ক’হিমাৰ যুদ্ধ | |||||||
---|---|---|---|---|---|---|---|
the Burma Campaign of the Second World Warৰ অংশ | |||||||
IND 003698 Garrison Hill Kohima.jpg ক’হিমাত ব্ৰিটিছৰ প্ৰতিৰক্ষাৰ এক গুৰুত্বপূৰ্ণ স্থান গেৰিছন পাহাৰৰ যুদ্ধক্ষেত্ৰ |
|||||||
|
|||||||
যুজাৰু | |||||||
![]() | ![]() |
||||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||||
![]() | ![]() |
||||||
সৈন্য শক্তি | |||||||
at start: approx. 1 Infantry Brigade 1500 men fit for duty at end: 2 Infantry Divisions 1 "Chindit" Brigade 1 Motor Brigade | 1 Infantry Division: 12,000–15,000 [1] | ||||||
ক্ষয়ক্ষতিৰ পৰিমাণ | |||||||
4,064[2] | 5,764–7,000,[2] mainly from starvation and disease[3][4] |
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
ক’হিমাৰ যুদ্ধ (Battle of Kohima) ১৯৪৪ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানীসেনাৰ (Japanese U Go offensive) ভাৰতৰ সৈতে যুদ্ধৰ এক গুৰুত্বপূৰ্ণ যুদ্ধ৷ ১৯৪৪ চনত উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ক’হিমাত ৪ এপ্ৰিলৰ পৰা ২২ জুনলৈকে তিনিটা পৰ্য্যায়ত এই যুদ্ধখন সংঘটিত হৈছিল৷ ৩ এপ্ৰিলৰ পৰা ১৬ এপ্ৰিললৈকে জাপানী সেনাই ক’হিমা পাহাৰ (Kohima ridge) দখল কৰিবলৈ চেষ্টা কৰে৷ এই পাহাৰত থকা পথেৰেই ইম্ফলত থকা ভাৰতীয় আৰু ব্ৰিটিছ সৈন্যবাহিনীলৈ ৰছদ-পাতি পঠিওৱা হৈছিল৷ ১৮ এপ্ৰিলৰ পৰা তেৰ’ মে’ৰ ভিতৰত নতুনকৈ অহা ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যবাহিনীয়ে ইতিমধ্যে জাপানী সৈন্যই দখল কৰা ঠাইসমূহৰ পৰা ওফৰাবলৈ প্ৰতি আক্ৰমণ আৰম্ভ কৰে৷ জাপানী সৈন্যই ক’হিমা পাহাৰৰ পৰা পিছহুহুকিবলৈ বাধ্য হয় কিন্তু ক’হিমা-ইম্ফল বাটটো ভেটি ৰাখে৷ ১৬ মে’ৰ পৰা ২২ জুনলৈ ব্ৰিটিছ আৰু ভাৰতীয় সেনাই অধিক পৰাক্ৰমেৰে জাপানী সৈন্যক বাধা দি বাটটো মুকলি কৰিবলৈ সক্ষম হয়৷ ২২ জুনৰ দিনা ক’হিমা আৰু ইম্ফলৰ পৰা ব্ৰিটিছ আৰু ভাৰতীয় সৈন্যবাহিনীয়ে ১০৯ নং মাইলষ্ট’ন পোৱাৰ পিছতে এই যুদ্ধৰ অৱসান ঘটে৷
ক’হিমা যুদ্ধক প্ৰায়ে ’পূবৰ ষ্টেলিনগ্ৰেড’ ("Stalingrad of the East") বুলি অভিহিত কৰা হয়৷[5][6] ২০১৩ চনত ব্ৰিটিছ নেশ্যনেল আৰ্মি সংগ্ৰহালয়ে (National Army Museum) ক’হিমাৰ যুদ্ধক ’ব্ৰিটেইনৰ সৰ্বশ্ৰেষ্ঠ যুদ্ধ’ ("Britain's Greatest Battle") বুলি আখ্যা দিয়ে৷[7]
