কৰিমুল হক | |
---|---|
![]() | |
জন্ম | কৰিমুল হল পশ্চিমবঙ্গ, ভাৰত |
পেচা | সমাজ সেৱা |
সক্ৰিয় হৈ থকা সময় | ১৯৯৮ চনৰ পৰা বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | আঞ্জুয়া বেগম |
বঁটা, সন্মান, পুৰস্কাৰ আদি | পদ্মশ্ৰী বঁটা (২০১৭) |
কৰিমুল হক (ইংৰাজী: Karimul Haque) পশ্চিমবঙ্গৰ চাহবাগিছাৰ এজন কৰ্মচাৰী। স্থানীয়ভাবে তেওঁ বাইক-এম্বুলেঞ্চ-দাদা নামেৰেও জনাজাত। ধলাবাৰী আৰু ইয়াৰ কাষৰীয়া গাঁওসমূহৰ ৰুগীয়া লোকসকলক মটৰচাইকেল এম্বুলেঞ্চেৰে হাস্পাতাললৈ কঢ়িয়াই নিয়া এই লোকজনক তেওঁৰ সামাজিক কৰ্মৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা আগবঢ়াইছে।[1]
১৯৯৫ চনত হকে তেওঁৰ গুৰুতৰভাবে অসুস্থ হৈ পৰা মাকক চিকিৎসাৰ বাবে হাস্পাতাললৈ নিবলৈ ঘৰেঘৰে সহায় বিচাৰি ফুৰিছিল। কিন্তু তেওঁ মাকক কঢ়িয়াই নিবলৈ এখন এম্বুলেঞ্চৰ যোগাৰ কৰিব নোৱাৰিলে। ফলস্বৰূপে হৃদয়ৰোগত আক্ৰান্ত হৈ তেওঁৰ মাতৃৰ ঘৰতে মৃত্যু হ'ল। মাতৃৰ মৃত্যু অসহায় হৈ চাই থাকিবলগীয়া হোৱা হকে এম্বুলেঞ্চৰ অভাৱত আৰু যাতে কাৰো মৃত্যু নহয় তাৰবাবে পণ ল'লে [2]
এজন সহকৰ্মী পথাৰৰ মাজত অচেতন হৈ বাগৰি পৰাত এই মটৰবাইক এম্বুলেঞ্চৰ ধাৰণাটো হকৰ মনলৈ আহিছিল। সহকৰ্মীজন পৰি ৰোৱা ঠাইখিনিলৈ কোনো সাধাৰণ জোখৰ এম্বুলেঞ্চ নোযোৱাত হকে তেওঁক পিঠিত বান্ধি বাইকৰ পিছৰ আসনত বহুৱাই পঞ্চাচ কিলোমিটাৰ দূৰৰ জলপাইগুৰি সদৰ হাস্পাতাললৈ লৈ গ'ল। সহকৰ্মীজন বাচি যোৱাত হকে ভৱিষ্যতেও এই কাৰ্য চলাই যোৱাৰ অনুপ্ৰেৰণা লাভ কৰিলে।[1]
১৯৯৮ চনৰ পৰা হকে পশ্চিমবঙ্গৰ দুৱাৰ্চ বেল্টৰ ধলাবাৰী আৰু ইয়াৰ চৌপাশৰ বিশখন গাঁৱৰ গাঁওবাসীলৈ.এম্বুলেঞ্চ সেৱা আগবঢ়াইছে,[3] য'ত ৰাস্তা-ঘাট, বিদ্যুৎ আদি প্ৰাথমিক সা-সুবিধাসমূহৰ অৱস্থা তেনেই তথৈবচ। ওচৰৰ হাস্পাতালখনো ৪৫কিলোমিটাৰ দূৰৈত। ২০১৭ চনৰ জানুৱাৰীলৈ তেওঁ ৩০০০তকৈয়ো বেছি ৰোগী বিনামূলীয়াকৈ কঢ়িয়াইছে।
এম্বুলেঞ্চ সেৱাৰ উপৰিও স্থানীয় চিকিৎসকৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ গাঁওবাসীক প্ৰাথমিক চিকিৎসাও আগবঢ়ায়। তেওঁ জনজাতীয় অঞ্চলত নিয়মীয়াকৈ স্বাস্থ্য-শিৱিৰৰো আয়োজন কৰে।[4]
হক মালবাজাৰৰ ৰাজাদাঙ্গাৰ এজন বাসিন্দা। তেওঁ পত্নী আঞ্জুয়া বেগম, দুই পুত্ৰ ৰাজেশ আৰু ৰাজু আৰু দুই পুত্ৰবধূৰ সৈতে বাস কৰে। ৰাজাদাঙ্গাত থকা তেওঁৰ পুত্ৰহঁতৰ পানৰ দোকান আৰু মোবাইল মেৰামতিৰ দোকানৰ আয়েৰে সংসাৰ চলে। হকৰ উপাৰ্জনৰ আধাতকৈও বেছি ধন বাইক এম্বলেঞ্চৰ ইন্ধন আৰু দুখীয়া ৰোগীসকলক ঔষধ কিনি দিওঁতে খৰচ হয়।[5]
হকে আগবঢ়োৱা নিস্বাৰ্থ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০১৭ চনৰ গণতন্ত্ৰ দিৱসত দেশখনৰ চতুৰ্থ অসমাৰিক সেৱা পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।[6]