ক’লা নুনী | |
---|---|
![]() | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন ![]() | |
Unrecognized taxon (ঠিক কৰক): | Morus |
প্ৰজাতি: | M. nigra |
দ্বৈৰাশিক নামকৰণ | |
Morus nigra L. |
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত | |
---|---|
শক্তি | 180 কিলোজুল (43 কিলোকেলৰি) |
শৰ্কৰাসমূহ | 9.8 g |
- চেনি | 8.1 |
- খাদ্য আঁহ | 1.7 g |
চৰ্বী | ০.০৯ গ্ৰাম |
- সংপৃক্ত | ০.২৭ গ্ৰাম |
- একসংপৃক্ত | ০.০৪১ গ্ৰাম |
- বহুসংপৃক্ত | ০.২০৭ গ্ৰাম |
প্ৰ’টিন | ১.৪৪ গ্ৰাম |
ভিটামিন এ সমতুল্য | 1 μg (0%) |
ভিটামিন এ | 25 IU |
থায়েমিন (ভিটামিন বি১) | 0.029 mg (3%) |
Rৰাইবফ্লভিন (ভিটামিন বি২) | 0.101 mg (8%) |
নিয়াচিন (ভিটামিন বি৩) | 0.62 mg (4%) |
ভিটামিন বি৬ | 0.05 mg (4%) |
ফলেট (ভিটামিন বি৯) | 6 μg (2%) |
চলিন | 12.3 mg (3%) |
ভিটামিন চি | 36.4 mg (44%) |
ভিটামিন ই | 0.87 mg (6%) |
ভিটামিন কে | 7.8 μg (7%) |
কেলচিয়াম | 39 mg (4%) |
লো | 1.85 mg (14%) |
মেগনেছিয়াম | 18 mg (5%) |
ফছফ’ৰাছ | 38 mg (5%) |
পটাছিয়াম | 194 mg (4%) |
ছডিয়াম | 10 mg (1%) |
জিংক | 0.12 mg (1%) |
Link to USDA Database entry শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে। উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ |
ক’লা নুনী (ইংৰাজী: black mulberry, বৈজ্ঞানিক নাম : Morus nigra)[1][2] Moraceae পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ। ই দক্ষিণ এচিয়া আৰু আইবেৰিয়ান উপদ্বীপৰ থলুৱা উদ্ভিদ। এই দুই স্থানত ইমানেই প্ৰাচীন কালৰ পৰা ক’লা নুনীৰ খেতি কৰা হয় যে ইয়াৰ সঠিক প্ৰাকৃতিক সময় নিৰূপণ কৰাটো কঠিন।[3] ক’লা নুনী ইয়াৰ বহুসংখ্যক ক্ৰ’মজমৰ বাবে জনাজাত।
ক'লা নুনীৰ উৎপত্তি মেচপটেমিয়া আৰু পাৰস্যৰ পাহাৰীয়া অঞ্চলত (অৰ্থাৎ আৰ্মেনিয়ান উচ্চভূমি) হোৱা বুলি ভবা হয়। ইউক্ৰেইনকে ধৰি ইউৰোপৰ বহু অংশত পশ্চিমে আৰু পূবে চীনলৈকে ক'লা নুনী ৰোপণ কৰা হয় আৰু প্ৰায়ে প্ৰাকৃতিককৰণ কৰা হয়। বৰ্তমান সমগ্ৰ আৰ্মেনিয়া, আফগানিস্তান, ইৰাক, ইৰাণ, ভাৰত, পাকিস্তান, ছিৰিয়া, লেবানন, জৰ্ডান, পেলেষ্টাইন, ইজৰাইল, তুৰস্কত ই ব্যাপকভাৱে বিয়পি পৰিছে।
ক’লা নুনীৰ ফল খোৱাৰ উপযোগী[4] আৰু সেয়ে ইয়াৰ খেতি বহুদিনৰ পৰাই হৈ আহিছে। গছ আৰু ফল দুয়োটাকে পাৰ্চী ভাষাৰ পৰা উৎপন্ন টুট (নুনী) বা শ্বাহতুট (ৰজাৰ বা "উচ্চ" নুনী), বা আৰবী ভাষাত শ্বজাৰত টুক্কি নামেৰে জনা যায়। এই অঞ্চলত ফলৰ পৰা জাম আৰু চৰবেট তৈয়াৰ কৰা হয়। ৰেচম পলুৰ বাবে উপযোগী হ’ব বুলি আশা কৰি ১৭ শতিকাত ব্ৰিটেইনলৈ ক’লা নুনী আমদানি কৰা হৈছিল। সেই উদ্যোগটোত ই সফল নহ’ল কাৰণ ৰেচমৰ পলুৱে বগা নুনীহে বেছি পছন্দ কৰে। ইয়াক ২০১৩ চনত খৰৰ চিকিৎসাত বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল।