিছত সামূহিক ভোজ আৰু হৰিয়া (স্থানীয় সুৰা) খোৱা হয়।[2]
কৰম নৃত্যৰ কেইবাটাও প্ৰকাৰ পোৱা যায়, ইয়াৰ ভিতৰত একতাৰিয়া, লহকী, সিৰকি আদি উল্লেখযোগ্য।[3] এই নৃত্যত পুৰুষ আৰু নাৰী উভয়েই অংশগ্ৰহণ কৰে।
‘কৰম ছানি’ বা ‘কৰম ৰাণী’ দেৱীৰ আৰাধনাৰ বাবে কৰম নাচ কৰা হয়। কৰম ছানিৰ যাৰ আক্ষৰিক অৰ্থ হৈছে ‘ভাগ্যৰ ৰাণী’। ময়ূৰভঞ্জ, সুন্দৰগড়, বোলাংগীৰ আৰু ঢেংকেনাল জিলাত এই নৃত্য অতি জনপ্ৰিয়। ভাৰতৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন জনজাতীয় সম্প্ৰদায়ে বিভিন্ন ধৰণেৰে কৰম নৃত্য পৰিৱেশন কৰে। কিছুমান অঞ্চলত ভাদ মাহত কৰম গছৰ এটা ডাল কাটি আনুষ্ঠানিকভাৱে শোভাযাত্ৰা কৰি নৃত্য ক্ষেত্ৰলৈ লৈ যোৱা হয়। ডালটো ৰোপণ কৰি যুৱক-যুৱতীসকলে ঢোলৰ তালত তাৰ চাৰিওফালে নাচি থাকে। মহিলাসকলে সমকেন্দ্ৰিক বৃত্তত নাচে আৰু পুৰুষসকলে বৈশিষ্ট্যপূৰ্ণ খোজৰ ছন্দৰে নৃত্য কৰে। আন কিছুমান অঞ্চলত কৰম গছৰ এটা ডাল কৰম নৃত্যশিল্পীসকলে কঢ়িয়াই লৈ ফুৰে আৰু গান গাই নাচি থকাৰ সময়ত তেওঁলোকৰ মাজত পাৰ কৰি নিয়ে। এই ডালটো গাখীৰ আৰু চাউলৰ পৰা প্ৰস্তুত কৰা স্থানীয় সুৰাৰে ধুই লোৱা হয়।[4] নৃত্যৰ মাজতে কৰম গছৰ ডালটো ওপৰলৈ তুলি দিয়া হয়। নৃত্য-গীতৰ লগত থলুৱা ছন্দময় আৰু সুৰীয়া বাদ্যযন্ত্ৰ বজোৱা হয়।[2]
মহিলাসকলে বিভিন্ন গহনাৰ সৈতে উজ্জ্বল ৰঙৰ শাৰী পিন্ধে আৰু পুৰুষসকলে জিলিকি থকা নীলা ময়ুৰৰ পাখিৰে সজোৱা ৰঙীন পাগুৰি পিন্ধে।[2]