কৰ্ণম মালেশ্বৰী | |
---|---|
![]() | |
ব্যক্তিগত তথ্যাৱলী | |
সম্পূৰ্ণ নাম | কৰ্ণম মালেশ্বৰী |
জন্ম | ১ জুন, ১৯৭৫ (৪৯ বছৰ) আমাডালাভালাছা, অন্ধ্ৰ প্ৰদেশ, ভাৰত |
উচ্চতা | ১৬৩ ছেঃমিঃ |
ক্ৰীড়া | |
দেশ | ভাৰত |
ক্ৰীড়া | ভাৰোত্তলন |
প্ৰশিক্ষক | লিয়নইড টাৰেংক[1] |
কৰ্ণম মালেশ্বৰী (ইংৰাজী: Karnam Malleswari; জন্ম ১ জুন ১৯৭৫) এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আদিত পদক লাভ কৰা কৰ্ণম মালেশ্বৰীক ভাৰত চৰকাৰে ১৯৯৫ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল।[2] ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3]
১৯৭৫ চনৰ ১ জুন তাৰিখে অন্ধ্ৰ প্ৰদেশৰ ভুচাবাণীপেটাত কৰ্ণম মালেশ্বৰীৰ জন্ম হৈছিল।[4] তেওঁলোক চাৰি গৰাকী ভনীয়েক আটাইকেইগৰাকী ভাৰত্তোলনৰ প্ৰশিক্ষণ প্ৰাপ্ত। ১২ বছৰ বয়সতে তেওঁ নীলমচেট্টী অপ্পান্নাৰ ওচৰত ভাৰোত্তলনৰ প্ৰশিক্ষণ লৈছিল।[5]
তেওঁ তেওঁৰ ভনীয়েকৰ লগত দিল্লীলৈ আহে। তাত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে তেওঁৰ প্ৰতিভাৰ উমান পায়। ১৯৯০ চনত তেওঁ ৰাষ্ট্ৰীয় চাউনিত অংশগ্ৰহণ কৰে। ইয়াৰ চাৰিবছৰ পিছত তেওঁ ৫৪ কেজি শিতানৰ বিশ্বচেম্পিয়নৰ খিতাপ দখল কৰে।[6]
কৰ্ণম মালেশ্বৰীয়ে ১৯৯৪ আৰু ১৯৯৫ চনৰ ভাৰোত্তলনৰ বিশ্ব চেম্পিয়ন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল আৰু ১৯৯৩ আৰু ১৯৯৬ চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।
১৯৯৫ চনত কোৰিয়াত অনুষ্ঠিত ভাৰোত্তলনৰ এছিয়ান চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ ৫৪ কেজি শাখাত সোণৰ পদক লাভ কৰিছিল। ১৯৯৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত তেওঁ ১১৩ কেজি ভাৰোত্তলন কৰি ৰেকৰ্ড বনাইছিল। অলিম্পিকত পদক অৰ্জন কৰাৰ আগতেই তেওঁ দুবাৰ বিশ্ব চেম্পিয়ন আৰু ১১টা সোণৰ পদকৰ সৈতে ২৯টা আন্তৰ্জাতিক পদক লাভ কৰিছিল।[7].
২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত অলিম্পিক খেলত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলাত পৰিগণিত হয়।[8] তেওঁ অলিম্পিকৰ ভাৰোত্তলনত পদক লাভ কৰা প্ৰথম আৰু একমাত্ৰ ভাৰতীয় মহিলা।
বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা কৰ্ণম মালেশ্বৰীয়ে ১৯৯৪ চনত অৰ্জুন বঁটা, ১৯৯৫ চনত ৰাজীৱ গান্ধী খেলৰত্ন বঁটা আৰু ১৯৯৯ চনত পদ্মশ্ৰী লাভ কৰিছিল।[9][10]
১৯৯৭ চনত তেওঁ ভাৰোত্তোলক ৰাজেশ ত্যাগীৰ লগত বিবাহপাশত আৱদ্ধ হয়। ২০০১ চনত তেওঁলোকৰ এজন পুত্ৰ সন্তান জন্ম হয়। তেওঁ ২০০২ চনৰ কমনৱেলথ গেমছত যোগদান কৰিবলৈ বিচাৰিছিল যদিও পিতৃ বিয়োগৰ বাবে তেওঁ ইয়াত যোগদান কৰিব নোৱাৰিলে। ২০০৪ চনৰ অলিম্পিকত খেলাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰাৰ বাবে তেওঁ খেলুৱৈ জীৱনৰ পৰা অব্যাহতি লয়।[1][11] তেওঁ বৰ্তমান যমুনানগৰত বাস কৰে আৰু ভাৰতীয় খাদ্য নিগমৰ মুখ্য সাধাৰণ ব্যৱস্থাপক হিচাপে কাম কৰে।
|