জাপানৰ ভাৰত আক্ৰমণ (ক’ড নাম: অপাৰেশ্যন U-Go), মণিপুৰৰ ইম্ফলত বাহৰ পাতি থকা ব্ৰিটিছ সৈন্য (British IV Corps) কৰা আক্ৰমণ আছিল৷ এই যুদ্ধৰ মূল উদেশ্য আছিল মিত্ৰপক্ষৰ আক্ৰমণৰ পৰিকল্পনাসমূহত যতি পেলোৱা৷ জাপানৰ পোন্ধৰতম সৈন্যবাহিনী (Japanese Fifteenth Army) ৰ কমাণ্ডাৰ জেনেৰেল ৰেনিয়া মোটাগুচ্চি (Lieutenant General Renya Mutaguchi) এই পৰিকল্পনাকে বিকাশ কৰি ভাৰত আক্ৰমণ কৰি ব্ৰিটিছ শাসনকে ওফৰোৱাৰ সিদ্ধান্ত লয়৷[8][Note 1] জাপানী সৈন্যই ভাৰতৰ ভূমিত নিজৰ দখল আনিব পাৰিলে জাপানী সৈন্যই ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক উৎসাহিত কৰাৰো পৰিকল্পনা আছিল৷[10] তাৰোপৰি ইম্ফলৰ চাৰিওকাষৰ ঠাইসমূহ জাপানে দখল কৰিলে আমেৰিকাই সেইসময়ত চীনৰ চিয়াং চাই শ্বেক (Chiang Kai Shek) ৰ সৈন্যক দি থকা সাহায্যটো বাধা পৰিলহেঁতেন[11][12] এই যুক্তিসমূহেৰে সকলো বিভাগতে পতিয়ন নিয়াই ভাৰত আক্ৰমণ কৰাৰ সিদ্ধান্ত ১৯৪৪ চনৰ ৭ জানুৱাৰীৰ দিনা ইম্পেৰিয়েল জেনেৰেল হেডকোৱাৰ্টাৰ (Imperial General Headquarters) ত গৃহীত হয়৷[13]
এই পৰিকল্পনাৰ এটা অংশ আছিল জাপানী ৩১ম ডিভিজনৰ সৈন্যবাহিনী (৫৮ নং ৰেজিমেন্ট, ১২৪ নং ৰেজিমেন্ট, ১৩৮ নং ৰেজিমেন্ট আৰু ৩১ম মাউন্টেইন আৰ্টিলেৰী ৰেজিমেন্টেৰে গঠিত) ক ক’হিমা দখল কৰিবলৈ পঠোৱা আৰু ইম্ফলৰ সৈতে যোগাযোগ বিছিন্ন কৰি দিয়া৷ মোটাগুচ্চিয়ে ব্ৰহ্মপুত্ৰ উপত্যকাৰ সেইসময়ৰ মূল পৰিচালনা কেন্দ্ৰ ডিমাপুৰলৈকে ৩১ম ডিভিজনক পঠিয়াই ক’হিমা বিজয়ৰ সুবিধা লোৱাৰো পৰিকল্পনা কৰে৷[14]
৩১ম ডিভিজনৰ কমাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ক’ট’কো চাটু (Kotoku Sato) য়ে তেওঁক দিয়া ভূমিকাক লৈ সন্তুষ্ট হ’ব পৰা নাছিল৷ তেওঁ পৰিকল্পনাৰ পৰ্য্যা্যত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হোৱা নাছিল আৰু ক’হিমা বিজয় সম্পৰ্কে তেওঁ সন্দিহানো আছিল৷ তেওঁ ইতিমধ্যে সৈন্যবাহিনীক কৈছিল যে তেওঁলোক সকলো ভোকাতুৰ হৈ মৃত্যমুখত পৰাৰ সম্ভাৱনাই অধিক৷[15] চাটুৰ লগতে ভালেসংখ্যক জাপানী বিষয়াৰ মোটাগুচ্চিক লৈ ভাল ভাৱ নাছিল৷ [16]
The War Cemetery in Kohima of 1,420 Allied war dead is maintained by the Commonwealth War Graves Commission.[17] The cemetery lies on the slopes of Garrison Hill, in what was once the Deputy Commissioner's tennis court.[18] The epitaph carved on the memorial of the 2nd British Division in the cemetery has become world-famous as the Kohima Epitaph. It reads:[19][20]
When you go home, tell them of us and say,
For your tomorrow, we gave our today
The verse is attributed to John Maxwell Edmonds (1875–1958), and is thought to have been inspired by the epitaph written by Simonides to honour the Spartans who fell at the Battle of Thermopylae in 480 BC.[20][21]