থাইলেণ্ডৰ বেংককত খাও চেৰ পৰিৱেশন | |
উৎপত্তিৰ স্থান | মধ্য থাইলেণ্ড (মন লোকসকলৰ ৰন্ধন প্ৰকৰণৰ পৰা আহৰণ কৰা) |
---|---|
অনুৰূপ ব্যঞ্জন | পঁইতা ভাত |
খাও চে (থাই: ข้าวแช่) হৈছে 'শীতল পানীত তিয়াই ৰখা চাউল'। খাও শব্দৰ অৰ্থ হৈছে চাউল আৰু চে শব্দৰ অৰ্থ 'তিয়াই ৰখা'।[1] ৰজা দ্বিতীয় ৰামৰ সময়ত এই ৰন্ধন প্ৰকৰণটো এবিধ মন খাদ্যৰ পৰা অভিযোজিত কৰা হৈছিল আৰু পৰৱৰ্তী কালত ইয়াৰ সংশোধন কৰা হৈছিল। ইয়াক গ্ৰীষ্মকালত অৰ্থাৎ মাৰ্চৰ মাজভাগৰ পৰা এপ্ৰিলৰ শেষলৈ প্ৰস্তুত কৰা আৰু খোৱা হৈছিল। সেই সময়ত থাইলেণ্ডত বৰফ উপলব্ধ নাছিল। সেয়েহে গৰমৰ দিনত ছাঁ পৰা ঠাইত মাটিৰ পাত্ৰত পানী ৰাখি শীতল কৰি ৰখা হৈছিল। কিছুমান পুৰণি ৰন্ধন প্ৰকৰণত খাও চেক শীতল কৰিবৰ বাবে কৰ্পূৰৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে।
মন লোকসকলে তেওঁলোকৰ থাই নৱবৰ্ষৰ অংশ চংক্ৰান (থিংয়ান) উৎসৱৰ সময়ত এই খাদ্যবিধ প্ৰস্তুত কৰে। বাৰ্মিজ ভাষাত ই থিংয়ান চাউল নামেৰে পৰিচিত। ৰজা দ্বিতীয় ৰামৰ শাসনকালত থাইলেণ্ডৰ সৈতে খাও চেৰ পৰিচয় হওঁতে ইয়াক 'ৰাজকীয় ৰন্ধনপ্ৰণালী' বুলি গণ্য কৰা হৈছিল আৰু ই সৰ্বসাধাৰণৰ বাবে উপলব্ধ নাছিল। বেংককৰ এটা প্ৰাসাদত ডাঙৰ-দীঘল হোৱা থাই চেলিব্ৰিটি চেফ মেকডাঙৰ মতে খাও চে হৈছে "একমাত্ৰ থাই ব্যঞ্জন যাক সঁচাকৈয়ে 'ৰাজকীয় থাই ৰন্ধনপ্ৰণালী' বুলি গণ্য কৰিব পাৰি।" [2]
বেংককৰ কিছুমান দাঁতিকাষৰীয়া অঞ্চল যেনে গণতন্ত্ৰ স্মৃতিস্তম্ভৰ ওচৰৰ বাংলামপু আৰু ডিনচো ৰোডত খাও চে পোৱা যায়। এই দুয়োখন ঠাই ফ্ৰা নাখোন জিলাত অৱস্থিত।[3][4]
খাও চে প্ৰস্তুত কৰা কামটো সহজ নহয়। সাধাৰণ জেচমিন চাউল অত্যধিক নৰম হোৱাৰ বাবে কিছু কঠিন খাও তা হেং নামৰ চাউলবিধ ব্যৱহাৰ কৰা হয়। ইয়াক প্ৰথমে স্বাভাৱিক ধৰণে ৰন্ধা হয় আৰু তাৰ পিছত ঝাজৰি বা বিন্ধা থকা এটা পাত্ৰত ৰখা হয়। ইয়াৰ পিছত অতিৰিক্ত শ্বেতসাৰ আঁতৰাবলৈ ইয়াক কেইবাবাৰো পানীৰ তলত ধোৱা হয়।
ইয়াৰ পিছত প্ৰয়োজন হোৱা এক বিশেষ উপাদান হৈছে ফুলৰ সুগন্ধিযুক্ত পানী। এটা ডাঙৰ পাত্ৰ পানীৰে আধা পূৰ কৰি তাত এমুঠি বা দুমুঠি সতেজ জেচমিন ফুল দিয়া হয়। তাৰ পিছত পানীৰ ওপৰত এডাল সৰু ফুলৰ সুগন্ধিযুক্ত মমবাতি জ্বলাই ভাঁহিবলৈ দিয়া হয় আৰু পাত্ৰটো ঢাকনিৰে ঢাকি ১৫ মিনিটৰ বাবে ঢাকি ৰখা হয়। তাৰ পিছত অধিক ফুল আৰু ভিন্ন সুবাসৰ আন এডাল মমবাতি জ্বলাই পুনৰ ১৫ মিনিটৰ বাবে এৰি দিয়া হয়। তৃতীয়বাৰৰ বাবেও একেই প্ৰণালী অৱলম্বন কৰা হয়। ইয়াৰ ফলত মমবাতিৰ পৰা সুগন্ধি আৰু জেচমিনৰ পৰা প্ৰাকৃতিক তেল পানীত প্ৰৱেশ কৰে। ইয়াৰ পিছত আগতীয়াকৈ সিজাই ৰখা চাউলখিনিত সুগন্ধি পানী প্ৰচুৰ পৰিমাণে ছটিয়াই দিয়া হয়। পাতল কপাহী কাপোৰ এখনেৰে চাউলখিনি মেৰিয়াই ইয়াৰ মূৰকেইটা একেলগে পাক দি টানকৈ টোপোলা আকাৰে শীৰ্ষত গাঁঠি দি বন্ধা হয় যাতে চাউলখিনি ফুলি নাযায়। উতলা পানীৰ ওপৰত ভাপ দিয়ক। পৰিৱেশন কৰাৰ সময়ত চাউলৰ কিছু অংশ এটা বাটিত দি অধিক সুগন্ধি পানী দিয়াৰ লগতে আৰু কেইটামান সৰু বৰফৰ টুকুৰা আৰু ফুল যোগ দিয়া হয়।[5]
খাও চেৰ সৈতে খোৱা ব্যঞ্জনসমূহে খাদ্যবিধক অনন্য মাত্ৰা দিয়ে।[2] ইয়াৰ ৰন্ধনপ্ৰণালী[6] ভিন্ন হয় যদিও প্ৰয়োজনীয় উপকৰণসমূহ একেই থাকে।
বেংককৰ একোখন প্ৰসিদ্ধ ৰেষ্টুৰেণ্টত খাও চে অৰ্ডাৰ কৰিলে সাধাৰণতে লগত নিম্নলিখিত ব্যঞ্জনবোৰ পৰিৱেশন কৰা হয়:[7]